টি-২০ বিশ্বকাপত থমকিলেও ভাৰতীয় মহিলা ক্ৰিকেট দললৈ আহিল সুখবৰ   

টি-২০ বিশ্বকাপত সপোন ভংগ হ’লেও লছ এঞ্জেলছ অলিম্পিক ২০২৮-ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এন্ট্ৰি! জানক কিদৰে নিশ্চিত হ’ল এই ঐতিহাসিক স্থান ?

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলৰ যাত্ৰা গ্ৰুপ পৰ্যায়তে শেষ হ’লেও, হৰমনপ্ৰীত বাহিনীৰ বাবে আহিছে এক ঐতিহাসিক সুখবৰ । ভাৰতীয় মহিলা ক্ৰিকেট দলে লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ১২৮ বছৰৰ পাছত অলিম্পিকৰ মঞ্চত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন ঘটিব আৰু এই যাত্ৰাত ভাৰতৰ স্থান নিশ্চিত হোৱাটো দেশবাসীৰ বাবে এক গৌৰৱৰ বিষয় ।

কিদৰে ভাৰতে নিশ্চিত কৰিলে অলিম্পিকৰ টিকট?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে অলিম্পিকৰ বাবে এক নতুন যোগ্যতা নিৰ্ণয়ৰ প্ৰক্ৰিয়া ঘোষণা কৰিছে । এই নিয়ম অনুসৰি, এছিয়াৰ পৰা কেৱল এটা পোনপটীয়া কোটা আছিল । টি২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ত বাহিৰ হ’লেও, টুৰ্ণামেন্টখনত এছিয়ান দলসমূহৰ ভিতৰত ভাৰতৰ প্ৰদৰ্শন আছিল সৰ্বশ্ৰেষ্ঠ । ফলত আইচিচিৰ নতুন নিয়মৰ আধাৰত এছিয়াৰ পৰা এই ঐতিহাসিক সুযোগ লাভ কৰিলে ভাৰতে ।

কোন কোন দলে লাভ কৰিলে স্থান?

আইচিচিৰ নিৰ্ধাৰিত নিয়ম অনুসৰি আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু ওচেনিয়াৰ পৰা এটাকৈ দলকে পোনপটীয়া প্ৰৱেশ দিয়া হৈছে । সেই অনুসৰি :

এছিয়া: ভাৰত

ওচেনিয়া: অষ্ট্ৰেলিয়া

আফ্ৰিকা: দক্ষিণ আফ্ৰিকা

ইউৰোপ: গ্ৰেট ব্ৰিটেইন

টুৰ্ণামেন্টৰ গঠন আৰু ভৱিষ্যত :

লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ ক্ৰিকেট ইভেণ্টত মুঠ ৬টা দলে অংশগ্ৰহণ কৰিব । পঞ্চম স্থানৰ বাবে আয়োজক ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই সুযোগ পাব পাৰে, যদিহে তেওঁলোকে আইচিচি টি-২০ ৰেংকিঙৰ শীৰ্ষ-১৫ ত স্থান অৰ্জন কৰিব পাৰে । ষষ্ঠ স্থানটো ২০২৭ চনত হ’বলগীয়া আইচিচি অলিম্পিক কোৱালিফায়াৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব ।

ইতিহাসৰ সাক্ষী হ’বলৈ সাজু ক্ৰিকেট :

উল্লেখ্য যে ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পাছত ১২৮ বছৰ বিৰতিৰ অন্তত ক্ৰিকেটৰ এই প্ৰত্যাৱৰ্তনে ক্ৰীড়া জগতত নতুন উৎসাহৰ সৃষ্টি কৰিছে । আইচিচিৰ অধ্যক্ষ জয় শ্বাহে এই মুহূৰ্তক ‘ঐতিহাসিক’ বুলি অভিহিত কৰি কয় যে ই বিশ্বজুৰি ক্ৰিকেটক অধিক জনপ্ৰিয় কৰি তুলিব ।

কেলিফৰ্নিয়াৰ পমোনাৰ ফেয়াৰপ্লেক্স ময়দানত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টত ১৫ জনীয়া স্কোৱাড লৈ প্ৰতিটো দলে সোণৰ পদকৰ বাবে যুঁজ দিব । এই খবৰে ক্ৰিকেট অনুৰাগীসকলক গৌৰৱান্বিত কৰি তুলিছে ।

লগতে পঢ়ক : ১২৮ বছৰৰ পিছত অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনঃ আনুষ্ঠানিকভাৱে ঘোষণা যোগ্যতা নিৰ্ণয় প্ৰণালী

১২৮ বছৰৰ পিছত অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনঃ আনুষ্ঠানিকভাৱে ঘোষণা যোগ্যতা নিৰ্ণয় প্ৰণালী

IOC-ৰ কাৰ্যবাহী ব’ৰ্ডৰ অনুমোদনৰ পিছত LA অলিম্পিক ২০২৮-ৰ বাবে ক্ৰিকেটৰ যোগ্যতা নিৰ্ণয় প্ৰণালী আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে বুলি Olympics.com-এ প্ৰকাশ কৰিছে

আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (IOC) কাৰ্যবাহী ব’ৰ্ডৰ অনুমোদনৰ পিছত লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ বাবে ক্ৰিকেটৰ যোগ্যতা নিৰ্ণয় প্ৰণালী আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে । Olympics.com-এ প্ৰকাশ কৰিছে এই তথ্য ।এই ঐতিহাসিক ঘোষণাই ক্ৰিকেট অনুৰাগীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে ।

১২৮ বছৰৰ পিছত অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন-

প্ৰায় ১২৮ বছৰৰ বিৰতিৰ অন্তত পুনৰবাৰ অলিম্পিকৰ মঞ্চত ক্ৰিকেটে নিজৰ স্থান দখল কৰিবলৈ সাজু হৈছে । ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পিছত এইবাৰ LA28-ত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছে । এই ইভেণ্টত পুৰুষ আৰু মহিলাৰ বাবে পৃথককৈ টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

প্ৰতিযোগিতাৰ মূল নীতিসমূহ :

দলৰ সংখ্যা: পুৰুষ আৰু মহিলা উভয় শাখাতে ৬টাকৈ দলে অংশগ্ৰহণ কৰিব ।

খেলুৱৈৰ সংখ্যা: প্ৰতিটো দলত সৰ্বাধিক ১৫ জন খেলুৱৈ থাকিব পাৰিব ।

কোটা: পুৰুষ আৰু মহিলা দুয়োটা টুৰ্ণামেন্টৰ বাবে ৯০ টাকৈ খেলুৱৈৰ কোটা নিৰ্ধাৰণ কৰা হৈছে ।

মুঠ মেচ: এই দুটা ইভেণ্টত মুঠ ২৮ খন মেচ অনুষ্ঠিত হ’ব ।

অন্যান্য ক্ৰীড়াৰ যোগ্যতা নিৰ্ণয় প্ৰণালী

LA গেমছৰ বাবে এতিয়ালৈকে ৪৯টা ক্ৰীড়া শাখাৰ যোগ্যতা নিৰ্ণয় প্ৰণালী অনুমোদন কৰা হৈছে । শেহতীয়াকৈ মে’ মাহত বক্সিং আৰু ৱাটাৰ পোলোৰ বাবেও অনুমোদন পোৱা গৈছে । সম্প্ৰতি কেৱল এথলেটিক্স আৰু ফুটবলৰ যোগ্যতা নিৰ্ণয় প্ৰণালী ঘোষণা হ’বলৈ বাকী আছে, যিকেইটা অহা কেইদিনমানৰ ভিতৰতে প্ৰকাশ পাব বুলি আশা কৰা হৈছে ।

ইফালে, ছাৰ্ফিঙৰ যোগ্যতা নিৰ্ণয় প্ৰণালীত কিছু সালসলনি অনা হৈছে । আন্তৰ্জাতিক ছাৰ্ফিঙ সংস্থা আৰু ৱৰ্ল্ড ছাৰ্ফ লীগৰ উদ্যোগত হ’বলগীয়া প্ৰতিযোগিতাসমূহৰ স্থান বিতৰণৰ ক্ষেত্ৰত এই পৰিৱৰ্তন কৰা হৈছে, যাতে বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈসকলে অংশগ্ৰহণৰ সমান সুযোগ লাভ কৰে ।

প্ৰস্তুতি আৰু ভৱিষ্যত

LA28-ৰ যোগ্যতা নিৰ্ণয় প্ৰক্ৰিয়া ২০২৬ চনৰ পৰা ২০২৮ চনলৈ চলিব । অলিম্পিক চাৰ্টাৰ অনুসৰি প্ৰতিটো আন্তৰ্জাতিক ফেডাৰেচনক নিজৰ খেলৰ বাবে যোগ্যতা নিৰ্ণয়ৰ মাপকাঠি প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে । এই নতুন প্ৰণালীৰ মূল উদ্দেশ্য হৈছে খেলুৱৈসকলক যোগ্যতা অৰ্জনৰ বাবে একাধিক সুযোগ প্ৰদান কৰা আৰু বিশ্বব্যাপী ক্ৰীড়াৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰা ।

২০২৫ চনৰ মাৰ্চ মাহত IOC কাৰ্যবাহী ব’ৰ্ডৰ দ্বাৰা অনুমোদিত ‘কোৱালিফিকেচন ছিষ্টেম প্ৰিন্সিপলছ’-ৰ আধাৰতেই এই সকলোবোৰ প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক : স্বপ্ন ভংগ… মহিলা টি-২০ বিশ্বকাপত অন্ত পৰিল ভাৰতীয় দলৰ যাত্ৰা

অসমৰ ৪০ হাজাৰ স্কুলত আৰম্ভ হ’ব ‘অলিম্পিক মূল্যবোধ শিক্ষা’: মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰে অলিম্পিক ভেল্যুজ এডুকেশ্যন প্ৰগ্ৰেম’ অসমৰ ৩৫ খন জিলাৰে ৪০,০০০ তকৈও অধিক বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে

ৰাজ্যৰ শিক্ষা খণ্ডলৈ এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে অসম চৰকাৰ । শিক্ষাৰ্থীসকলৰ কেৱল শৈক্ষিক দিশটোৱেই নহয়, বৰঞ্চ তেওঁলোকৰ চৰিত্ৰ গঠন আৰু মানসিক বিকাশৰ বাবে এক বিশেষ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিবলৈ সাজু হৈছে । সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ‘অলিম্পিক ভেল্যুজ এডুকেশ্যন প্ৰগ্ৰেম’ (OVEP – অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচী) অসমৰ ৩৫ খন জিলাৰে ৪০,০০০ তকৈও অধিক বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৃংখলাবদ্ধতা, দলীয় সংহতি আৰু সামগ্ৰিক বিকাশৰ প্ৰসাৰ ঘটোৱা ।

শিক্ষাৰ্থীক গঢ়িব জীৱন শৈলীৰ দক্ষতাৰে

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)ত এই অভিলাষী আঁচনিখনৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ শিক্ষা ব্যৱস্থাই কেৱল কিতাপৰ পঢ়া বা শৈক্ষিক উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব দিয়াই নহয়, বৰঞ্চ যুৱ শিক্ষাৰ্থীসকলৰ মাজত প্ৰয়োজনীয় জীৱন শৈলীৰ দক্ষতা বৃদ্ধিৰ ওপৰতো বিশেষ মনোনিৱেশ কৰে ।

“শৈক্ষিক উৎকৃষ্টতাৰ বাহিৰেও আমি আমাৰ শিক্ষাৰ্থীসকলৰ মাজত শৃংখলাবদ্ধতা আৰু দলীয় সংহতি গঢ়ি তোলাক অগ্ৰাধিকাৰ দিওঁ । অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচীৰ জৰিয়তে আমি এই পাঠসমূহ অসমৰ ৪০,০০০ ৰো অধিক বিদ্যালয়লৈ লৈ গৈছোঁ আৰু শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত- দুয়োটাতে পাৰদৰ্শিতা দেখুৱাবলৈ সাজু থকা এটা নতুন প্ৰজন্মক গঢ়ি তুলিছোঁ,”- মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় ।

OVEP কাৰ্যসূচীৰ মূল লক্ষ্য কি ?

এই কাৰ্যসূচীটোৰ এক স্পষ্ট লক্ষ্য আৰু ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে । ইয়াৰ প্ৰধান লক্ষ্যসমূহ হ’ল :

-শিক্ষাৰ্থীসকলৰ মাজত অলিম্পিকৰ আদৰ্শ আৰু মূল্যবোধ জগাই তোলা ।

-স্বাস্থ্যকৰ জীৱনশৈলী আৰু ক্ৰীড়া সুলভ মনোভাৱক উদগনি দিয়া ।

-শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মনোযোগ বৃদ্ধি কৰা ।

-সমাজৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীক একত্ৰিত কৰি সামাজিক অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰা ।

শিক্ষকসকলকো দিয়া হ’ব বিশেষ প্ৰশিক্ষণ

এই কাৰ্যসূচী কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজতে সীমাবদ্ধ নাথাকিব । ইয়াৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকসকলকো সৱলীকৰণ কৰা হ’ব । শিক্ষকসকলে যাতে দৈনিক শ্ৰেণীকোঠাৰ পাঠদান আৰু বিভিন্ন কাৰ্যকলাপত এই মূল্যবোধ-ভিত্তিক শিক্ষাক সহজতে অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰ বাবে তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষিত কৰা হ’ব ।

লগতে পঢ়ক : অসমৰ ১৮.৬০ লাখ কৃষকৰ একাউণ্টলৈ ৩৭২ কোটি টকা! প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ উপহাৰ

‘২০৩৬ চনৰ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ১০০ তকৈ অধিক পদক লাভ কৰিব’; জয় শ্বাহ

