কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ মৃত্যু

ওড়িশাৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১০ গৰাকীকৈ ৰোগীৰ মৃত্যু হয়।

সোমবাৰে পুৱাই ওড়িশাৰ কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ট্ৰমা কেয়াৰ বিভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে, নিহত লোকসকলৰ অধিকাংশই ৰোগী,যিসকলক ট্ৰমা কেয়াৰ আই চি ইউত ভৰ্তি কৰা হৈছিল।পুৱা প্ৰায় ৩ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে,যেতিয়া ট্ৰমা কেয়াৰ জৰুৰীকালীন বিভাগৰ প্ৰথম মহলাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ তিনিখন অগ্নিনিৰ্বাপক বাহিনী  ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।অগ্নিকাণ্ডৰ ফলত ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই চি ইউত ভৰ্তি হোৱা ৰোগীসকলক লগে লগে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।সংকটজনক অৱস্থাত থকা ৰোগীসকলক চিকিৎসালয়খনৰ নিউ মেডিচিন আই চি ইউলৈ বদলি কৰা হয়।সম্প্ৰতি অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈ ঘটনাস্থলীত পৰিস্থিতিৰ বুজ লয়।তেওঁ নিউ মেডিচিন বিল্ডিং পৰিদৰ্শন কৰি জুইৰ ফলত ক্ষতিগ্ৰস্ত ৰোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও সাক্ষাৎ কৰে।

লগতে পঢ়ক: নতুনকৈ হোৱা নাই কোনো হিংসাত্মক ঘটনা, পশ্চিম গাৰো পাহাৰত দুদিনৰ বাবে বৃদ্ধি সান্ধ্য আইন

ওড়িশা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকা কংগ্ৰেছৰ; বেংগালুৰুৰ ৰিজ’ৰ্টলৈ স্থানান্তৰ ১২ গৰাকী বিধায়ক

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে। সেইবাবেই কংগ্ৰেছে এটা ডাঙৰ পদক্ষেপ লৈ তেওঁলোকৰ ১২ জন বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে।

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে।সেইবাবেই তেওঁলোকৰ নিজৰ ১২ গৰাকীকৈ বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে। এই আটাইকেইজন বিধায়ক যোৱা নিশা বেংগালুৰুত উপস্থিত হয়।

জানিব পৰা মতে, বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ এখন ৰিজৰ্টত তেওঁলোকক ৰখা হৈছে। য’ত কোনো লোকৰে অহা-যোৱা নিষিদ্ধ।এই বিধায়কসকলক ভোটদানৰ দিনা অৰ্থাৎ ১৬ মাৰ্চত ইয়াৰ পৰা পোনপটীয়াকৈ ভুৱনেশ্বৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

এই সন্দৰ্ভত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ কয় যে, মই কাকো নিমন্ত্ৰণ কৰা নাই।তেওঁলোক আহিছে, এনেদৰে মোক কোৱা হৈছে। তাত থকা পিচিচিৰ সভাপতিজনে মোক ফোন কৰি ক’লে যে মই তেওঁলোকৰ বাবে ব্যৱস্থা কৰিলোঁ।তেওঁলোকে হয়তো বেংগালুৰু আৰু মহীচুৰু ভ্ৰমণ কৰিবলৈ ওলাইছে। চাওক, দলে আমাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰাটো আমাৰ কৰ্তব্য।মই তেওঁলোকক জনাইছো যে বিধানসভাৰ কাম-কাজ সমাপ্ত হোৱাৰ পিছত তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিম।

লগতে পঢ়ক: ১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল গুটখা, পাণ মচলা… চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত

নতুন বছৰতে এক বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । গুটখা, খৈনী, বিড়ি, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ চৰকাৰে এই সিদ্ধান্ত লৈছে ।

নতুন বছৰৰ আৰম্ভণিতে চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত । গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে । চৰকাৰৰ নিৰ্দেশ অনুসৰি বিড়ি, চিগাৰেট, গুটখা, ধঁপাত, খৈনী, জৰ্দাকে ধৰি এই সকলোবোৰ সামগ্ৰী নিষিদ্ধ কৰা হৈছে । এই সামগ্ৰীসমূহৰ উৎপাদন, পেকেজিং, বিতৰণ, বিক্ৰী আদিতো ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে ।

নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ তালিকা-

-গুটখা, পাণ মচলা, জৰ্দা আৰু খৈনী

-সকলো সোৱাদযুক্ত, সুগন্ধিযুক্ত বা এডিটিভযুক্ত চোবাই খোৱা সামগ্ৰী

-ধঁপাতজাতীয় সামগ্ৰী, পেকেট আৰু আনপেকেজ দুয়োটা

-বেলেগ বেলেগ পেকেজত বিক্ৰী কৰা সামগ্ৰী যিবোৰ মিশ্ৰণৰ বাবে বিক্ৰী কৰা হয়

-ধঁপাত বা নিকোটিনযুক্ত যিকোনো খাদ্য সামগ্ৰী, নাম যিয়েই নহওক কিয়

এই নিষেধাজ্ঞা সকলো অৰেল (মুখেৰে ব্যৱহাৰ কৰা) ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য, ইয়াৰ ৰূপ, নিৰ্মাণ, বিক্ৰী, মজুত বা ব্যৱহাৰ যিয়েই নহওক কিয় ।

কিয় নিষিদ্ধ কৰা হৈছে এইসমূহ সামগ্ৰী ?

স্বাস্থ্য বিভাগে উল্লেখ কৰিছে যে ধঁপাতজাতীয় সামগ্ৰী যেনে জৰ্দা, খৈনী, গুটখা, পাণ মচলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ এটা প্ৰধান কাৰণ । তদুপৰি পাণ মচলা, পান, চুপাৰীৰ দৰে সামগ্ৰীও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ।

-এই সামগ্ৰীসমূহ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক

-ইণ্টাৰনেশ্যনেল এজেন্সি ফৰ ৰিচাৰ্চ অন কেন্সাৰ আৰু ডব্লিউ এইচ অ’ই এইবোৰক কেন্সাৰ সৃষ্টিকাৰী বুলি ঘোষণা কৰিছে

-মুখ, ডিঙি, পেট, বৃক্ক, হাওঁফাওঁ আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়

ওড়িশাৰ ৪২%তকৈ অধিক প্ৰাপ্তবয়স্কই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে, যিটো ৰাষ্ট্ৰীয় গড়ৰ প্ৰায় দুগুণ

-শিশু আৰু যুৱক-যুৱতীসকল বিশেষভাৱে আক্ৰান্ত হয় । ইহঁতে নিচা বিকশিত কৰে আৰু মুখৰ স্বাস্থ্যৰ ক্ষতি কৰে

এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (FSSAI)ৰ নিয়ম অনুসৰি লোৱা হৈছে । এই নিষেধাজ্ঞা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক অধিসূচনা জাৰি কৰে ।

উল্লেখ্য যে, ওড়িশা চৰকাৰে ২২ জানুৱাৰীত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক লৈ আপত্তিজনক মন্তব্য কৰি বিপদত ভোজপুৰী কণ্ঠশিল্পী…

বিমানৰ জৰুৰীকালীন অৱতৰণক লৈ হাহাকাৰ… কোনোমতে প্ৰাণৰক্ষা ৬ যাত্ৰীৰ

ইণ্ডিয়া ৱান এয়াৰৰ এখন বিমানৰ শনিবাৰে জৰুৰীকালীন অৱতৰণক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতিৰ সূচনা হয় । ঘটনাত ৯ জনীয়া বিমানখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয় ।

ওড়িশাৰ আঞ্চলিক সংযোগ শক্তিশালী কৰা ইণ্ডিয়া ৱান এয়াৰৰ এখন বিমানৰ শনিবাৰে জৰুৰীকালীন অৱতৰণক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতিৰ সূচনা হয় । ভুৱনেশ্বৰৰ পৰা ৰৌৰকেলালৈ যোৱা বিমানখন মুকলি এলেকাত জৰুৰী অৱতৰণ কৰে । অৱতৰণৰ সময়ত ৯ জনীয়া বিমানখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয় । কাৰিকৰী সমস্যাৰ বাবে পাইলটজনে অৱতৰণ কৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ সময়ত জাহাজখনত দুজন ক্ৰু মেম্বাৰকে ধৰি প্ৰায় ৬জন লোক আছিল । সকলো যাত্ৰী আৰু ক্ৰু সুৰক্ষিত আৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

