বিবাহপাশত আৱদ্ধ হ’ল অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰা…হঠাতে দিলে চমক

ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে । সকলোকে আচৰিত কৰি তেওঁ বিবাহপাশত আৱদ্ধ হৈছে । দেওবাৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এই কথা ঘোষণা কৰে । নিজৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘পৰিয়ালৰ সৈতে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছোঁ । এই মুহূৰ্তত আমাক একত্ৰিত কৰা প্ৰতিটো আশীৰ্বাদৰ বাবে কৃতজ্ঞ ।’ উল্লেখ্য যে, নীৰজৰ জীৱন সংগীৰ নাম হিমানী । ১৯ জানুৱাৰী দেওবাৰে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ বিয়াৰ ৩খন ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক এই বিষয়ে অৱগত কৰে নীৰজে ।

ফটো শ্বেয়াৰ কৰি অৱগত কৰিলে অনুৰাগীক-

২৭ বছৰীয়া নীৰজে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পত্নী হিমানীৰ সৈতে তেওঁৰ বিয়াৰ ফটো শ্বেয়াৰ কৰে য’ত পৰিয়ালৰ দুই এজন সদস্যকহে দেখা গৈছে । মাতৃৰ সৈতেও এখন ফটো পোষ্ট কৰে তেওঁ ।

উল্লেখ্য যে, বৰ্তমান সময়ত নীৰজৰ পত্নী হিমানী কোন আৰু তেওঁ কি কৰে সেই সন্দৰ্ভত কোনো তথ্য পোৱা হোৱা নাই আৰু নীৰজেও এই সন্দৰ্ভত একো প্ৰকাশ কৰা নাই । দুয়োৰে পুৰণি সম্পৰ্ক আছে নে পৰিয়ালৰ পছন্দ অনুসৰি নীৰজে বিবাহপাশত আবদ্ধ হৈছে সেয়াও স্পষ্ট হোৱা নাই ।

২৭ বছৰীয়া নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল ।

ক্ৰিকেট, অলিম্পিক, দবা…ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক স্মৰণীয় বছৰ আছিল ২০২৪, জানক ৫টা ডাঙৰ সাফল্য

২০২৪ বৰ্ষটোত ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ প্ৰদৰ্শন যথেষ্ঠ উৎসাহজনক আছিল । এই বছৰ অলিম্পিক আৰু টি-২০ ক্ৰিকেট বিশ্বকাপৰ দৰে বিশ্বব্যাপী ইভেণ্টকে ধৰি বহুতো ডাঙৰ ডাঙৰ ইভেণ্ট অনুষ্ঠিত হৈছিল । ২০২৪ বৰ্ষ পাৰ হোৱাৰ লগে লগে এই বছৰ ভাৰতে লাভ কৰা ৫ টা ডাঙৰ ক্ৰীড়া কৃতিত্বৰ ওপৰত চকু ফুৰাওঁ আহক ।

টি-২০ বিশ্বকাপৰ খিতাপ দখল-

টি-২০ বিশ্বকাপ জয় কৰাটো ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ বাবে এক অতি বিশেষ কৃতিত্ব আছিল । ৰোহিত শৰ্মাৰ নেতৃত্বত এই জয়ৰ ফলত ভাৰতৰ ১১ বছৰীয়া আই চি চি ট্ৰফীৰ খৰাং পৰিস্থিতিৰ অন্ত পৰে । ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই যৌথভাৱে আয়োজন কৰা বিশ্বকাপত বাৰ্বাডোছত অনুষ্ঠিত হোৱা ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি ভাৰতীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফী দখল কৰে । ইয়াৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ২০০৭ চনত টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত ভাৰতে জয়লাভ কৰিছিল । ভাৰতীয় ক্ৰিকেটৰ বাবে বিশ্বকাপ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হয় । ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাডেজাৰ দৰে খেলুৱৈয়ে টি-২০ ফৰ্মেটৰ পৰা অৱসৰো ঘোষণা কৰে ।

মনু ভাকৰে ৰচিলে ইতিহাস-

যদিও ভাৰতে পেৰিছ অলিম্পিকত টকিঅ’ অলিম্পিকৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে, কিন্তু ভাৰতৰ যুৱ তাৰকা শ্বুটাৰ মনু ভাকৰে ইতিহাস সৃষ্টি কৰিলে । টকিঅ’ অলিম্পিকত নিজৰ অভিযান অতি হতাশাজনকভাৱে সমাপ্ত কৰাৰ পিছত মনু ভাকৰে কল্পনাতীত প্ৰত্যাৱৰ্তন ঘটায় । মনু ভাকৰে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্যক্তিগত আৰু দলীয় ইভেণ্টত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি অভিলেখ সৃষ্টি কৰে । ইয়াৰ লগে লগে একেখন অলিম্পিকতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ ।

গ’ল্ডেন বয়ৰ কৃতিত্ব-

টকিঅ’ অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰে । ট্ৰেক এণ্ড ফিল্ডত ভাৰতৰ প্ৰথমগৰাকী স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই পেৰিছত অনুষ্ঠিত জেভলিন থ্ৰ’ ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । যদিও তেওঁ অলিম্পিকৰ অভিলেখ গঢ়ি তোলা এক অসাধাৰণ থ্ৰ’ (৯২.৯৭ মিটাৰ) কৰি সোণৰ পদক লাভ কৰা পাকিস্তানৰ আৰ্ছাদ নাদীমৰ পিছ পৰি আছিল, তথাপিও পেৰিছত নীৰজৰ ৰূপৰ পদক ভাৰতৰ আটাইতকৈ ডাঙৰ পদক হিচাপে প্ৰমাণিত হৈছিল, যিয়ে তাৰকা খেলুৱৈগৰাকীৰ উচ্চতাক উজ্জ্বল কৰি তুলিছিল ।