২০৩৬ চনৰ অলিম্পিকক লৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহে এক ডাঙৰ মন্তব্য কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহে দেওবাৰে কয় যে,২০৩০ চনত কমনৱেলথ গেমছ আয়োজন কৰাৰ পিছত ভাৰতে কমেও ১০০টা পদক লাভৰ লক্ষ্যৰে ২০৩৬ চনত গুজৰাটলৈ অলিম্পিক গেমছ অনাৰ লক্ষ্য লৈছে।

ড০ হেডগেৱাৰ সেৱা স্মৃতি সেৱা সমিতিৰ উদ্যোগত চুৰাটত আয়োজিত ‘ৰাণ ফৰ গাৰ্ল চাইল্ড’ মাৰাথনত ভাষণ দি শ্বাহে কয়,গুজৰাটলৈ কমনৱেলথ গেমছ অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

তেওঁ কয় যে,’কমনৱেলথ গেমছ ২০৩০ৰ পিছত আমাৰ লক্ষ্য হৈছে ২০৩৬ চনত ইয়াত অলিম্পিক আয়োজন কৰা।’ পেৰিছ অলিম্পিক ২০২৪ত ভাৰতে ৮টা পদক লাভ কৰিছিল,এই প্ৰদৰ্শনৰ কথা উল্লেখ কৰি শ্বাহে কয়,২০৩৬ চনৰ লক্ষ্য কমেও ১০০ পদক হ’ব লাগে য’ত গুজৰাটৰ অৱদান ১০ পদক হ’ব লাগে।

এই পদকসমূহৰ ভিতৰত কমেও দুটা পদক মহিলা খেলুৱৈয়ে লাভ কৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে। শ্বাহে বাৰ্বাডোছত ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ সফলতাৰ বাবেও প্ৰশংসা কৰে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে বাংলাদেশী দল; IPL ৰ বিতৰ্কৰ মাজতে BCB ৰ সিদ্ধান্ত

অলিম্পিক ২০৩৬ৰ বাবে দাবী উত্থাপন ভাৰতৰ; এইখন চহৰত আয়োজন কৰাৰ প্ৰস্তাৱ

অলিম্পিক ২০৩৬ৰ বাবে দাবী ভাৰতৰ

অলিম্পিক ২০৩৬ৰ আয়োজনক লৈ বৰ্তমান চৰ্চা চলিছে।ভাৰতে বৰ্তমান ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ অনুমতি লাভ কৰিবলৈ চেষ্টা চলাই আছে।

ভাৰতীয় অলিম্পিক সন্থাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ১ জুলাই মঙলবাৰে ল’জানস্থিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।

ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ বহু উচ্চপদস্থ বিষয়াক ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল।সেই প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল পি টি উষা, যি বৰ্তমান দেশৰ অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি।

ভাৰতীয় প্ৰতিনিধি দলটোৱে তাত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আহমেদাবাদত অলিম্পিক ২০৩৬ আয়োজন কৰিব বিচৰা বুলি কয়।

ভাৰতে আনুষ্ঠানিকভাৱে অলিম্পিক ২০৩৬ আয়োজনৰ দিশত এখোজ আগুৱাই লৈ গৈছে।এই উপলক্ষে IOC এভাৰতীয় প্ৰতিনিধি দলটোক গ্ৰীষ্মকালীন গেমছ আয়োজন কৰিবলৈ ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিনিধি দলটোৱে কয় যে, এয়া আছিল এক গুৰুত্বপূৰ্ণ আলোচনা, য’ত তেওঁক আহমেদাবাদত অলিম্পিক আয়োজন কৰাৰ বিষয়ে অৱগত কৰা হৈছিল।

লছ এঞ্জেলছত ২০৩২ চনৰ অলিম্পিক

উল্লেখ্য যে, ২০২৮ চনৰ অলিম্পিক লছ এঞ্জেলছত আৰু ২০৩২ চনৰ অলিম্পিক ব্রিজবেনত অনুষ্ঠিত হ’ব, এনে পৰিস্থিতিত ভাৰতৰ দৃষ্টি এতিয়া ৩৬ ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ ওপৰত আছে।

ভাৰতৰ লগতে চৌদি আৰব, ইণ্ডোনেছিয়া, তুৰ্কিয়ে আৰু চিলিৰ দৰে দেশসমূহো ২০৩৬ চনৰ অলিম্পিক আৰু পেৰালিম্পিক আয়োজনৰ দৌৰত নামি পৰিছে।

IOC এ আয়োজক দেশৰ বাছনি প্ৰক্ৰিয়াত কিছু পৰিৱৰ্তন কৰিছে। এনে পৰিস্থিতিত এতিয়া লক্ষ্যণীয় হ’ব ৩৬ চনৰ অলিম্পিক গেমছৰ আয়োজনৰ অনুমতি ভাৰতে পায় নে নাপায়।

অলিম্পিক কমিটীৰ সৈতে হোৱা বৈঠকৰ পাছত কি ক’লে পি টি উষাই?