ইণ্ডিয়া ৱান এয়াৰৰ চেছনা গ্ৰেণ্ড চি২০৮বি বিমানখন ভুৱনেশ্বৰৰ পৰা প্ৰায় ১২:২৫ বজাত ৰাওনা হয় । প্ৰায় ১:১৪ বজাত ক্ৰুৱে ৰৌৰকেলা এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ললৈ MAY DAY বাৰ্তা প্ৰেৰণ কৰে, য’ত জৰুৰীকালীন পদ্ধতি সক্ৰিয় কৰিবলৈ কোৱা হয় । প্ৰায় ১:২০ বজাত বিমানখনে ৰৌৰকেলা বিমানবন্দৰৰ পৰা প্ৰায় ১৫ৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কানছৰৰ ওচৰৰ মুকলি ঠাইত জৰুৰী অৱতৰণ কৰে । সেই সময়ত বিমানখনত আছিল চাৰিজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ । অৱশ্যে এঘ ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । যাত্ৰীসকলক উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰা হয় । ইফালে অসামৰিক বিমান পৰিবহণ বিভাগ আৰু সংশ্লিষ্ট সংস্থাই এই ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

DRDO ৰ ডাঙৰ সফলতা; একেটা লঞ্চাৰৰ পৰাই দুটা ‘প্ৰলয়’ মিছাইল নিক্ষেপ

বিশ্ববাসীয়ে দেখিলে ভাৰতৰ শক্তি। একেটা লঞ্চাৰৰ পৰা DRDO ই নিক্ষেপ কৰিলে দুটা ‘প্ৰলয়’ মিছাইল।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)ই আজি ওড়িশা উপকূলত এক বৃহৎ সফল পৰীক্ষণ কৰে।পুৱা প্ৰায় ১০:৩০ বজাত এটা লঞ্চাৰৰ পৰা একেৰাহে (ছালভো লঞ্চ) দুটা প্ৰলয় মিছাইল নিক্ষেপ কৰা হয়।

এই পৰীক্ষাটো ব্যৱহাৰকাৰীৰ ট্ৰায়েলৰ অংশ আছিল।দুয়োটা ক্ষেপণাস্ত্ৰই নিৰ্দিষ্ট ট্ৰেজেক্টৰীত উৰিছিল আৰু সকলো লক্ষ্য পূৰণ কৰিছিল।

চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ ট্ৰেকিং চেন্সৰ আৰু সাগৰত নিয়োজিত জাহাজখনত থকা টেলিমেট্ৰি ব্যৱস্থাই এই কথা নিশ্চিত কৰিছে।

প্ৰলয় হৈছো সম্পূৰ্ণ থলুৱা অৰ্ধ-বেলিষ্টিক ক্ষেপণাস্ত্ৰ। ই কঠিন প্ৰপেলেণ্টৰ দ্বাৰা চালিত আৰু ইয়াৰ অত্যাধুনিক নিৰ্দেশনা আৰু নেভিগেচন ব্যৱস্থাৰে সজ্জিত,যাৰ বাবে ই লক্ষ্যত অতি সঠিকভাৱে আঘাত কৰিব পাৰে।

ইয়াৰ বিশেষত্ব হ’ল যে,ইয়াত বিভিন্ন ধৰণৰ ৱাৰহেড কঢ়িয়াব পাৰি আৰু বিভিন্ন ধৰণৰ লক্ষ্যত আক্ৰমণ কৰিব পাৰে।

এই ক্ষেপণাস্ত্ৰটো মূলতঃ হায়দৰাবাদৰ গৱেষণা কেন্দ্ৰ ইমাৰাট (আৰ চি আই)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।ইয়াত DRDOৰ আন বহুতো পৰীক্ষাগাৰে অৰিহণা যোগাইছিল।

প্ৰডাকচন পাৰ্টনাৰ ভাৰত ডাইনেমিক্স লিমিটেড (বিডিএল) আৰু ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে (বিইএল) এই ব্যৱস্থাটো একত্ৰিত কৰিছিল।ভাৰতৰ কেইবাটাও উদ্যোগেও অৰিহণা যোগাইছিল।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে DRDO’, বায়ুসেনা, সেনা, ৰাজহুৱা খণ্ডৰ উপক্ৰমো আৰু উদ্যোগক অভিনন্দন জনায়।তেওঁ কয় যে একেৰাহে দুটা ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণে প্ৰলয়ৰ নিৰ্ভৰযোগ্যতা প্ৰমাণ কৰে।

