অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ দেহাৱসান
মনোৰঞ্জন জগতৰ পৰা এক দুখৰ খবৰ আহিছে।টেলিভিচনৰ বিখ্যাত অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ ৩৮ বছৰ বয়সত দেহাৱসান ঘটে।আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
প্ৰিয়া যোৱা এবছৰ ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।এবছৰে দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজ দি অৱশেষত আজি তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লয়।
তথ্য অনুসৰি প্ৰিয়া কৰ্কট ৰোগৰ চিকিৎসাধীন হৈ আছিল।কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ এই ৰোগৰ পৰা সুস্থ হৈ উঠাব নোৱাৰিলে।প্ৰিয়াৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ।
ইমান কম বয়সতে হঠাৎ পৃথিৱীৰ পৰা আঁতৰি যোৱা অভিনেত্ৰীগৰাকীয়ে পৰিয়াল আৰু অনুৰাগীৰ বাবে এক ডাঙৰ জোকাৰণিৰ সৃষ্টি কৰিছে।প্ৰিয়া মাৰাথেৰ মৃত্যুৰ খবৰে সকলোকে আচৰিত কৰিছে।
১৯৮৭ চনৰ ২৩ এপ্ৰিলত মুম্বাইত জন্মগ্ৰহণ কৰিছিল প্ৰিয়াই।মুম্বাইতে প্ৰিয়া ডাঙৰ-দীঘল হৈছিল। স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা মুম্বাইৰ পৰাই কৰিছিল।
প্ৰিয়া মাৰাথে আছিল এগৰাকী সুপৰিচিত সৰু পৰ্দাৰ অভিনেত্ৰীৰ লগতে এগৰাকী ষ্টেণ্ড আপ কমেডিয়ান।বহু জনপ্ৰিয় হিন্দী আৰু মাৰাঠী অনুষ্ঠানত কাম কৰি আহিছে।
অভিনেত্ৰী গৰাকীয়ে বলিষ্ঠ অভিনয়েৰে সদায় অনুৰাগীৰ হৃদয় জয় কৰিছিল। প্ৰিয়াৰ মৃত্যুত টেলিভিচন জগতত শোকৰ ছাঁ পৰিছে।
লগতে পঢ়ক: ‘যেতিয়া ঈশ্বৰ আপোনাৰ লগত…’; ‘আজুল’ গীতটিৰ বিতৰ্কৰ পিছত গুৰু ৰন্ধাৱাই খুলিলে মুখ