NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা
NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । এই পৰীক্ষাত ৰাজস্থানৰ মহেশ কুমাৰে শীৰ্ষস্থান দখল কৰিছে । ১২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । প্ৰাৰ্থীসকলে NEET ৰ অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব । শীৰ্ষ ১০ ত ৯ জন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আছে । একে সময়তে শীৰ্ষ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯৯.৯ পাৰ্চেন্টাইল লাভ কৰিছে ।
পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে NEET ৰ অফিচিয়েল ৱেবছাইট ‘neet.ntad.nic.in’ চাব লাগিব । ৱেবছাইটৰ হোমপেজত থকা NEET 2025 result link ত ক্লিক কৰক । ইয়াৰ পিছত আপোনাৰ লগ ইন ক্ৰেডেনন্সিয়েল জমা দিয়ক । ইয়াৰ পিছত ফলাফল পৰীক্ষা কৰি স্ক’ৰকাৰ্ড ডাউনলোড কৰক । পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পূৰ্বে এন টি এয়ে শনিবাৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি NEET UG Exam 2025 ৰ চূড়ান্ত উত্তৰ মুকলি কৰিছে ।
এন টি এয়ে কয় যে এতিয়া সকলো প্ৰাৰ্থীয়ে এন টি এৰ অফিচিয়েল ৱেবছাইটত চূড়ান্ত উত্তৰ পৰীক্ষা কৰিব পাৰিব । ৪ মে’ত এন টি এৰ দ্বাৰা NEET UG পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । এই পৰীক্ষাত ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল । ফলাফলৰ লগতে মেৰিট লিষ্ট, কাট অফ আৰু স্ক’ৰকাৰ্ডো মুকলি কৰা হ’ব ।
ৰাজস্থানৰ মহেশ কুমাৰে NEET-UGত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে মধ্যপ্ৰদেশৰ উত্তকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰিছে । শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এই তথ্য প্ৰদান কৰে । চিকিৎসাৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২.৩৬ লাখতকৈ অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । অৱশ্যে এই সংখ্যা যোৱা বছৰ উত্তীৰ্ণ হোৱা ১৩.১৫ লাখ প্ৰাৰ্থীতকৈ কম । যোৱা বছৰো প্ৰাৰ্থীৰ সংখ্যা ২৩.৩৩ লাখতকৈ অধিক আছিল ।
মহাৰাষ্ট্ৰৰ কৃষং যোশী আৰু দিল্লীৰ মৃণাল কিশোৰ ঝাই ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে । ছোৱালীৰ ভিতৰত দিল্লীৰ অবিকা আগৰৱালে এই তালিকাত শীৰ্ষস্থান দখল কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চম স্থান দখল কৰে । সৰ্বোচ্চ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ (১.৭০ লাখৰ ওপৰত), তাৰ পিছতে মহাৰাষ্ট্ৰ (১.২৫ লাখৰ ওপৰত) আৰু ৰাজস্থানৰ (১.১৯ লাখৰ ওপৰত) ।
চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে এন টি এয়ে প্ৰতি বছৰে NEET অনুষ্ঠিত কৰে । এম বি বি এছ পাঠ্যক্ৰমৰ বাবে মুঠ ১,০৮,০০০ আসন উপলব্ধ, ইয়াৰে প্ৰায় ৫৬,০০০ আসন চৰকাৰী চিকিৎসালয়ত আৰু প্ৰায় ৫২,০০০ ব্যক্তিগত মহাবিদ্যালয়ত উপলব্ধ । দন্ত চিকিৎসা, আয়ুৰ্বেদ, ইউনানী আৰু সিদ্ধৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবেও NEET ফলাফল ব্যৱহাৰ কৰা হয় ।
লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান