অলিম্পিক ২০৩৬ৰ বাবে দাবী ভাৰতৰ
অলিম্পিক ২০৩৬ৰ আয়োজনক লৈ বৰ্তমান চৰ্চা চলিছে।ভাৰতে বৰ্তমান ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ অনুমতি লাভ কৰিবলৈ চেষ্টা চলাই আছে।
ভাৰতীয় অলিম্পিক সন্থাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ১ জুলাই মঙলবাৰে ল’জানস্থিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।
ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ বহু উচ্চপদস্থ বিষয়াক ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল।সেই প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল পি টি উষা, যি বৰ্তমান দেশৰ অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি।
ভাৰতীয় প্ৰতিনিধি দলটোৱে তাত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আহমেদাবাদত অলিম্পিক ২০৩৬ আয়োজন কৰিব বিচৰা বুলি কয়।
ভাৰতে আনুষ্ঠানিকভাৱে অলিম্পিক ২০৩৬ আয়োজনৰ দিশত এখোজ আগুৱাই লৈ গৈছে।এই উপলক্ষে IOC এভাৰতীয় প্ৰতিনিধি দলটোক গ্ৰীষ্মকালীন গেমছ আয়োজন কৰিবলৈ ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে।
এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিনিধি দলটোৱে কয় যে, এয়া আছিল এক গুৰুত্বপূৰ্ণ আলোচনা, য’ত তেওঁক আহমেদাবাদত অলিম্পিক আয়োজন কৰাৰ বিষয়ে অৱগত কৰা হৈছিল।
লছ এঞ্জেলছত ২০৩২ চনৰ অলিম্পিক
উল্লেখ্য যে, ২০২৮ চনৰ অলিম্পিক লছ এঞ্জেলছত আৰু ২০৩২ চনৰ অলিম্পিক ব্রিজবেনত অনুষ্ঠিত হ’ব, এনে পৰিস্থিতিত ভাৰতৰ দৃষ্টি এতিয়া ৩৬ ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ ওপৰত আছে।
ভাৰতৰ লগতে চৌদি আৰব, ইণ্ডোনেছিয়া, তুৰ্কিয়ে আৰু চিলিৰ দৰে দেশসমূহো ২০৩৬ চনৰ অলিম্পিক আৰু পেৰালিম্পিক আয়োজনৰ দৌৰত নামি পৰিছে।
IOC এ আয়োজক দেশৰ বাছনি প্ৰক্ৰিয়াত কিছু পৰিৱৰ্তন কৰিছে। এনে পৰিস্থিতিত এতিয়া লক্ষ্যণীয় হ’ব ৩৬ চনৰ অলিম্পিক গেমছৰ আয়োজনৰ অনুমতি ভাৰতে পায় নে নাপায়।
অলিম্পিক কমিটীৰ সৈতে হোৱা বৈঠকৰ পাছত কি ক’লে পি টি উষাই?
অলিম্পিক কমিটীৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই কয়, ‘ভাৰতীয় ভূমিত অলিম্পিক কেৱল স্মৰণীয় অনুষ্ঠান নহয়, বৰং ইয়াৰ প্ৰভাৱ আগন্তুক প্ৰজন্মৰ ওপৰতো পৰিব।
ইয়াৰ পূৰ্বে ভাৰতে ২০২৩ চনৰ অক্টোবৰ মাহত IOC লৈ এখন পত্ৰ লিখি ৩৬ৰ অলিম্পিক আয়োজন কৰাৰ দাবী জনাইছিল।
লগতে পঢ়কে: দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…