কেতিয়াও সলনি নোহোৱা নিজৰ চৰিত্ৰ পুনৰ বিশ্ববাসীৰ আগত উদঙাই যুদ্ধবিৰতিৰ চাৰি ঘন্টা পাৰ নহৌতেই পাকিস্তানে আৰম্ভ কৰিছে ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ । ঘোষণাৰ মাত্ৰ চাৰি ঘন্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে ।
জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰে পাকিস্তানৰ উচটনিমূলক কাৰ্যকলাপ পুনৰ তীব্ৰতৰ হৈ পৰিছে । শনিবাৰে নিশা পাকিস্তানে বহু অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰি প্ৰচণ্ড গোলাবৰ্ষণৰ আশ্ৰয় লৈছে, আনহাতে কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্দেহযুক্ত ড্ৰোন বিস্ফোৰণ সংঘটিত হৈছে ।
জানিব পৰা মতে পাকিস্তানে আখনূৰ, ৰাজৌৰী আৰু আৰ এছ পুৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত আৰ্টিলাৰীৰে গোলাবৰ্ষণ আৰম্ঊ কৰিছে । একে সময়তে বাৰামুল্লাত ড্ৰোন আক্ৰমণ সংঘটিত হৈছে । জম্মুৰ পালানৱালা খণ্ডতো পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে । এই ঘটনাৰ লগে লগে ভাৰতীয় সেনা বাহিনীক ইয়াৰ উপযুক্ত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে । পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে বি এছ এফক উপযুক্ত উত্তৰ দিবলৈ নিৰ্দেশ দিছে চৰকাৰে । এই ঘটনাৰ পিছত জম্মুৰ এক বৃহৎ অংশত ব্লেকআউট কৰা হৈছে । বাৰামুল্লাতো ব্লেকআউট হোৱাৰ খবৰ প্ৰকাশ পাইছে । শ্ৰীনগৰৰ বহু অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে ।
ইয়াৰ বাহিৰেও ৰাজস্থানৰ পোখৰাণলৈ বৃহৎ সংখ্যক ড্ৰোন দেখা পোৱা বুলি খবৰ প্ৰকাশ পাইছে । অৱশ্যে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই এই ড্ৰোনসমূহ ধ্বংস কৰি ভূপতিত কৰিছে । ৰাজৌৰীৰ পৰাও গুলীচালনাৰ খবৰ আহিছে ।
উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে বিয়লি যুদ্ধবিৰতি ঘোষণা হৈছিল । এই তথ্য দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩.৩৫ বজাত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত বাৰ্তালাপ হয় । সিদ্ধান্ত লোৱা হ’ল যে দুয়োখন দেশে ৫ বজাৰ পৰা আকাশ, পানী আৰু স্থলভাগত আক্ৰমণ তৎক্ষণাত বন্ধ কৰিব । ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । মিশ্ৰীয়ে কয় যে অহা ১২ মে’ত দুয়োখন দেশৰ বিষয়াসকলে পৰৱৰ্তী কৌশলৰ বিষয়ে আলোচনা কৰিব । কিন্তু যুদ্ধবিৰতিৰ চাৰি ঘন্টা পাৰ নহৌতেই এতিয়া বিশ্বাসঘাতক পাকিস্তানে পুনৰ গোলাবৰ্ষণ আৰম্ভ কৰিছে ।
পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ পিছতেই এতিয়া জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটাৰত উষ্মা প্ৰকাশ কৰি কয়, “যুদ্ধবিৰতিৰ কি হ’ল ? শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনা গ’ল । এয়া যুদ্ধবিৰতি নহয় । মধ্য শ্ৰীনগৰত এইমাত্ৰ বায়ু প্ৰতিৰক্ষা ইউনিটে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ।”
What the hell just happened to the ceasefire? Explosions heard across Srinagar!!!
— Omar Abdullah (@OmarAbdullah) May 10, 2025