শনিবাৰে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে পাকিস্তানে ইছলামক কেৱল দেখুৱাবলৈহে ব্যৱহাৰ কৰে, ইয়াৰ প্ৰকৃত লক্ষ্য হৈছে ভাৰতত সন্ত্ৰাসবাদৰ প্ৰচাৰ কৰা আৰু ধৰ্মীয় ঘৃণা বিয়পোৱা । ওৱাইছিয়ে স্পষ্টকৈ কয় যে পাকিস্তানৰ এই কাৰ্য ধৰ্মীয় নহয়, ৰাজনৈতিক আৰু কৌশলগত লাভৰ বাবেহে ।
‘ইছলামৰ মুখা পিন্ধি পাকিস্তানে লুকুৱাই ৰাখিছে সন্ত্ৰাসবাদ’
ওৱাইচিয়ে কয়, ‘পাকিস্তানৰ ‘ডীপ ষ্টেষ্ট’ অৰ্থাৎ ইয়াৰ সেনা আৰু চোৰাংচোৱা সংস্থা আই এছ আইয়ে ইছলামৰ মুখা পিন্ধি নিজৰ অবৈধ কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদ লুকুৱাই ৰাখে ।’ তেওঁ কয় যে ভাৰতৰ মুছলমানসকলে ইতিমধ্যে মহম্মদ আলী জিন্নাৰ ‘দুই ৰাষ্ট্ৰৰ সিদ্ধান্ত’ক নাকচ কৰি গণতান্ত্ৰিক ভাৰতত জীয়াই থকাটো পছন্দ কৰে ।
পাকিস্তানৰ দুমুখীয়া নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি ওৱাইচীয়ে কয় যে, ‘যদি পাকিস্তান সঁচাকৈয়ে মুছলমানৰ শুভাকাংক্ষী, তেন্তে আফগানিস্তান, ইৰাণ আৰু বেলুচিস্তানত মুছলমানৰ ওপৰত কিয় বোমা বৰ্ষণ কৰে ? বেলুচ, আফগান আৰু ইৰাণীসকলো মুছলমান । তেওঁ কয় যে পাকিস্তানে বিগত ৭৫ বছৰ ধৰি ধৰ্মৰ অপব্যৱহাৰ কৰি আহিছে ।
‘ভাৰতীয় মুছলমানে জিন্নাৰ সিদ্ধান্ত নাকচ কৰিলে’
তেওঁ লগতে কয়, ‘ভাৰতত ২৩ কোটিতকৈও অধিক মুছলমান আছে, যাৰ পূৰ্বপুৰুষে জিন্নাৰ মতবাদক নাকচ কৰিছিল । পাকিস্তানে বিচাৰে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন বৃদ্ধি হওক, কিন্তু আমি কেতিয়াও এনেকুৱা হ’বলৈ নিদিওঁ । উদাহৰণ দি তেওঁ কয়, ‘যেতিয়া ভাৰতে বাহাৱালপুৰত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ কৰিছিল, তেতিয়া তাত নিহত সন্ত্ৰাসবাদীৰ শেষ নামাজ আগবঢ়াইছিল এজন ব্যক্তিয়ে যিজনকো আমেৰিকাই সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে- হাফিজ আব্দুল ৰাউফে । আৰু সেই অন্ত্যেষ্টিক্ৰিয়াত লোকসকলে পাকিস্তানী সেনাৰ পোছাক পৰিধান কৰি উপস্থিত আছিল । এই কথা পৃথিৱীয়ে দেখা নাই নেকি ?’
‘পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ আৰু সহ্য কৰা নহ’ব’
পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ আৰু সহ্য কৰিব নোৱাৰি বুলিও ওৱাইছিয়ে কয় । তেওঁ কয়, ‘পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে পৰ্যটকক পহলগামত হত্যা কৰাৰ আগতে কলমা পাঠ কৰিবলৈ কৈছিল । পঢ়িব নোৱাৰা সকলক গুলীয়াই হত্যা কৰা হৈছিল । সেই পৰিয়ালবোৰে কি অৱস্থাৰ মাজেৰে পাৰ হৈছে, কোনোবাই কল্পনা কৰিব পাৰেনে ? এতিয়া পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক চিৰদিনৰ বাবে অন্ত পেলোৱাৰ সময় আহি পৰিছে ।