বিদেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন । ভাৰত আৰু বিদেশৰ নেতা আৰু বিশিষ্ট ব্যক্তিসকলে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । বিশেষকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিআ মেলোনি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ শুভেচ্ছাই ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী স্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এই শুভেচ্ছা সমূহে কেৱল ব্যক্তিগত স্নেহ প্ৰকাশ কৰাই নহয় ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে ।
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে । এক্সত নৰেন্দ্ৰ মোদীৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰি লিখিছে, “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭৫ সংখ্যক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছো । আপোনাৰ শক্তি, দৃঢ়তা আৰু লাখ লাখ লোকক নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰেৰণাৰ উৎস । বন্ধুত্ব আৰু সন্মানৰ সৈতে আপোনাৰ স্বাস্থ্য আৰু শক্তিৰ কামনা কৰিলোঁ যাতে আপুনি ভাৰতক উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব পাৰে আৰু আমাৰ ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব পাৰে ।’
মেলোনিয়ে তেওঁৰ পোষ্টৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে, য’ত দুয়োজনে হাত মিলোৱা দেখা গৈছে । এই বাৰ্তাই মেলোনি-মোদীৰ বন্ধুত্বৰ কথা প্ৰকাশ কৰিছে ।
পুটিনৰ শুভেচ্ছা-
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ নেতৃত্বৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰে ।
পুটিনে কয়, “প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপোনাৰ ৭৫ সংখ্যক জন্মদিনত মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰক । আমাৰ দেশৰ মাজত বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী ৰাছিয়া-ভাৰতৰ সহযোগিতা গঢ়ি তোলাত আপুনি এক বৃহৎ ব্যক্তিগত অৱদান আগবঢ়াইছে ।”
তেওঁ আৰু কয় যে মোদীৰ নেতৃত্বত ভাৰতে সামাজিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰত আকৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে । এই অভিনন্দনে ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ গভীৰতাক প্ৰতিফলিত কৰে, যি শক্তি, প্ৰতিৰক্ষা আৰু বাণিজ্যৰ দৰে ক্ষেত্ৰত শক্তিশালী হৈ আছে ।
“মোৰ আটাইতকৈ ভাল বন্ধু মোদী”
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ভিডিঅ’ বাৰ্তাযোগে প্ৰধানমন্ত্ৰী মোদীক “মোৰ ভাল বন্ধু নৰেন্দ্ৰ” বুলি উল্লেখ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ।
নেতানিয়াহুৱে কয়, “মোৰ ভাল বন্ধু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মই আপোনাক জন্মদিনৰ বহুত শুভেচ্ছা জনাব বিচাৰো । আপুনি আপোনাৰ জীৱনত ভাৰতৰ বাবে ইমানখিনি সাফল্য লাভ কৰিছে আৰু আমি একেলগে ভাৰত-ইজৰাইলৰ বন্ধুত্বক বহু উচ্চতালৈ লৈ গৈছো । মই আপোনাক অতি সোনকালে লগ পাবলৈ আগ্ৰহী, কিয়নো আমি আমাৰ অংশীদাৰিত্ব আৰু বন্ধুত্বক আৰু অধিক উচ্চতালৈ লৈ যাব পাৰি ম। জন্মদিনৰ শুভেচ্ছা থাকিল বন্ধু ।”
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক ফোনযোগে জন্মদিনৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ট্ৰাম্পে…