অলিম্পিক কমিটীৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই কয়, ‘ভাৰতীয় ভূমিত অলিম্পিক কেৱল স্মৰণীয় অনুষ্ঠান নহয়, বৰং ইয়াৰ প্ৰভাৱ আগন্তুক প্ৰজন্মৰ ওপৰতো পৰিব।

ইয়াৰ পূৰ্বে ভাৰতে ২০২৩ চনৰ অক্টোবৰ মাহত IOC লৈ এখন পত্ৰ লিখি ৩৬ৰ অলিম্পিক আয়োজন কৰাৰ দাবী জনাইছিল।

লগতে পঢ়কে: দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…

আন এক কৃতিত্ব অৰ্জন কৰিলে ‘গ’ল্ডেন বয়’ নীৰজ চোপ্ৰাই…  

শুকুৰবাৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই আন এক স্মৰণীয় কৃতিত্ব অৰ্জন কৰি ইত্হাস ৰচনা কৰে । জেভলিন থ্ৰ’ত তেওঁ ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে । জেভলিন থ্ৰ’ত চোপ্ৰাই প্ৰথমবাৰৰ বাবে ৯০ মিটাৰ বাধা অতিক্ৰম কৰে । ২০২৫ চনৰ দোহা ডাইমণ্ড লীগত তেওঁ ৯০.২৩ মিটাৰ জেভেলিন নিক্ষেপ কৰিছিল যদিও ইয়াৰ পিছতো তেওঁ দ্বিতীয় স্থানত সন্তুষ্ট হ’বলগীয়া হৈছিল ।

জাৰ্মানীৰ জুলিয়ান ৱেবাৰে শেষ থ্ৰ’ত ৯১.০৬ মিটাৰ নিক্ষেপ কৰি প্ৰথম স্থান লাভ কৰে । নীৰজৰ এই থ্ৰ’ তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন । ইয়াৰ পূৰ্বে তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ আছিল ৮৯.৯৪ মিটাৰ । এই থ্ৰ’ৰ জৰিয়তে নীৰজে বিশ্বৰ ২৫ সংখ্যক খেলুৱৈ আৰু এছিয়াৰ ৯০ মিটাৰতকৈ অধিক থ্ৰ’ কৰা তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছে । জুলিয়ান ৱেবাৰেও প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ বাহিৰলৈ জেভেলিন নিক্ষেপ কৰা বিশ্বৰ ২৬ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয় ।

এই প্ৰতিযোগিতাত দুবাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে তৃতীয় স্থান লাভ কৰে । তেওঁ প্ৰথম প্ৰচেষ্টাত ৮৪.৬৫ মিটাৰ থ্ৰ কৰে । আন এগৰাকী ভাৰতীয় জেভেলিন নিক্ষেপকাৰী কিশোৰ জেনাও দোহাত অংশ লৈছিল যদিও তেওঁ ৭৮.৬০ মিটাৰ থ্ৰ কৰি অষ্টম স্থান দখল কৰে । ৯০ মিটাৰ দৌৰ ভংগ কৰা আন দুজন এছিয়ান খেলুৱৈ হ’ল পাকিস্তানৰ অলিম্পিক চেম্পিয়ন আৰ্ছাদ নাদীম (৯২.৯৭ মিটাৰ) আৰু চীনা টাইপেইৰ চাও-চুন চেং (৯১.৩৬ মিটাৰ) ।

ইভেণ্টত নীৰজে প্ৰথম প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ থ্ৰ কৰি দ্বিতীয়বাৰ ফাউল কৰি তৃতীয় প্ৰচেষ্টাত ৯০.২৩ মিটাৰত উপনীত হয় । ইয়াৰ পিছত তেওঁ জেভেলিন ক্ৰমে ৮০.৫৬ মিটাৰলৈ নিক্ষেপ কৰে, আন এটা ফাউল, আৰু তাৰ পিছত ক্ৰমে ৮৮.২০ মিটাৰ ।

নীৰজে ২০১৮ চনত প্ৰথমবাৰৰ বাবে দোহা ডাইমণ্ড লীগত অংশগ্ৰহণ কৰাৰ পিছত চতুৰ্থ স্থান দখল কৰে । টকিঅ’ অলিম্পিকত সোণৰ পদক জয় কৰাৰ পিছত ২০২৩ চনত ডোহাত প্ৰথম আৰু ২০২৪ চনত দ্বিতীয় স্থান দখল কৰিছিল ।

