ভাৰত আৰু পাকিস্তানৰ মাজত নিতৌ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনী তথা বি এছ এফে ৰাজস্থানৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা এজন পাকিস্তানী ৰেঞ্জাৰক আটক কৰিছে । শনিবাৰে এই ঘটনা সংঘটিত হৈছে ।
প্ৰায় দুসপ্তাহ পূৰ্বে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানক পাকিস্তানী ৰেঞ্জাৰে জিম্মাত লোৱাৰ সময়ত এই ঘটনা পোহৰলৈ আহিছে । উল্লেখ্য যে, এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়, ইয়াৰে অধিকাংশই আছিল পৰ্যটক ।
পাক ৰেঞ্জাৰক জেৰা কৰি আছে বি এছ এফে-
জানিব পৰা মতে ৰাজস্থান ফ্ৰন্টিয়াৰৰ বি এছ এফ ইউনিটে এই পাকিস্তানী ৰেঞ্জাৰজনক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে । অৱশ্যে পাকিস্তানী জোৱানজন ভাৰতৰ সীমান্ত কেনেকৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
উল্লেখ্য যে ২৩ এপ্ৰিলত পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰে বন্দী কৰা বি এছ এফৰ জোৱান পূৰ্ণনম কুমাৰ শ্ব’ক ভাৰতীয় বাহিনীৰ তীব্ৰ বিৰোধিতা সত্ত্বেও গতাই দিবলৈ অস্বীকাৰ কৰিছিল । ভাৰতে এই বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰি পাকিস্তানী ৰেঞ্জাৰৰ পৰা জোৱানজনক শীঘ্ৰে মুক্তিৰ দাবী জনায় যদিও চুবুৰীয়া দেশখনৰ পৰা এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি পোৱা নাই ।