শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই । পহলগাম আক্ৰমণৰ তিনিমাহ পাছতেই ২৬জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰা পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই হত্যা কৰিছে । তিনিটা পাকিস্তানী সন্ত্ৰাসবাদী চুলেমান, ইয়াছিৰ আৰু আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, যাৰ ভিতৰত চুলেমান আৰু ইয়াছিৰ পহলগাম আক্ৰমণত জড়িত আছিল । ইয়াৰে চুলেমান তথা হাছিম মুছা (যি পূৰ্বে পাকিস্তানী সেনাবাহিনীৰ জোৱান আছিল)জম্মু-কাশ্মীৰৰ পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ শীৰ্ষ অধিনায়ক আছিল । হাছিম মুছা কেৱল পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ডেই নহয়, সোণামাৰ্গ সুৰংগ আক্ৰমণৰো অপৰাধী আছিল এই সন্ত্ৰাসবাদীটো ।
নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত কাৰ্বাইন, এ কে-৪৭, ১৭টা ৰাইফল গ্ৰেনেড আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে । ভাৰতীয় সেনাৰ বাবে এইটো এটা ডাঙৰ সফলতা । কিয়নো পহলগাম আক্ৰমণৰ সকলো সন্ত্ৰাসবাদী নিহত হৈছে, এতিয়া মাত্ৰ এটাহে বাকী আছে ।
ভাৰতীয় সেনাই এই সফলতা অপাৰেচন মহাদেৱৰ অধীনত অৰ্জন কৰিছে, এই অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ হৈছে । ভাৰতীয় সেনাই জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত তালাচী অভিযান চলাই আছিল, ইয়াত সন্ত্রাসবাদী আত্মগোপন কৰাৰ সম্ভাৱনা আছিল, যাৰ বাবে অপাৰেচন মহাদেৱ আৰম্ভ কৰা হৈছিল । এই অভিযানৰ অধীনত এই তিনিটা সন্ত্ৰাসবাদীক শ্ৰীনগৰত হত্যা কৰা হয় ।
শ্ৰীনগৰৰ মহাদেৱ পাহাৰৰ সমীপৰ ডাচিগামত তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰাৰ কথা সেনাই নিশ্চিত কৰিছে যদিও সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় সন্দৰ্ভত একো কোৱা নাই । সেনাই আনুষ্ঠানিক বিবৃতিত কয়, ‘এই এনকাউণ্টাৰত তিনিটা সন্ত্ৰাসবাদী নিহত হয় । অভিযান চলি আছে ।’
মহাদেৱ পাহাৰৰ সমীপত সেনাই নিজৰ শিবিৰ পাতিছে, যাৰ জৰিয়তে সেনাই অঞ্চলটোৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছে । সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ চলিছিল যৌথ তালাচী অভিযান । এই অভিযানতে ধৰা পৰে সন্ত্ৰাসবাদী মুছাৰ গতিবিধি । পাহাৰৰ সমীপতে তম্বুত বাস কৰিছিল সন্ত্ৰাসবাদীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ’ল সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰ হোৱা ঠাইখন পাহাৰৰ ওপৰত আৰু তালৈ খোজকাঢ়িহে যাব পাৰি ।
চলিত বৰ্ষৰ ২৬ এপ্ৰিলত কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত ২৬জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে । সেই সময়ত এই লোকসকলে কাশ্মীৰৰ উপত্যকাৰ সৌন্দৰ্য উপভোগ কৰি আছিল আৰু হঠাৎ মুখত কাপোৰ বান্ধি থকা সন্ত্ৰাসবাদীয়ে তালৈ আহি মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি গুলীচালনা কৰিছিল । মূলতঃ পুৰুষক লক্ষ্য কৰি লোৱা হৈছিল এই আক্ৰমণত । ঘটনাৰ সময়ত তাত বহু পৰিয়াল উপস্থিত আছিল, যিয়ে এই ঘটনাটো কিমান ভয়ানক আছিল প্ৰকাশ কৰিছিল, য’ত কোনোবাই স্বামীক হেৰুৱাইছিল, কোনোবাই পিতৃক হেৰুৱাইছিল আৰু কোনোবাই পুত্ৰক হেৰুৱাইছিল ।
লস্কৰ-ই-তৈবাৰ সংযুক্ত গোট ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৬-৭ মে’ৰ মাজ নিশা অপাৰেচন সিন্দুৰ আৰম্ভ কৰি পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে । ইয়াৰ পিছত পাকিস্তানে ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱাৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল । দুয়োখন দেশে ৩-৪ দিন ধৰি আক্ৰমণ প্ৰত্যাক্ৰমণ চলাইছিল, য’ত পাকিস্তানৰ সামৰিক ঘাটিসমূহৰ যথেষ্ট ক্ষতি হৈছিল । ১০ মে’ত দুয়ো দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে ।
লগতে পঢ়ক : কাৰ্গিল দিৱস ২০২৫ : ২৬ বছৰীয়া শৌৰ্য্য আৰু বিজয়ৰ সন্মান; ই কেৱল তাৰিখ নহয় এক আবেগৰ স্মৃতি