টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে বাংলাদেশী দল; IPL ৰ বিতৰ্কৰ মাজতে BCB ৰ সিদ্ধান্ত

টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে বাংলাদেশী দল; IPL ৰ বিতৰ্কৰ মাজতে BCB ৰ সিদ্ধান্ত

IPL ৰ বিতৰ্কৰ মাজতে BCB এ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। টি-২০ বিশ্বকাপ ২০২৬ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশৰ দল। IPL ৰ বিতৰ্কৰ মাজতে BCB এ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশৰ দল। বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলে ৪ জানুৱাৰী

IPL ৰ বিতৰ্কৰ মাজতে BCB এ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। টি-২০ বিশ্বকাপ ২০২৬ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশৰ দল।

IPL ৰ বিতৰ্কৰ মাজতে BCB এ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশৰ দল।

বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলে ৪ জানুৱাৰী (দেওবাৰ)ত সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে।নজৰুলে কৈছে যে, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই বিষয়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰে কাৰণ এই বৃহৎ অনুষ্ঠানৰ বাবে আই চি চিয়ে সূচী প্ৰস্তুত কৰে।

আছিফ নাজৰুলে নিজৰ ফেচবুক একাউণ্টত লিখিছে, ‘বাংলাদেশে বিশ্বকাপ খেলিবলৈ ভাৰত ভ্ৰমণ নকৰে। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আজি (৪ জানুৱাৰী) এই সিদ্ধান্ত গ্ৰহণ কৰিছে।’

‘আমি এই সিদ্ধান্তক আদৰণি জনাইছো, যিটো ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আক্ৰমণাত্মক সাম্প্ৰদায়িক নীতিৰ প্ৰতি সঁহাৰি জনাই গ্ৰহণ কৰা হৈছে।’

BCB ৰ এই সিদ্ধান্ত বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিষিদ্ধ কৰাৰ পিছতে লৈছে।

দৰাচলতে ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) এ কলকাতা নাইট ৰাইডাৰ্ছক নিৰ্দেশ দিছিল যে, তেওঁলোকে মুস্তাফিজুৰক নিজৰ দলৰ পৰা বাহিৰ কৰি দিব লাগে।

বিচিচিআইৰ নিৰ্দেশনা অনুসৰি কেকেআৰে মুস্তাফিজুৰক বাহিৰ কৰি দিয়ে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে মুস্তাফিজুৰ ৰহমানক আই পি এল দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্তত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে।

লগতে পঢ়ক: বিচিচিআইৰ নিৰ্দেশত কলকাতা নাইট ৰাইডাৰ্ছৰ এক্সন… বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক ৰিলিজ

শেহতীয়া প্ৰৱন্ধসমূহ