শনিবাৰে নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত টুটমাৰী গলি আৰু ৰামপুৰ ছেক্টৰৰ বিপৰীতে অৱস্থিত ভাৰতীয় চকীলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই গুলীচালনা কৰে । লগে লগে ভাৰতীয় সেনাইও এই গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে । ভাৰতীয় সেনাৰ তথ্য অনুসৰি এই ঘটনাত কোনো লোক আহত হোৱা নাই ।
২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতৰ মাজতে এই ঘটনা সংঘটিত হৈছে । এই আক্ৰমণৰ বাবে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীক দোষাৰোপ কৰা হৈছে যদিও পাকিস্তানে কোনো ধৰণৰ জড়িততা অস্বীকাৰ কৰি স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছে । এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাবাহিনীয়ে অবিৰতভাৱে তৎপৰতা অব্যাহত ৰাখিছে আৰু তালাচী অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ কুলগাম জিলাৰ টাংমাৰ্গ অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল । অৱশ্যে সন্ত্ৰাসবাদী দলটো পলায়ন কৰিবলৈ সক্ষম হয় ।
কাশ্মীৰত সন্ত্ৰাসবাদী আৰু সমৰ্থকৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা-
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে কৰ্তৃপক্ষই কাশ্মীৰত উগ্ৰপন্থী আৰু সমৰ্থকৰ বিৰুদ্ধে ব্যাপক দমন চলাই তেওঁলোকৰ ঘৰ ভাঙি, আত্মগোপন কৰা স্থানত অভিযান চলাই আৰু শতাধিক সন্ত্ৰাসবাদী সহায়কক সোধা-পোছাৰ বাবে আটক কৰি ৰাখিছে ।