মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো
পাকিস্তানে হয়তো বিশ্বৰ আগত নিজকে শান্তিৰ ৰাষ্ট্ৰদূত হিচাপে উপস্থাপন কৰিব পাৰে, কিন্তু সত্যটো হ’ল ই সন্ত্ৰাসবাদৰ ঘাটী হৈ পৰিছে।
ইয়াৰ আন এক উদাহৰণ পোহৰলৈ আহিছে যেতিয়া লস্কৰ-ই-তৈবাৰ শীৰ্ষ সেনাধ্যক্ষ তথা পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কাছুৰীয়ে মুকলিকৈ আক্ৰমণৰ সত্যতা মানি লৈ ভাৰত বিৰোধী বিহ বিয়পাইছে ।
বুধবাৰে পাকিস্তানৰ লাহোৰত অনুষ্ঠিত এক সমাৱেশত কাছুৰীয়ে নিজকে “গোটেই বিশ্বতে জনপ্ৰিয়” বুলি অভিহিত কৰে আৰু তেওঁ কয় যে ভাৰতে তেওঁক এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰাৰ বাবেই তেওঁৰ নাম বিশ্বব্যাপী জনপ্ৰিয় হৈছে। এই সকলোবোৰ তেওঁ পাকিস্তানৰ এটা ৰেলীত কৈছে।
মাৰ্কাজি মুছলিম লীগৰ ৰেলী
আচলতে সন্ত্ৰাসবাদীৰ সমাৱেশৰ আয়োজন কৰিছিল পাকিস্তান মাৰ্কাজী মুছলিম লীগে।সন্ত্ৰাসবাদী হাফিজ ছাইদৰ পুত্ৰ তালহা ছাইদ, আই এছ আইৰ একাংশ বিষয়া আৰু পঞ্জাৱ বিধানসভাৰ অধ্যক্ষ মালিক আহমেদ খানও উপস্থিত থাকে।
এই সময়ত কাছুৰীয়ে মঞ্চৰ পৰাই ক’লে যে পহলগাম আক্ৰমণৰ বাবে মোক জগৰীয়া কৰা হৈছে।এতিয়া মোৰ নামটো সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে।
তেওঁ কয় যে তাত থকা প্ৰধানমন্ত্ৰীয়ে ভাবে যে আমি গুলীলৈ ভয় কৰো। এইটো এটা ভুল ধাৰণা। পহলগাম কাণ্ডই মোক জনপ্ৰিয় কৰিছে।
ভাৰতৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য
কেৱল এয়াই নহয়, ৰেলীত তেওঁ নিজেই মোদীৰ বিৰুদ্ধে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি দাবী কৰি কয় যে মই ভাৰতৰ বুকুত কাঁইটৰ দৰে হৈয়েই থাকোঁ।
লগতে কাছুৰীয়ে তেওঁৰ নামত এখন চিকিৎসালয় নিৰ্মাণ কৰিব বুলিও কয়।সন্ত্ৰাসবাদী তালহা ছাইদেও এই সমাৱেশত ভাৰতৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য আগবঢ়ায়।
তেওঁ মুকলিকৈ কৈছিল যে আল্লাহে জেহাদ কৰা সকলক ভাল পায়।এই সমাৱেশ এনে এটা সময়ত সংঘটিত হৈছিল যেতিয়া ভাৰতে শেহতীয়াকৈ লস্কৰৰ আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলাইছিল য’ত বহু সন্ত্ৰাসবাদী নিহত হৈছিল।
এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কাছুৰী আৰু তেওঁৰ সহযোগীসকলে ভাৰতৰ বিৰুদ্ধে মানুহক উচটনি দিবলৈ চেষ্টা কৰিছে।
লগতে পঢ়ক: ভাৰতত চীনে বিয়পাইছে RedNote! গোপন অস্ত্ৰৰে অভিযান চলাই আছে ‘ড্ৰেগনে’