পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত বুধবাৰে নিশা আক্ৰমণ চলাই ভাৰতে । অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়কে ধৰি ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে । ভাৰতীয় সামৰিক বাহিনীৰ এই আক্ৰমণত ৯০টা সন্ত্ৰাসবাদী নিহত হৈছে । অৱশ্যে পাৰমাণৱিক আক্ৰমণ আৰু তীব্ৰ প্ৰতিশোধৰ ভাবুকি দি অহা পাকিস্তান এতিয়া বেকফুটলৈ যোৱা পৰিসক্ষিত হৈছে ।
ভাৰতৰ এই আক্ৰমণক দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ চিন হিচাপে দেখা গৈছে । কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ আগতেই পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰিছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে আমি নিজকে ৰক্ষা কৰিম । পাকিস্তানৰ ভূখণ্ডত ভাৰতে আক্ৰমণ কৰাৰ পিছত এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অধিক পদক্ষেপ নল’লে আমিও একো নকৰো ।
উল্লেখযোগ্য যে ভাৰতৰ সামৰিক অভিযানৰ পাছত খোৱাজা আছিফে আৱাসিক এলেকাক লক্ষ্য কৰি লোৱা বুলি কৈছিল ৷ তেওঁ লগতে কয় যে ভাৰতে নিজৰ আকাশমাৰ্গৰ পৰাই পাকিস্তানী অঞ্চলত এই আক্ৰমণ সংঘটিত কৰিছিল । খোৱাজা আছিফে কৈছিল যে আমি ইয়াৰ উপযুক্ত উত্তৰ দিম । কিন্তু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ উপযুক্ত উত্তৰ দিয়াৰ অহংকাৰ কেইঘণ্টামানৰ ভিতৰতে অন্তৰ্ধান হয় । এতিয়া তেওঁ ক’বলৈ আৰম্ভ কৰিছে যে ভাৰতে অন্য কোনো ব্যৱস্থা নোলোৱালৈকে পাকিস্তানে একো নকৰে ।