ডাইমণ্ড লীগৰ এটা লেগত প্ৰথম স্থান দখল কৰাৰ বাবে এজন খেলুৱৈয়ে লাভ কৰে ৮ পইণ্ট । আনহাতে দ্বিতীয় স্থান লাভৰ বাবে ৭ পইণ্ট, তৃতীয় স্থান লাভৰ বাবে ৬ পইণ্ট আৰু চতুৰ্থ স্থান লাভৰ বাবে ৫ পইণ্ট দিয়া হয় । অৰ্থাৎ নীৰজ চোপ্ৰাই ৭ পইণ্ট লাভ কৰাৰ বিপৰীতে ৱেবাৰে ৮ পইণ্ট লাভ কৰে । ২৭ আৰু ২৮ ছেপ্টেম্বৰত জুৰিখত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগ ফাইনেলৰ জৰিয়তে ডাইমণ্ড লীগ ২০২৫ৰ সামৰণি পৰিব । ডাইমণ্ড লীগৰ ফাইনেলত বিজেতাই লাভ কৰে ডাইমণ্ড ট্ৰফী ।

নীৰজ চোপ্ৰাৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ জেভেলিন থ্ৰ’-

নীৰজ চোপ্ৰাৰ পূৰ্বৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৯.৯৪ মিটাৰ, যিটো তেওঁ ২০২২ চনৰ ৩০ জুনত ষ্টকহ’ম ডাইমণ্ড লীগত কৰিছিল । এই অভিলেখ তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ আৰু সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখো আছিল ।

২০২৪ চনত চোপ্ৰাই কেইবাবাৰো এই অভিলেখ ভংগ কৰাৰ ওচৰ চাপিছিল । মাত্ৰ দুসপ্তাহৰ ভিতৰতে তেওঁ পৰৱৰ্তী তিনিটা বেষ্ট থ্ৰ’ কৰিছিল । ল’জান ডাইমণ্ড লীগৰ ফাইনেল আৰু অলিম্পিক কোৱালিফিকেশন ইভেণ্টত তেওঁ ক্ৰমে ৮৯.৪৫ মিটাৰ আৰু ৮৯.৩৪ মিটাৰ নিক্ষেপ কৰে । ৮৯.৪৯ মিটাৰত তেওঁৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ’ ল’জানতো হৈছিল, যাৰ ফলত তেওঁ ডাইমণ্ড লীগ মিটত দ্বিতীয় স্থান লাভ কৰিছিল ।

১২৮ বছৰৰ মূৰত অলিম্পিকত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন… খেলিব ৬ টা দলে, অংশগ্ৰহণ কৰিব ৯০জন খেলুৱৈয়ে

১২৮ বছৰৰ পাছত অলিম্পিকত ঐতিহাসিক প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে ক্ৰিকেটে । লছ এঞ্জেলছ ২০২৮ অলিম্পিক গেমছত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট । ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পিছত এইবাৰ ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ’ব । তেতিয়া ইয়াত মাত্ৰ এখন মেচ খেলা হৈছিল ।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে নিশ্চিত কৰিছে যে ১২৮ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ক্ৰিকেট অলিম্পিক গেমছলৈ ঘূৰি আহিব, য’ত পুৰুষ আৰু মহিলা উভয় শাখাত ছটা দলে অংশগ্ৰহণ কৰিব । এই ইভেন্টত মুঠ ৯০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হ’বলগীয়া পাঁচটা নতুন খেলৰ ভিতৰত ক্ৰিকেট অন্যতম । ইয়াৰ উপৰিও স্কোয়াছ, ফ্লেগ ফুটবল, বেছবল/চফটবল আৰু লেক্ৰছ আদি অন্তৰ্ভুক্ত কৰা হৈছে । অলিম্পিকত ক্ৰিকেটৰ অৰ্হতাৰ মাপকাঠী এতিয়াও চূড়ান্ত হোৱা নাই ।

টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ দৰে নহয়, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰায় ১০০খন দেশে খেলে, যাৰ বাবে অৰ্হতা প্ৰক্ৰিয়া যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে । বিশেষ কথাটো হ’ল আয়োজক হিচাপে আমেৰিকাই প্ৰতিযোগিতাখনত প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰিব পাৰে ।

লছ এঞ্জেলছ অলিম্পিকৰ বাবে অনুষ্ঠিত হ’বলগীয়া ইভেণ্ট প্ৰগ্ৰেমত বুধবাৰে (৯ এপ্ৰিল) আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডে অনুমোদন জনায় । ২০২৮ চনৰ অলিম্পিকত মুঠ ৩৫১টা পদক ইভেণ্ট অনুষ্ঠিত হ’ব । যিটো পেৰিছ অলিম্পিকতকৈ ২২ টা বেছি । আই অ’ চিয়ে ঘোষণা কৰে যে মূল এথলীট কোটা ১০,৫০০ ত থাকিব, পাঁচটা নতুন খেলৰ বাবে অতিৰিক্ত ৬৯৮ খেলুৱৈ আবণ্টন দিয়া হ’ব ।

