মোদী-জিনপিং বৈঠকক লৈ তীক্ষ্ণ সমালোচনা কংগ্ৰেছৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ পিছত কংগ্ৰেছ নেতা পৱন খেড়াই কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই কথা ক’ব লাগে যে ভাৰত-চীন সীমান্তৰ সেই সকলোবোৰ স্থানতে ভাৰতীয় সৈন্যই মুক্তভাৱে টহল দিবলৈ সক্ষম হৈছেনে,য’ত তেওঁলোকে প্ৰথমে কৰিছিল?
খেড়াই এই প্ৰশ্নটো সেই সময়ত উত্থাপন কৰিছে যি সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনলৈ আনুষ্ঠানিক ভ্ৰমণত গৈছে।
খেড়াই ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত চীনৰ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ মনোভাৱক লৈও প্ৰশ্ন উত্থাপন কৰে।
কংগ্ৰেছ নেতা পৱন খেড়াই কয় যে, ‘প্ৰথমে “মাই ডিয়াৰ ফ্ৰেণ্ড ড’নাল্ড ট্ৰাম্প” আৰু এতিয়া “মাই ডিয়াৰ ফ্ৰেণ্ড ছি জিনপিং”।মোক কওক,আমি গলৱানৰ ন্যায় পালোঁ নেকি?’
“২০২০ চনৰ এপ্ৰিলৰ আগৰ পৰিস্থিতি ঘূৰি আহিব নে? আমাৰ সেনা বাহিনীয়ে আগতে টহল দিয়া ঠাইবোৰত টহল দিবলৈ সক্ষম হৈছেনে?প্ৰধানমন্ত্ৰী গৰাকীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিবনে?”
তেওঁ লগতে কয় যে, ‘বন্ধু সলনি হৈ থাকে, হৃদয় ভাঙি যায় আৰু তাৰ পিছত নতুন বন্ধু বিচাৰি পায়।দেশৰ অৱস্থা, অৰ্থনীতি আৰু বৈদেশিক নীতি আপুনি দেখিছে।’
লগতে পঢ়ক: টিয়ানজিনত মোদী, পুটিন আৰু জিংপিঙৰ মাজত বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা আৰম্ভ…