ভোজপুৰী লোকগায়িকা নেহা সিং ৰাথোৰৰ এটা বক্তব্যৰ বাবে পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে।প্ৰধানমন্ত্ৰী মোদীক লৈ কৰা আপত্তিজনক মন্তব্যৰ অভিযোগত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে।
উত্তৰ প্ৰদেশৰ বাৰাণসীৰ আৰক্ষীয়ে ২০২৫ চনত ৰুজু হোৱা এক গোচৰৰ সন্দৰ্ভত লোকগায়িকা নেহা সিং ৰাথোৰক জাননী জাৰি কৰিছে।
এই গোচৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ অভিযোগৰ সৈতে জড়িত।বৃহস্পতিবাৰে এই কথা আৰক্ষী বিষয়াসকলে নিশ্চিত কৰে।
লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাজকুমাৰ শৰ্মাই এই কথা জানিবলৈ দিয়ে নেহা সিং ৰাথোৰৰ বিৰুদ্ধে ২০২৫ চনত এটা গোচৰ ৰুজু কৰা হৈছিল,য’ত তেওঁৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী গৰাকীক অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে।
তেওঁ কয় যে এই গোচৰৰ অভিযোগনামা দাখিল কৰাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে বুধবাৰে ৰাথোৰলৈ আইনী জাননী প্ৰেৰণ কৰা হয়।
ৰাথোৰে তেওঁৰ পোষ্টত লিখিছে, ‘মোক হাৰাশাস্তি কৰিবলৈ যিমান কষ্ট আৰু তীব্ৰতা দেখুওৱা হৈছে,সিমান পৰিশ্ৰম আৰু তীব্ৰতা যদি পাটনাৰ কন্যাৰ ন্যায় লাভৰ ক্ষেত্ৰতো দেখুৱালে হয়।
তেওঁ আৰু কয়, এইদৰেই কন্যা সন্তানক ৰক্ষা কৰা হৈছে। তেওঁৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
আৰক্ষী বিষয়াসকলে পুনৰ কয় যে এই জাননীখন ২০২৫ চনত পঞ্জীয়ন হোৱা এটা গোচৰৰ সৈতে জড়িত আৰু ইয়াক আইনৰ পৰিসৰৰ ভিতৰত জাৰি কৰা হৈছে।
লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই ৰেকৰ্ড বৰ্ডাৰ ২ৰ; প্ৰথমদিনাই পিছ পেলাব ধুৰন্ধৰৰ অভিলেখ









