ৰথ যাত্ৰাত ৩ জন লোকৰ মৃত্যুক লৈ চৰকাৰৰ বৃহৎ এক্সন
ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ সময়ত পুৰীত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাৰ পিছতে ওড়িশা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি পুৰীৰ ডি এম আৰু এছ পিক বদলি কৰিছে । উল্লেখ্য যে দেওবাৰে পুৱা প্ৰায় ৪:৩০ বজাত শ্ৰী গুণ্ডিচা মন্দিৰৰ সন্মুখত সমবেত হোৱা বিপুল জনসমাগমৰ মাজত দৌৰা-দৌৰিৰ সৃষ্টি হয় । এই ঘটনাত তিনি ভক্তৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৫০ জনৰো অধিক লোক ।
ঘটনাৰ পিছতে পৰিস্থিতিৰ ভয়াৱহতা বিবেচনা কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে তেওঁৰ দুয়োজন উপ-মুখ্যমন্ত্ৰীৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰে । এই দুৰ্ঘটনাৰ বাবে জগন্নাথ ভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই গাফিলতি ক্ষমা কৰিব নোৱাৰা বুলিও তেওঁ কয় আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে ।
এছ পি-ডি এম বদলি-
বৃহৎ নিৰাপত্তাৰ বিসংগতিৰ পৰিপ্ৰেক্ষিতত পুৰিৰ এছ পি বিনীত আগৰৱাল আৰু ডি এম সিদ্ধাৰ্থ শংকৰ শ্বোৱাইনক তৎক্ষণিকভাৱে বদলি কৰা হৈছে । এতিয়া পুৰীৰ নতুন আৰক্ষী অধীক্ষক হ’ব পিনাক মিশ্ৰ, যি বৰ্তমান এ ডি জি ক্ৰাইমৰ পদত আছে । ইয়াৰ পূৰ্বেও তেওঁ পুৰীত এছ পি আছিল । একে সময়তে চঞ্চল ৰানাক পুৰীৰ নতুন ডি এম হিচাপে নিযুক্তি দিয়া হৈছে ।
মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য-
মুখ্যমন্ত্ৰীয়ে ইয়াক ‘অক্ষমনীয় গাফিলতি’ বুলি অভিহিত কৰাৰ লগতে দুজন আৰক্ষী বিষয়া- ডি চি পি বিষ্ণু পাতি আৰু কমাণ্ডেণ্ট অজয় পাধিক নিলম্বন কৰাৰ নিৰ্দেশো জাৰি কৰিছে । উন্নয়ন আয়ুক্তৰ তত্বাৱধানত এই বিষয়টোৰ প্ৰশাসনিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মাঝিয়ে দিছে । মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে চৰকাৰে ।
লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু