বেলুচিস্তানৰ বোলান অঞ্চলত পাকিস্তানী সেনাৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈছে । এই বিস্ফোৰণত এজন বিষয়াসহ ৬ জন জোৱান নিহত হোৱাৰ বিপৰীতে ৫ জন জোৱান আহত হৈছে । সেনাৰ বাহনখন ৰুটিন পেট্ৰ’লত থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় । স্থানীয় খবৰ অনুসৰি বিস্ফোৰণটো অতি শক্তিশালী হোৱাৰ বাবে গাড়ীখনৰ সম্পূৰ্ণৰূপে ক্ষতিসাধন হয় ।
আহতসকলক ওচৰৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কোনো সংগঠনে এতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এই অঞ্চলটো ইয়াৰ পূৰ্বেও বহুবাৰ উগ্ৰপন্থী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।
উল্লেখ্য যে মাত্ৰ ১০ দিন পূৰ্বে শুকুৰবাৰে বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ মাৰ্গাট অঞ্চলত বেলুচ লিবাৰেচন আৰ্মীয়ে এক বৃহৎ আক্ৰমণ চলাইছিল, য’ত ১০ জন পাকিস্তানী সেনা জোৱান নিহত হৈছিল । ইয়াৰ পূৰ্বেও IED ব্যৱহাৰ কৰি সেনাবাহিনীৰ কনভয়ক লক্ষ্য কৰি লোৱা হৈছিল । ৰিম’ট কণ্ট্ৰ’লড ডিভাইচ ব্যৱহাৰ কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছে বুলি বি এল এই নিশ্চিত কৰিছে ।
বি এল এৰ মুখপাত্ৰ জিয়ান্দ বালোচে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আমাৰ যোদ্ধাই ৰিম’ট কণ্ট্ৰ’লড আই ই ডিৰ জৰিয়তে শত্ৰুৰ কনভয়ক লক্ষ্য কৰি লৈছিল । বিস্ফোৰণত সেনাবাহিনীৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে তাত থকা ১০ জন জোৱানৰ আটাইকেইজন জোৱান নিহত হয় ।