শেহতীয়াকৈ বহু ক্ৰীড়া ইভেণ্টত ক্ৰিকেটৰ পুনৰ আগমন ঘটিছে । ২০২২ চনৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হয় । য’ত অষ্ট্ৰেলিয়াই স্বৰ্ণ আৰু ভাৰতে ৰূপৰ পদক লাভ কৰে । ২০২৩ চনত হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ১৪টা পুৰুষৰ দল আৰু ৯টা মহিলা দলে অংশগ্ৰহণ কৰিছিল, য’ত ভাৰতে দুয়োটা শাখাতে স্বৰ্ণ পদক লাভ কৰিছিল ।

২০২১ চনৰ পৰা আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া-

২০২১ চনৰ আগষ্ট মাহত ক্ৰিকেটক লছ এঞ্জেলছ গেমছত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আনুষ্ঠানিকভাৱে ইয়াক অন্তৰ্ভুক্ত কৰাৰ অভিযান আৰম্ভ কৰে । ইয়াৰ ফলত আই চি চি আৰু এল এ ২৮ আয়োজক সমিতিৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা আৰম্ভ হয় আৰু ২০২৩ চনৰ অক্টোবৰ মাহত ইয়াৰ শিখৰত উপনীত হয় । তাৰ পিছত ক্ৰিকেটক পাঁচটা নতুন খেলৰ ভিতৰত অন্যতম হিচাপে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা হয় ।

ইতিমধ্যে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ব্রিজবেন ২০৩২কে ধৰি ভৱিষ্যতৰ অলিম্পিক গেমছত ক্ৰিকেটৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে দীৰ্ঘম্যাদী কৌশলৰ কাম কৰি আছে । ২০২৮ চনত ক্ৰিকেটক অলিম্পিক মঞ্চলৈ অনাৰ অভিযানত বি চি চি আইৰ প্ৰাক্তন সচিবগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

মল্লযুঁজাৰু সুশীল কুমাৰক জামিন…দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে সকাহ

সাগৰ ধনখৰ হত্যাকাণ্ডৰ গোচৰত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰক জামিন প্ৰদান কৰে । এই গোচৰটো ২০২১ চনত ছাত্রছাল ষ্টেডিয়ামত সংঘটিত হোৱা যুঁজৰ সৈতে জড়িত, য’ত প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰ ধনখৰৰ মৃত্যু হৈছিল ।


ন্যায়াধীশ সঞ্জীৱ নাৰুলাই ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু দুজন জামানতদাৰৰ ভিত্তিত সুশীল কুমাৰক সকাহ প্ৰদান কৰে । ২০২১ চনৰ মে’ মাহত সুশীল কুমাৰকে ধৰি অন্যান্য সকলৰ বিৰুদ্ধে সাগৰ ধনখৰ আৰু তেওঁৰ বন্ধুবৰ্গক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি এই বিবাদ এটা সম্পত্তিৰ বিষয়ক লৈ সংঘটিত হৈছিল ।


মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন-
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি গধুৰ বস্তুৰে কৰা আক্ৰমণত সাগৰ ধনখৰ গুৰুতৰভাৱে আহত হয়, যাৰ ফলত মগজুৰ ক্ষতি হয় আৰু মৃত্যু হয় । সুশীল কুমাৰৰ অধিবক্তা আৰ কে মালিকে আদালতত যুক্তি দিছিল যে তেওঁ তিনি বছৰতকৈ অধিক সময় কাৰাগাৰত আছে আৰু ২০০ সাক্ষীৰ ভিতৰত মাত্ৰ ৩১ জন সাক্ষীয়েহে সাক্ষ্য দিছে । এনে পৰিস্থিতিত গোচৰটো নিষ্পত্তি কৰিবলৈ বহু সময় লাগিব পাৰে । এই সকলোবোৰ তথ্য উচ্চ ন্যায়ালয়ে বিবেচনা কৰি আদালতে নিয়মীয়া জামিন মঞ্জুৰ কৰে ।


সাগৰ ধনখৰ হত্যাকাণ্ডৰ গোচৰত কাৰাগাৰত আছে সুশীল-
যদিও বিচাৰ বিভাগে জামিনৰ বিৰোধিতা কৰিছিল, তথাপিও পলম হোৱাৰ দোহাই দি আদালতে সুশীল কুমাৰক জামিন মঞ্জুৰ কৰাৰ সিদ্ধান্ত লয় । প্ৰায় ডেৰ-দুঘণ্টা ধৰি অধিবক্তা দুজনৰ মাজত বিতৰ্ক অব্যাহত আছিল । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৩ চনৰ জুলাই মাহত আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে সুশীল কুমাৰক সাত দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল ।