এই পৰীক্ষা ভাৰতীয় প্ৰতিৰক্ষা ক্ষমতাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।প্ৰালয় ক্ষেপণাস্ত্ৰই সেনাবাহিনীক শত্ৰুৰ গভীৰ আৰু গুৰুত্বপূৰ্ণ লক্ষ্যত দ্ৰুত আৰু নিখুঁত আক্ৰমণ চলাবলৈ নতুন শক্তি প্ৰদান কৰিব।

লগতে পঢ়ক: জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুটা ডাঙৰ স্পেচৱাক কৰিব নাছাই…

ওড়িশাত নিহত শীৰ্ষ মাওবাদী গণেশ উইকেসহ ৬ নক্সালবাদী… মূৰৰ দাম আছিল ১ কোটি

নক্সালবাদৰ অন্ত পেলোৱাৰ দিশত আন এক সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে । এক সংঘৰ্ষত মাওবাদীৰ শীৰ্ষ নেতা গণেশ উইকেকে ধৰি ৬টা নক্সালবাদী নিহত হয় । যাৰ মূৰৰ দাম আছিল এক কোটি টকা ।

বৃহস্পতিবাৰে ওড়িশাৰ কন্ধমাল জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মাওবাদীৰ শীৰ্ষ নেতা গণেশ উইকেকে ধৰি ৬টা নক্সালবাদী নিহত হয় । ৰাজ্যখনত নক্সাল বিৰোধী অভিযানৰ নেতৃত্ব দিয়া জ্যেষ্ঠ বিষয়াসকলে কয় যে চকাপাড়া থানা এলেকাৰ অন্তৰ্গত গভীৰ বনাঞ্চলত সংঘটিত হৈছে এই এনকাউণ্টাৰ ।

মূৰৰ দাম আছিল ১ কোটি-

গণেশ উইক (৬৯) চি পি আই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু ওড়িশাত নিষিদ্ধ সংগঠনটোৰ মুৰব্বী আছিল । এই নক্সালবাদীটোৰ মূৰৰ দাম ১.১ কোটি ঘোষণা কৰিছিল চৰকাৰে । মূলতঃ তেলেংগানাৰ নলগোণ্ডা জিলাৰ উইকে পক্কা হনুমন্তু আৰু ৰাজেশ তিৱাৰীকে ধৰি বিভিন্ন ছদ্মনামেৰেও জনা গৈছিল ।

নিৰাপত্তা সংস্থাসমূহৰ বাবে ডাঙৰ কৃতিত্ব-

আৰক্ষীয়ে জনোৱা মতে, এই সফল অভিযানত গণেশ উইকেৰ উপৰিও দুগৰাকী মহিলাকে ধৰি আন পাঁচটা নক্সালবাদীও নিহত হয় । আন নক্সালবাদীসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই । নিৰাপত্তা বাহিনীৰ বাবে এইটো এটা ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হৈছে, কিয়নো উইকে দীৰ্ঘদিন ধৰি ৰাডাৰত আছিল আৰু অঞ্চলটোত নক্সালবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল । বৰ্তমান অঞ্চলটোত অব্যাহত আছে তালাচী অভিযান ।

এছ অ’ জি, চি আৰ পি এফ আৰু বি এছ এফৰ যৌথ অভিযান-

ওড়িশা আৰক্ষীৰ নক্সাল অপাৰেশ্যনৰ ডি আই জি অখিলেশ্বৰ সিঙে কয় যে, “ওড়িশাৰ বিশেষ বাহিনী (এছ অ’ জি), চি আৰ পি এফ আৰু বি এছ এফৰ যুটীয়া দলে এই অভিযান চলাইছিল । ওড়িশাৰ কন্ধমাল জিলা আৰু গঞ্জাম জিলাৰ সীমান্তত অৱস্থিত ৰামপা বনাঞ্চলত গণেশ উইক নিহত হয় ।”

বিশেষ চোৰাংচোৱা শাখাৰ পৰা পোৱা গোপন খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে । অৰণ্যত নিৰাপত্তা বাহিনী দেখি নক্সালবাদীয়ে গুলীচালনা কৰে । লগে লগে নিৰাপত্তাৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়ে । প্ৰচণ্ড গুলী বৰ্ষণত নিহত হয় নক্সালবাদী । এনকাউণ্টাৰ স্থানৰ পৰা দুটা INSAS ৰাইফল আৰু এটা .303 ৰাইফল উদ্ধাৰ কৰা হৈছে ।

কি ক’লে গৃহমন্ত্ৰীয়ে ?

নিৰাপত্তা বাহিনীৰ এই সফলতা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “এখন নক্সালমুক্ত ভাৰতৰ দিশত এক উল্লেখযোগ্য কৃতিত্ব । ওড়িশাৰ কন্ধমালত এক বৃহৎ অভিযানত কেন্দ্ৰীয় সমিতিৰ সদস্য গণেশ উইকেকে ধৰি ছয়জন নক্সালবাদী নিহত হৈছে । এই বৃহৎ সফলতাৰ সৈতে ওড়িশা নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ উপক্ৰম হৈছে । ৩১ মাৰ্চ, ২০২৬ৰ পূৰ্বে আমি নক্সালবাদৰ অন্ত পেলাবলৈ সংকল্পবদ্ধ ।”

লগতে পঢ়ক : বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত

ৰথ যাত্ৰাত ৩ জন লোকৰ মৃত্যুক লৈ ওড়িশা চৰকাৰৰ বৃহৎ এক্সন…

ৰথ যাত্ৰাত ৩ জন লোকৰ মৃত্যুক লৈ চৰকাৰৰ বৃহৎ এক্সন

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ সময়ত পুৰীত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাৰ পিছতে ওড়িশা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি পুৰীৰ ডি এম আৰু এছ পিক বদলি কৰিছে । উল্লেখ্য যে দেওবাৰে পুৱা প্ৰায় ৪:৩০ বজাত শ্ৰী গুণ্ডিচা মন্দিৰৰ সন্মুখত সমবেত হোৱা বিপুল জনসমাগমৰ মাজত দৌৰা-দৌৰিৰ সৃষ্টি হয় । এই ঘটনাত তিনি ভক্তৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৫০ জনৰো অধিক লোক ।

ঘটনাৰ পিছতে পৰিস্থিতিৰ ভয়াৱহতা বিবেচনা কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে তেওঁৰ দুয়োজন উপ-মুখ্যমন্ত্ৰীৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰে । এই দুৰ্ঘটনাৰ বাবে জগন্নাথ ভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই গাফিলতি ক্ষমা কৰিব নোৱাৰা বুলিও তেওঁ কয় আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে ।

এছ পি-ডি এম বদলি-

বৃহৎ নিৰাপত্তাৰ বিসংগতিৰ পৰিপ্ৰেক্ষিতত পুৰিৰ এছ পি বিনীত আগৰৱাল আৰু ডি এম সিদ্ধাৰ্থ শংকৰ শ্বোৱাইনক তৎক্ষণিকভাৱে বদলি কৰা হৈছে । এতিয়া পুৰীৰ নতুন আৰক্ষী অধীক্ষক হ’ব পিনাক মিশ্ৰ, যি বৰ্তমান এ ডি জি ক্ৰাইমৰ পদত আছে । ইয়াৰ পূৰ্বেও তেওঁ পুৰীত এছ পি আছিল । একে সময়তে চঞ্চল ৰানাক পুৰীৰ নতুন ডি এম হিচাপে নিযুক্তি দিয়া হৈছে ।

মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য-

মুখ্যমন্ত্ৰীয়ে ইয়াক ‘অক্ষমনীয় গাফিলতি’ বুলি অভিহিত কৰাৰ লগতে দুজন আৰক্ষী বিষয়া- ডি চি পি বিষ্ণু পাতি আৰু কমাণ্ডেণ্ট অজয় ​​পাধিক নিলম্বন কৰাৰ নিৰ্দেশো জাৰি কৰিছে । উন্নয়ন আয়ুক্তৰ তত্বাৱধানত এই বিষয়টোৰ প্ৰশাসনিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মাঝিয়ে দিছে । মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে চৰকাৰে ।

লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু

পুৰী, আহমেদাবাদ আৰু দীঘা; আজিৰে পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা

আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা

আজিৰে পৰা আৰম্ভ হৈছে পুৰীৰ ভগৱান জগন্নাথৰ ৰথযাত্ৰা। ওড়িশাৰ পুৰীত উদযাপন কৰা অন্যতম আধ্যাত্মিক উৎসৱ ৰথ যাত্ৰাই সমগ্ৰ বিশ্বৰ ভক্তসকলক আকৰ্ষণ কৰি আহিছে ।

