জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে । চলি থকা উত্তেজনাৰ মাজতে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰে ভাৰতে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছতে এই প্ৰতিশোধ লৈছে ভাৰতে । তথ্য অনুসৰি ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাইছে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ৰাখিছে ‘অপাৰেচন সিন্দুৰ’ ।
অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই যৌথ অভিযান চলাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও স্থানত আক্ৰমণ চলাই । সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ ভাৰতীয় বাহিনীয়ে নিখুঁত ষ্ট্ৰাইক ব্যৱহাৰ কৰে । লগে লগে ভাৰতৰ মাটিৰ পৰা সন্ত্ৰাসবাদীক শিক্ষা দিছে ভাৰতীয় সেনাই ।
৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু পাঁচটা পাকিস্তান অধিকৃত কাশ্মীৰত-
সূত্ৰ অনুসৰি ভাৰতীয় সেনাই সফলতাৰে লক্ষ্য কৰি লোৱা ৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু ৫টা পাকিস্তান অধীকৃত কাশ্মীৰত । পাকিস্তানৰ ঘাটিসমূহৰ ভিতৰত আছে বাহাৱালপুৰ, মুৰিদকে আৰু শিয়ালকোট । সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি বিশেষ নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল । তিনিওটা বাহিনীয়ে যৌথভাৱে এই অভিযান চলায় । ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাত লোৱা ভূমিকাৰ বাবে জয়ছ-ই-মহম্মদ আৰু লস্কৰৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি ভাৰতীয় সেনাই এই আক্ৰমণৰ স্থান নিৰ্বাচন কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ য’ৰ পৰাই আহিছিল ভাৰতীয় বাহিনীয়ে সেই সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি লৈছে । মুঠতে ৯টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল । আমাৰ কাৰ্য্যসমূহ কেন্দ্ৰীভূত, পূৰ্ব পৰিকল্পিত আৰু অ-উগ্ৰ প্ৰকৃতিৰ হৈ আহিছে । কোনো পাকিস্তানী সামৰিক সুবিধাক লক্ষ্য কৰি লোৱা হোৱা নাছিল ।
লক্ষ্য বাছনি আৰু আক্ৰমণৰ ধৰণত ভাৰতে যথেষ্ট সংযম দেখুৱাইছে বুলি মন্ত্ৰালয়ে কয় । পহলগামত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব কোৱা আমাৰ প্ৰতিশ্ৰুতি পালন কৰিছো । ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত বিতং তথ্য শীঘ্ৰে প্ৰদান কৰা হ’ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।