কোন হয় অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ কইনা হোৱা হিমানী…ক্ৰীড়াৰ সৈতে আছে গভীৰ সম্পৰ্ক

দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই হিমানী মৌৰক বিয়া কৰাই অনুৰাগীক আচৰিত কৰি তোলে । অনুষ্টুপীয়াকৈ বিবাহপাশত আবদ্ধ হয় এই দম্পতীহাল আৰু তাৰ পিছতে হনিমুনলৈ ৰাওনা হয় । ইফালে এতিয়া অনুৰাগীৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে যে কোন হয় ‘গোল্ডেন বয়’ৰ কইনা হিমানী মৌৰ ?

নীৰজে বিবাহ অনুষ্ঠানৰ আকৰ্ষণীয় ফটোৰ সৈতে ছচিয়েল মিডিয়াত এই ভাল খবৰ শ্বেয়াৰ কৰিছিল, লগতে লিখিছিল, ‘মোৰ পৰিয়ালৰ সৈতে জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছোঁ । এই মুহূৰ্তলৈ আমাক একত্ৰিত কৰা প্ৰতিটো আশীৰ্বাদৰ বাবে কৃতজ্ঞ ।’

কোন হয় নীৰজ চোপ্ৰাৰ কইনা হিমানী মৌৰ ?

২৫ বছৰীয়া হিমানী মৌৰৰ ঘৰ হাৰিয়ানাৰ শোণিপটত । শৈক্ষিক আৰু এথলেটিক দুয়োটা দিশতে তেওঁ পাৰদৰ্শিতা দেখুৱাইছে । শোনিপটৰ লিটিল এঞ্জেলছ স্কুলত অধ্যয়ন কৰা হিমানীয়ে বৰ্তমান আমেৰিকাৰ নিউ হামচায়াৰৰ ফ্ৰেংকলিন পিয়ৰ্চ বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া ব্যৱস্থাপনাত ডিগ্ৰী লাভ কৰিছে । ইয়াৰ পূৰ্বে হিমানীয়ে দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

টেনিছত হিমানীৰ কৃতিত্ব-

ৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছ খেলুৱৈ হিচাপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে হিমানীয়ে । তেওঁৰ শ্ৰেষ্ঠ অল ইণ্ডিয়া টেনিছ এছ’চিয়েচন (এ আই টি এ)ৰ ৰেংকিং আছিল একক ত ৪২ আৰু ডাবলছত ২৭, যিটো তেওঁ ২০১৮ চনত ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত আত্মপ্ৰকাশ কৰাৰ কিছু দিন পিছতে অৰ্জন কৰিছিল । তেওঁ এ আই টি এ মহিলা ডাবলছ ৰেংকিঙৰ শীৰ্ষ ৩০ ত ১৪ সপ্তাহ আছিল আৰু নিজকে হাৰিয়ানাৰ শীৰ্ষ টেনিছ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছিল ।

সহকাৰী প্ৰশিক্ষক হিচাপেও কাম কৰে হিমানীয়ে-

অধ্যয়নৰ উপৰিও হিমানীয়ে মাছাচুচেটছৰ আমহাৰ্ষ্ট কলেজত মহিলা টেনিছৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰে । এই ভূমিকাই তেওঁক কলেজৰ ক্ৰীড়া কাৰ্যসূচীত অৰিহণা যোগোৱাৰ লগতে কাম আৰু অধ্যয়নৰ ফলপ্ৰসূ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ।

গোপনে বিবাহপাশত আৱদ্ধ হয় নীৰজ আৰু হিমানী-

গোপনীয়তা বজাই ৰাখিবলৈ অতি সাধাৰণভাৱে এই বিয়া আয়োজন কৰা হৈছিল । নীৰজৰ খুড়াক ভীমে এই বিবাহ ঘোষণাৰ দুদিন আগতে হোৱা বুলি জনাইছিল যদিও বিয়াৰ স্থানৰ কথা তেওঁ কোৱা নাছিল । হাৰিয়ানাৰ পানীপটৰ সমীপৰ খণ্ড্ৰাত সংবাদমাধ্যমৰ আগত ভীমে কয় যে, ‘হয়, দুদিন পূৰ্বে ভাৰততে হৈছিল এই বিবাহ । কিন্তু এই বিবাহ ক’ত হৈছিল সেয়া ক’ব নোৱাৰিম ।’