এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ গোচৰত এজনক গ্ৰেপ্তাৰ; পলাবলৈ লওতেই এনকাউণ্টাৰ

এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ গোচৰত এজনক গ্ৰেপ্তাৰ

চলিত মাহৰ ১৭ তাৰিখে গুৰুগ্ৰামত বিখ্যাত ইউটিউবাৰ তথা বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱৰ ঘৰত নিৰ্বিচাৰে গুলীচালনাৰ গোচৰত ফৰিদাবাদ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে এজন অভিযুক্তক।

আটকাধীন অভিযুক্তৰ নাম ইনশাত ওৰফে ইছু গান্ধী।আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰৰ সময়ত ইছু গান্ধীৰ ভৰিত গুলী লাগিছিল, তাৰ পিছত তেওঁক জিম্মাত লোৱা হৈছিল।

ফৰিদাবাদ ক্ৰাইম ব্ৰাঞ্চে তথ্য লাভ কৰিছিল যে এই গুলীচালনাৰ লগত জড়িত এজন সন্দেহযুক্ত লোক ইনশাত ওৰফে ইছু গান্ধী ফৰিদাবাদ অঞ্চলত আত্মগোপন কৰি আছিল।

ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে তেওঁক ধৰিবলৈ অভিযান আৰম্ভ কৰে।এই সময়তে এটা এনকাউণ্টাৰ সংঘটিত হয় য’ত ইছু গান্ধীয়ে আৰক্ষীক গুলীচালনা কৰিবলৈ চেষ্টা কৰে।

তাৰ পিছতে আৰক্ষীয়েও গুলীচালনা কৰে, যাৰ ফলত ইছুৰ ভৰিত গুলী লাগে। আহত হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে।

১৭ আগষ্টৰ পুৱা প্ৰায় ৫:৩০ বজাৰ পৰা ৬:০০ বজাৰ ভিতৰত গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰৰ এলভিছ যাদৱৰ ঘৰত বাইকত অহা তিনিজন দুষ্কৃতিকাৰীয়ে ২০-২৫ গুলীচালনা কৰে।

তাৰ পিছতেই গুৰুগ্ৰাম আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ই এই বিষয়ৰ পুংখানুপুংখ তদন্ত কৰি আছে।

লগতে পঢ়ক: ‘দ্য বেংগল ফাইলছ’ক লৈ কলকাতাত হুলস্থুল; অভিনেত্ৰী পল্লৱী যোশীয়ে TMC ক  কৰিলে জগৰীয়া

ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা; গেংষ্টাৰ হিমাংশু ভাউৰ দায়িত্ব স্বীকাৰ

ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা;

দেওবাৰে পুৱা ইউটিউবাৰ তথা ‘বিগ বছ অ’টিটি ছিজন ২’ৰ বিজয়ী এলভিছ যাদৱৰ গুৰুগ্ৰামস্থিত বাসগৃহত নিৰ্বিচাৰে গুলীচালনা কৰে।

ইউটিউবাৰ অভিনেতা এলভিছ যাদৱৰ ঘৰত হোৱা গুলীচালনাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বহিঃৰাজ্যত আত্মগোপন কৰি থকা গেংষ্টাৰ হিমাংশু ভাউৱে এই আক্ৰমণৰ দায়িত্ব লয়।

এতিয়া এলভিছৰ ঘৰত সংঘটিত হোৱা আক্ৰমণৰ নতুন ভিডিঅ’ পোহৰলৈ আহিছে।য’ত তেওঁৰ ঘৰৰ বাহিৰত দুৰ্বৃত্তই  অবিৰতভাৱে গুলীচালনা কৰা দেখিবলৈ পোৱা গৈছে।

পুৱা ৫:৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত গুৰুগ্ৰামৰ ছেক্টৰ-৫৭ এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

ঘৰৰ সমীপত এখন বাইকত উঠি অহা তিনিজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে ২৬ জাইতকৈও অধিক গুলী চলাই সেই স্থানৰ পৰা পলায়ন কৰে।হঠাৎ সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল।

এতিয়া এই কাণ্ডৰ এটা ভিডিঅ’ ওলাইছে,য’ত দুষ্কৃতিকাৰীয়ে অবিৰতভাৱে গুলীচালনা কৰা দেখা গৈছে।দুজন অপৰাধীয়ে গেটত থিয় হৈ গুলী চলাই থকাৰ বিপৰীতে আন এজনে বাইকত বহি তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে।সকলোৱে কাপোৰেৰে মুখ ঢাকি ৰাখিছে

একে সময়তে ৱাণ্টেড গেংষ্টাৰ হিমাংশু ভাউৰ শেহতীয়া ফটোও পোহৰলৈ আহিছে।নিৰাপত্তা সংস্থাৰ মতে, হিমাংশু বৰ্তমান আমেৰিকাত আত্মগোপন কৰি আছে।ভাইৰেল পোষ্ট কৰি এই আক্ৰমণৰ দায়িত্ব লৈছে হিমাংশুৱে।

পোষ্টটোত লিখিছে – জয় ভোলে কি, সকলো ভাইলৈ ৰাম ৰাম ।আজি এলভিছ যাদৱৰ ঘৰত নিৰাজ ফৰিদপুৰ আৰু ভাউ ৰিতোলিয়াই গুলীচালনা কৰিছিল।আমি আজি এই বিষয়ে নিজৰ পৰিচয় দিছো।

‘বেটিং আৰু এই সকলোবোৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি তেওঁ বহু ঘৰ ধ্বংস কৰিছে,সকলোৰে বাবে এটা সতৰ্কবাণী।জুৱাৰ প্ৰচাৰ কৰা ব্যক্তিসকললৈ যিকোনো সময়তে ফোন বা গুলী যাব পাৰে।গতিকে সকলো জুৱাৰী , সাজু থাকক। ৰাম ৰাম, ৰাও ইন্দ্ৰজিৎ যাদৱ।’

লগতে পঢ়ক: স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