অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় সেনাই মাত্ৰ ২৫ মিনিটতে এক নিৰ্দিষ্ট আক্ৰমণ সংঘটিত কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদকে ধৰি ৯টা সন্ত্ৰাসবাদী প্ৰশিক্ষণ কেন্দ্ৰ ধ্বংস কৰে । এই আক্ৰমণৰ পিছত আজি পুৱা ১১ বজাত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে চৰকাৰে । এই বৈঠকৰ অধ্যক্ষতা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকিব । ইয়াৰ মাজতে বিৰোধী দলৰ নেতাসকলক প্রতিক্রিয়া আৰু ভৱিষ্যতৰ প্রস্তুতিৰ বিষয়ে অৱগত কৰা হ’ব ৷
বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণৰ দাবী-
ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে আমি প্ৰধানমন্ত্ৰীক ২৪ এপ্ৰিলৰ বৈঠকত উপস্থিত থাকিবলৈ আহ্বান জনাইছিলো, কিন্তু তেওঁ নাহিল । অন্ততঃ এইবাৰ তেওঁ আহিব লাগে । তেওঁ কয় যে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ পৰা নিৰ্গত সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় নীতি স্পষ্ট আৰু শক্তিশালী । ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই বৈঠকত অংশ ল’ব বুলি কয় ।
কংগ্ৰেছে বাতিল কৰিলে নিৰ্ধাৰিত সকলো কাৰ্যসূচী-
কংগ্ৰেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰক সম্পূৰ্ণ সমৰ্থন আৰু সেনাবাহিনীৰ সৈতে সংহতি প্ৰদৰ্শন কৰি ‘সংবিধান সমাৱেশ বচাওক’কে ধৰি দলৰ সকলো নিৰ্ধাৰিত কাৰ্যসূচী বন্ধ কৰি দিছে ।
তিনিখন দেশ ভ্ৰমণ কাৰ্যসূচী স্থগিত প্ৰধানমন্ত্ৰীৰ-
এই উত্তেজিত পৰিবেশত তিনিখন দেশ ভ্ৰমণ বাতিল কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ১৩ মে’ৰ পৰা ১৭ মে’লৈ নৰৱে, ক্ৰ’ৱেচিয়া আৰু নেদাৰলেণ্ড ভ্ৰমণৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি সেনাৰ-
অপাৰেচন সিন্দুৰৰ পাছত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ কাৰ্যকলাপৰ সন্দৰ্ভত স্থানীয় বাহিনীৰ সৈতে অহৰহ যোগাযোগত আছে । পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী লঞ্চ পেডত নিখুঁত আক্ৰমণৰ পিছত পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে । বুধবাৰে প্ৰতিৰক্ষা বিষয়াসকলে কয় যে পাকিস্তানৰ যিকোনো সম্ভাৱ্য আক্ৰমণৰ বাবে সেনা আৰু নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে ।