DRDO ৰ ডাঙৰ সফলতা; একেটা লঞ্চাৰৰ পৰাই দুটা ‘প্ৰলয়’ মিছাইলৰ নিক্ষেপ

DRDO ৰ ডাঙৰ সফলতা; একেটা লঞ্চাৰৰ পৰাই দুটা ‘প্ৰলয়’ মিছাইল নিক্ষেপ

বিশ্ববাসীয়ে দেখিলে ভাৰতৰ শক্তি। একেটা লঞ্চাৰৰ পৰা DRDO ই নিক্ষেপ কৰিলে দুটা ‘প্ৰলয়’ মিছাইল। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)ই আজি ওড়িশা উপকূলত এক বৃহৎ সফল পৰীক্ষণ কৰে।পুৱা প্ৰায় ১০:৩০ বজাত এটা লঞ্চাৰৰ পৰা একেৰাহে (ছালভো লঞ্চ) দুটা প্ৰলয় মিছাইল নিক্ষেপ কৰা হয়। এই পৰীক্ষাটো ব্যৱহাৰকাৰীৰ

বিশ্ববাসীয়ে দেখিলে ভাৰতৰ শক্তি। একেটা লঞ্চাৰৰ পৰা DRDO ই নিক্ষেপ কৰিলে দুটা ‘প্ৰলয়’ মিছাইল।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)ই আজি ওড়িশা উপকূলত এক বৃহৎ সফল পৰীক্ষণ কৰে।পুৱা প্ৰায় ১০:৩০ বজাত এটা লঞ্চাৰৰ পৰা একেৰাহে (ছালভো লঞ্চ) দুটা প্ৰলয় মিছাইল নিক্ষেপ কৰা হয়।

এই পৰীক্ষাটো ব্যৱহাৰকাৰীৰ ট্ৰায়েলৰ অংশ আছিল।দুয়োটা ক্ষেপণাস্ত্ৰই নিৰ্দিষ্ট ট্ৰেজেক্টৰীত উৰিছিল আৰু সকলো লক্ষ্য পূৰণ কৰিছিল।

চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ ট্ৰেকিং চেন্সৰ আৰু সাগৰত নিয়োজিত জাহাজখনত থকা টেলিমেট্ৰি ব্যৱস্থাই এই কথা নিশ্চিত কৰিছে।

প্ৰলয় হৈছো সম্পূৰ্ণ থলুৱা অৰ্ধ-বেলিষ্টিক ক্ষেপণাস্ত্ৰ। ই কঠিন প্ৰপেলেণ্টৰ দ্বাৰা চালিত আৰু ইয়াৰ অত্যাধুনিক নিৰ্দেশনা আৰু নেভিগেচন ব্যৱস্থাৰে সজ্জিত,যাৰ বাবে ই লক্ষ্যত অতি সঠিকভাৱে আঘাত কৰিব পাৰে।

ইয়াৰ বিশেষত্ব হ’ল যে,ইয়াত বিভিন্ন ধৰণৰ ৱাৰহেড কঢ়িয়াব পাৰি আৰু বিভিন্ন ধৰণৰ লক্ষ্যত আক্ৰমণ কৰিব পাৰে।

এই ক্ষেপণাস্ত্ৰটো মূলতঃ হায়দৰাবাদৰ গৱেষণা কেন্দ্ৰ ইমাৰাট (আৰ চি আই)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।ইয়াত DRDOৰ আন বহুতো পৰীক্ষাগাৰে অৰিহণা যোগাইছিল।

প্ৰডাকচন পাৰ্টনাৰ ভাৰত ডাইনেমিক্স লিমিটেড (বিডিএল) আৰু ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে (বিইএল) এই ব্যৱস্থাটো একত্ৰিত কৰিছিল।ভাৰতৰ কেইবাটাও উদ্যোগেও অৰিহণা যোগাইছিল।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে DRDO’, বায়ুসেনা, সেনা, ৰাজহুৱা খণ্ডৰ উপক্ৰমো আৰু উদ্যোগক অভিনন্দন জনায়।তেওঁ কয় যে একেৰাহে দুটা ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণে প্ৰলয়ৰ নিৰ্ভৰযোগ্যতা প্ৰমাণ কৰে।

এই পৰীক্ষা ভাৰতীয় প্ৰতিৰক্ষা ক্ষমতাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।প্ৰালয় ক্ষেপণাস্ত্ৰই সেনাবাহিনীক শত্ৰুৰ গভীৰ আৰু গুৰুত্বপূৰ্ণ লক্ষ্যত দ্ৰুত আৰু নিখুঁত আক্ৰমণ চলাবলৈ নতুন শক্তি প্ৰদান কৰিব।

লগতে পঢ়ক: জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুটা ডাঙৰ স্পেচৱাক কৰিব নাছাই…