এইবাৰ ফুলেৰাত উপ-প্ৰধান পদৰ বাবে হ’ব যুঁজ
বিগত ২৪ জুনত ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজন ‘এমাজন প্ৰাইম’ত মুক্তি লাভ কৰিছিল । পূৰ্বৰ ছিজনৰ দৰেই এই ছিজনো দৰ্শকে আদৰি লৈছে । অৱশ্যে এই ছিজনত মঞ্জু দেৱী প্ৰধান নিৰ্বাচনত পৰাস্ত হয়, যিয়ে দৰ্শকক হতাশ কৰি তোলে । এতিয়া সকলোৱে অপেক্ষা কৰি আছে ইয়াৰ পঞ্চম ছিজনত কি হ’ব । এই অধীৰতা দেখি ‘পঞ্চায়ত’ৰ নিৰ্মাতাসকলে ঘোষণা কৰিছে এই জনপ্ৰিয় ছিৰিজৰ পঞ্চম ছিজন ।
নতুন ছিজনৰ পোষ্টাৰ মুকলি-
পঞ্চম ছিজন আনুষ্ঠানিকভাৱে ঘোষণা কৰি নতুন ছিজনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিছে ‘পঞ্চায়ত’ৰ নিৰ্মাতাসকলে । এই পোষ্টাৰখনত দেখা গৈছে যে এইবাৰ কাহিনীটোত নতুন টুইষ্ট আহিব, য’ত উপ-প্ৰধান পদৰ বাবে যুঁজ হোৱাৰ সম্ভাৱনা আছে । পোষ্টাৰখনৰ মতে বিনোদক চকী এখনত বহি থকা দেখা গৈছে আৰু সকলোৱে তেওঁক নিজৰ ফালে টানি লৈ গৈছে । এইটোৱে দেখুৱাইছে এটা ধেমেলীয়া দৃশ্য ।
কেতিয়া মুক্তি পাব পঞ্চায়ত ৫ ?
‘পঞ্চায়ত’ৰ নিৰ্মাতাসকলে নতুন ছিজনৰ পোষ্টাৰ মুকলি কৰি কয় যে ফুলেৰালৈ ঘূৰি অহাৰ প্ৰস্তুতি আৰম্ভ কৰক । অতি সোনকালে আহি আছে নতুন ছিজন । উল্লেখ্য যে ২০২৬ চনত মুক্তি পাব ‘পঞ্চায়ত ৫’, যিখন আমাজন প্ৰাইমত ষ্ট্ৰীম কৰা হ’ব । অৱশ্যে এতিয়াও আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই নিৰ্মাতাসকলে ।
লগতে পঢ়ক : “ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য