প্ৰতিবছৰেই আহাৰ মাহত অনুষ্ঠিত হয় ওড়িশাৰ পুৰীৰ ৰথযাত্ৰা ৷ ভগৱান জগন্নাথ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ প্ৰতি ভক্তি নিবেদনৰ হেতু প্ৰতিবছৰে ৰথ যাত্ৰা অনুষ্ঠিত কৰা হয় ৷

আজি পুৱা ৬ বজাৰ পৰা ৰথযাত্ৰাৰ বিধি বিদান আৰম্ভ হৈছে, যিটো গোটেই দিনটো চলি থাকিব আৰু তাৰ পিছত বিয়লি ৪ বজাৰ পৰা ভক্তসকলে ভগৱানৰ ৰথ টানিবলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত ভগৱান জগন্নাথে গুণ্ডিচা মন্দিৰত উপস্থিত হ’ব আৰু তাতেই ৭ দিন বিশ্ৰাম ল’ব।

এই ৰথযাত্ৰাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।গোটেই চহৰখনতে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ৮টা কোম্পানীকে ধৰি প্ৰায় ১০ হাজাৰ নিৰাপত্তাৰক্ষীয়ে দায়িত্ব ল’ব।

এই অনুষ্ঠানত দেশ-বিদেশৰ লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিব।শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুখ্য প্ৰশাসক অৰবিন্দ পদ্ধীয়ে কয়, মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদত শুকুৰবাৰৰ পৰা শান্তিপূৰ্ণভাৱে ৰথ যাত্ৰা অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। আমি সেৱক সকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছো আৰু সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে।

সকলো ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছত ভাই-ভনী তিনিওজন ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু ভগৱান জগন্নাথৰ ৰথ টানি অনাৰ কাম আৰম্ভ হ’ব আবেলি ৪ বজাৰ পৰা ।দেশ-বিদেশৰ পৰা পুৰীত উপস্থিত হৈছে লাখ লাখ ভকত।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে প্ৰায় এক লাখ লোকে পুৰী পালেহি।তেওঁলোকৰ মাজৰ কিছুমানে ‘নৱ্যৱন দৰ্শন’ৰ সৌভাগ্যও লাভ কৰিলে, য’ত স্নান অনুষ্ঠানৰ পিছত প্ৰথমবাৰৰ বাবে দেৱতাসকলক দৰ্শন পোৱা যায়।

১১ জুনত স্নান অনুষ্ঠানৰ পিছত ৰাজহুৱা দৰ্শন বন্ধ কৰি দিয়া হৈছিল। বিশ্বাস কৰা হয় যে গা ধোৱাৰ পিছত প্ৰভু অসুস্থ হৈ পৰে আৰু দুসপ্তাহ ধৰি ‘অনাসৰ ঘৰ’ (আইছ’লেচন ৰুম)ত ৰখা হয়।

এই ৰথ যাত্ৰা কেৱল ওড়িশাৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ লাখ লাখ ভক্তৰ বাবে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

এই উৎসৱত তিনিখন বিশাল, সজ্জিত কাঠৰ ৰথত তিনিওজন দেৱতাৰ মূৰ্তি শোভাযাত্ৰা কৰি উলিয়াই অনা হয়। হাজাৰ হাজাৰ ভক্তই ৰছীৰে এই ৰথবোৰ টানে। ৰথ যাত্ৰাৰ এই বিশেষ দিনটোত তেওঁলোকক বিশেষভাৱে পূজা কৰা হয়।

ভগৱান জগন্নাথে মাহীয়েকৰ ঘৰত ভাতৃ-ভগ্নীৰ সৈতে বিশ্ৰাম ল’ব আৰু ৫৬টা প্ৰসাদও উপভোগ কৰিব।প্ৰচুৰ খাদ্য খোৱাৰ পিছত প্ৰভু অসুস্থ হৈ পৰিব আৰু তাৰ পিছত তেওঁক ঔষধ দিয়া হ’ব।

৭ দিন জিৰণি লৈ ৰথ যাত্ৰা পুনৰ জগন্নাথ মন্দিৰলৈ আহিব। আহাৰ মাহৰ শুক্ল দ্বিতীয়াৰ পৰা আৰম্ভ হোৱা এই ৰথযাত্ৰাৰ সামৰণি পৰিব চলিত বৰ্ষৰ ৫ জুলাই অৰ্থাৎ দশমী তিথিত।