পেৰালিম্পিক গেমছত ভাৰতৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শন-

পেৰিছ অলিম্পিকৰ পিছত পেৰালিম্পিক গেমছতো ভাৰতৰ প্ৰদৰ্শন আছিল অতি বিশেষ । এই খেলসমূহত ভাৰতে পেৰিছ পেৰালিম্পিকৰ প্ৰদৰ্শনক অতিক্ৰম কৰি ইতিহাসৰ সৃষ্টি কৰিছিল । পেৰিছ পেৰালিম্পিকত ভাৰতে ৭টা স্বৰ্ণ পদককে ধৰি মুঠ ২৯টা পদক লাভ কৰে । ইয়াৰ উপৰিও ৯টা ৰূপৰ পদক আৰু ১৩টা ব্ৰঞ্জৰ পদকো লাভ কৰে । ইয়াৰ পূৰ্বে ভাৰতীয় পেৰালিম্পিক খেলুৱৈসকলে টকিঅ’ ২০২০ গেমছত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল, য’ত তেওঁলোকে ৫টা স্বৰ্ণ পদককে ধৰি ১৯টা পদক লাভ কৰিছিল ।

দবা খেলত বিশ্ববাসীক আচৰিত কৰি তুলিলে ডি গুকেশে-

ক্ৰিকেট, অলিম্পিক আৰু পেৰালিম্পিক গেমছৰ উপৰিও এইবাৰ দবাৰ জগতখনত আধিপত্য বিস্তাৰ কৰা ডি গুকেশে মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব দবা চেম্পিয়ন হৈ ইতিহাস সৃষ্টি কৰে । ভাৰতৰ হৈ এই কৃতিত্ব অৰ্জন কৰা গুকেশ দ্বিতীয়জন খেলুৱৈ । ২০২৪ চনৰ ১২ ডিচেম্বৰত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি তেওঁ এই অসাধাৰণ কৃতিত্ব অৰ্জন কৰে । এই জয়েৰে ভাৰতে ১১ বছৰৰ পাছত এই খিতাপ পুনৰ দখল কৰে । ইয়াৰ পূৰ্বে কেৱল বিশ্বনাথন আনন্দে এই কৃতিত্ব অৰ্জন কৰিছিল ।

খেলৰত্ন বিষয়ত মৌনতা ভংগ কৰিলে মনু ভাকৰে…আৱেগিক পোষ্টত প্ৰকাশ কৰিলে অনুভৱ

খেলৰত্ন বঁটা প্ৰসংগক লৈ অৱশেষত মৌনতা ভংগ কৰিলে ভাৰতৰ তাৰকা শ্বুটাৰ তথা পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজয়ী ২২ বছৰীয়া মনু ভাকৰে । এই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁ এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে স্পষ্টীকৰণ দিছে ।

উল্লেখ্য যে একাংশ সংবাদ মাধ্যমৰ বাতৰিত মনু ভাকৰ খেলৰত্ন বঁটাৰ বাবে মনোনীত হোৱা নাই বুলি দাবী কৰা হৈছে । মনু ভাকৰৰ পিতৃয়েও এই সমগ্ৰ বিষয়টোক লৈ এক বিবৃতি দি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ।

ইয়াৰ পিছতে এতিয়া মনু ভাকৰে নিজেই আগবাঢ়ি আহি এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে । তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কৈছে যে তেওঁৰ প্ৰথম লক্ষ্য দেশৰ বাবে পদক লাভ কৰা, কোনো বঁটা লাভ কৰা নহয় । মনুৱে কয় যে বঁটা তেওঁৰ বাবে প্ৰেৰণা হ’ব পাৰে, কিন্তু তেওঁৰ লক্ষ্য নহয় ।

তাৰকা শ্বুটাৰ মনুৱে নিজৰ পোষ্টত কি ক’লে ?

মনু ভাকৰে পোষ্টটোত লিখিছে, ‘মোৰ খেলৰত্ন বঁটাৰ মনোনয়নক লৈ বহু চৰ্চা চলিছে । এই বিষয়ে মই ক’ব বিচাৰিছো যে এজন খেলুৱৈ হিচাপে মোৰ কাম হৈছে দেশৰ হৈ খেলা আৰু প্ৰদৰ্শন কৰা । বঁটা বা যিকোনো সন্মানে মোক উৎসাহিত কৰে, কিন্তু এইবোৰ মোৰ লক্ষ্য নহয় ।‘

তেওঁ কয়, ‘মই ভাবো মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল, যিটো শুধৰণি কৰা হৈছে । বঁটা পাওঁ বা নাপাওঁ, দেশৰ বাবে যিমান পাৰি পদক লাভ কৰাৰ চেষ্টা কৰি যাম । সকলোকে অনুৰোধ জনাইছো যে আৰু এই বিষয়ত চৰ্চা নকৰিব ।‘

পেৰিছত মনুৱে লাভ কৰে ২টা অলিম্পিক পদক-

উল্লেখ্য যে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত ইভেণ্টত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰ পিছত একেখন অলিম্পিকতে শ্বুটিংৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত সাৰবজোৎ সিঙৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তেওঁ ।

তেওঁ শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ । তদুপৰি এখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় । এখন অলিম্পিকত তিনিটা পদক লাভ কৰা একমাত্ৰ ভাৰতীয় হৈ ইতিহাস সৃষ্টিৰ পথত আছিল যদিও মনু মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত সামান্য ব্যৱধানত বঞ্চিত হৈছিল ।