এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ গোচৰত এজনক গ্ৰেপ্তাৰ
চলিত মাহৰ ১৭ তাৰিখে গুৰুগ্ৰামত বিখ্যাত ইউটিউবাৰ তথা বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱৰ ঘৰত নিৰ্বিচাৰে গুলীচালনাৰ গোচৰত ফৰিদাবাদ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে এজন অভিযুক্তক।
আটকাধীন অভিযুক্তৰ নাম ইনশাত ওৰফে ইছু গান্ধী।আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰৰ সময়ত ইছু গান্ধীৰ ভৰিত গুলী লাগিছিল, তাৰ পিছত তেওঁক জিম্মাত লোৱা হৈছিল।
ফৰিদাবাদ ক্ৰাইম ব্ৰাঞ্চে তথ্য লাভ কৰিছিল যে এই গুলীচালনাৰ লগত জড়িত এজন সন্দেহযুক্ত লোক ইনশাত ওৰফে ইছু গান্ধী ফৰিদাবাদ অঞ্চলত আত্মগোপন কৰি আছিল।
ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে তেওঁক ধৰিবলৈ অভিযান আৰম্ভ কৰে।এই সময়তে এটা এনকাউণ্টাৰ সংঘটিত হয় য’ত ইছু গান্ধীয়ে আৰক্ষীক গুলীচালনা কৰিবলৈ চেষ্টা কৰে।
তাৰ পিছতে আৰক্ষীয়েও গুলীচালনা কৰে, যাৰ ফলত ইছুৰ ভৰিত গুলী লাগে। আহত হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে।
১৭ আগষ্টৰ পুৱা প্ৰায় ৫:৩০ বজাৰ পৰা ৬:০০ বজাৰ ভিতৰত গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰৰ এলভিছ যাদৱৰ ঘৰত বাইকত অহা তিনিজন দুষ্কৃতিকাৰীয়ে ২০-২৫ গুলীচালনা কৰে।
তাৰ পিছতেই গুৰুগ্ৰাম আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ই এই বিষয়ৰ পুংখানুপুংখ তদন্ত কৰি আছে।
লগতে পঢ়ক: ‘দ্য বেংগল ফাইলছ’ক লৈ কলকাতাত হুলস্থুল; অভিনেত্ৰী পল্লৱী যোশীয়ে TMC ক কৰিলে জগৰীয়া