লগতে পঢ়ক: ‘নিশা কামাখ্যা মন্দিৰলৈ নাহিব কোনো লোক’; ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ওড়িশাত বৃহৎ ৰে’ল দুৰ্ঘটনা… গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছ লাইনচ্যুত

আকৌ এবাৰ ওড়িশাত সংঘটিত হৈছে এক বৃহৎ ৰে’ল দুৰ্ঘটনা । ইয়াত বেংগালুৰু-অসমৰ মাজত চলি থকা কামাখ্যা এক্সপ্ৰেছৰ ১১টা এচি ডবা ৰেলপথৰ পৰা লাইনচু্যত হয় । ইয়াৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । জানিব পৰা মতে চৌধৰ অঞ্চলৰ মংগুলি পেচেঞ্জাৰ হল্টৰ সমীপত ৰেলখন ৰেলপথৰ পৰা লাইনচ্যুত হয় । ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ NDRF আৰু চিকিৎসা দল প্ৰেৰণ কৰা হৈছে ।

আজি (৩০ মাৰ্চ) পুৱা ১১.৫৪ বজাত ওড়িশাৰ কটকৰ চৌদুৱাৰৰ সমীপত বেংগালুৰু-কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লখন ৰেলপথৰ পৰা লাইনচ্যুত হয় । ৰেলখনৰ ১১টা এচি ডবা ৰেলপথৰ পৰা লাইনচ্যুত হয়, তাৰ পিছতে নীলাচল এক্সপ্ৰেছ, ধৌলি এক্সপ্ৰেছ, পুৰুলিয়া এক্সপ্ৰেছৰ পথ ডাইভাৰ্ট কৰা হৈছে । ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । মেডিকেল টিম, এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আৱদ্ধ যাত্ৰীসকলে যাতে নিৰাপদে গন্তব্যস্থানত উপস্থিত হয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ।

কি ক’লে ৰে’লৱেৰ বিষয়াই ?

ইষ্ট ক’ষ্ট ৰে’লৱেৰ চি পি আৰ অ’ অশোক কুমাৰ মিশ্ৰই কয় যে কামাখ্যা এক্সপ্ৰেছ (১৫৫৫১)ৰ কেইটামান ডবা ৰেলপথৰ পৰা লাইনচ্যুত হোৱাৰ তথ্য আমি লাভ কৰিছো । তেওঁ কয়, ‘এতিয়ালৈকে আমি তথ্য লাভ কৰিছো যে ১১টা এচি কোচ ৰেলপথৰ পৰা লাইনচ্যুত হৈছে । কোনো লোক আহত হোৱা নাই । সকলো যাত্ৰী সুৰক্ষিত আছে । আমি যিমানদূৰ তথ্য লাভ কৰিছো, দুৰ্ঘটনা সাহায্য ৰেল, জৰুৰীকালীন চিকিৎসা সঁজুলি প্ৰেৰণ কৰা হৈছে ।‘

চি পি আৰ অ’ই জনোৱা মতে, ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হৈছে । ডি আৰ এম খুৰদা ৰোড, জি এম/ইক’ৰকে ধৰি অন্যান্য জ্যেষ্ঠ পৰ্যায়ৰ বিষয়াসকলে স্থানত উপস্থিত হৈছে । তেওঁ কয় যে তদন্তৰ পিছতহে এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেই কথা জানিব পৰা যাব । আমাৰ প্ৰথম অগ্ৰাধিকাৰ হ’ল পথটোত ৰৈ থকা ৰে’লবোৰক ডাইভাৰ্ট কৰি পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা ।

ৰেলৱে আৰু ওড়িশা চৰকাৰৰ সৈতে যোগাযোগত আছো- মুখ্যমন্ত্ৰী ড০ শৰ্মাঃ

কামাখ্যা এক্সপ্ৰেছ ৰেলপথৰ পৰা লাইনচ্যুত হোৱা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ওড়িশাৰ ১২৫৫১ কামাখ্যা এক্সপ্ৰেছৰ সৈতে জড়িত ঘটনাৰ তথ্য পাইছো । অসমৰ চি এম অ’ ওড়িশা চৰকাৰ আৰু ৰে’লৱেৰ সৈতে যোগাযোগত আছে । ক্ষতিগ্ৰস্ত সকলোৰে সৈতে আমি যোগাযোগ কৰিম ।