২০২৫ চনৰ ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে অহৰহ ভাৰতৰ আক্ৰমণৰ আশংকা কৰি আহিছে।
চুবুৰীয়া দেশখনত ইমানেই ভয়ৰ সৃষ্টি হৈছে যে ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি বাৰে বাৰে একেখিনি কথাই কৈছে।
শেহতীয়া ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে ভাৰতে যিকোনো সময়তে এল অ’ চিত সামৰিক আক্ৰমণ চলাব পাৰে।
এটা সাক্ষাৎকাৰত খোৱাজা আছিফে কয়, ‘LoC ৰ যিকোনো পইণ্টত ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি খবৰ আহিছে।ইয়াৰ উপযুক্ত উত্তৰ পাকিস্তানে দিব।”
আছিফে লগতে কয় যে ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পহলগাম আক্ৰমণৰ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী জনাইছে’।
তেওঁ কয় যে এনে তদন্তত ভাৰত নিজেই বা কোনো আভ্যন্তৰীণ গোট ইয়াৰ সৈতে জড়িত আছিল আৰু ইয়াৰ ফলত নতুন দিল্লীৰ ভিত্তিহীন অভিযোগৰ আঁৰৰ সত্যতা উন্মোচিত হ’ব।’
পহলগাম আক্ৰমণৰ পিছত ভাৰতৰ পৰা সামৰিক ব্যৱস্থা হ’ব পাৰে বুলি পাকিস্তানী মন্ত্ৰীয়ে কোৱা এইটোৱেই প্ৰথম নহয়।
যোৱা সপ্তাহত দেশৰ তথ্য মন্ত্ৰী আটা তাৰাৰে কয় যে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ ভাবুকিৰ বাবেই পৰৱৰ্তী ২৪-৩৬ ঘন্টা গুৰুত্বপূৰ্ণ। অৱশ্যে সময় পাৰ হৈ গ’ল আৰু তেনে কোনো ব্যৱস্থা আৰম্ভ নহ’ল।
এই পৰিস্থিতিৰ মাজতে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল চৈয়দ অসীম মুনিৰে দেশৰ প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ সমৃদ্ধি ৰক্ষাৰ বাবে পূৰ্ণ শক্তিৰে প্ৰত্যুত্তৰ দিয়াৰ কথা উল্লেখ কৰিছে।