‘শিক্ষামন্ত্ৰীক কিয় বৰ্খাস্ত কৰা হোৱা নাই ‘; NEET প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীৰ সমালোচনা

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এতিয়া লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তীক্ষ্ণ সমালোচনা কৰে।

NEET (NEET-UG 2026)প্ৰশ্নকাকত ফাদিল আৰু চলি থকা CBI তদন্তৰ মাজতে এই সমগ্ৰ বিষয়টোৱে এতিয়া ডাঙৰ ৰাজনৈতিক অনুপাত ধাৰণ কৰিছে। লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা কৰে।  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি দেশৰ ২২ লাখ শিশুৰ ভৱিষ্যতৰ প্ৰতি এই প্ৰতাৰণা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা প্ৰত্যক্ষ সঁহাৰি বিচৰিছে।

ৰাহুল গান্ধীয়ে ২০২৪ আৰু ২০২৬ চনৰ NEET কাগজ ফাদিলৰ মাজত থকা সাদৃশ্যক স্পষ্ট কৰি ব্যৱস্থাটোক তীব্ৰ সমালোচনা কৰিছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত #SackPradhan হেচটেগ নামেৰে এক অভিযান আৰম্ভ কৰিছে।

ৰাহুল গান্ধীয়ে নিজৰ পোষ্টোত লিখিছে-NEET 2024: প্ৰশ্নকাকত ফাদিল হৈছিল।পৰীক্ষা বাতিল হোৱা নাছিল। মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰিলে। চিবিআইয়ে তদন্ত আৰম্ভ কৰিলে। গঠন হ’ল এখন কমিটী।

NEET 2026: কাগজখন ফাদিল। পৰীক্ষা বাতিল কৰা হ’ল। মন্ত্ৰীগৰাকীয়ে পুনৰ পদত্যাগ নকৰিলে।চিবিআইয়ে আকৌ এবাৰ তদন্ত কৰি আছে। আন এখন কমিটী গঠন কৰা হ’ব।মোদী-জী, দেশে আপোনাক কিছুমান প্ৰশ্ন সুধিছে—উত্তৰ দিয়ক!  

ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত গভীৰ আৱেগিক সুৰত তেওঁ কয় যে সমগ্ৰ দেশৰ ২২ লাখ শিশুৱে দুবছৰ ধৰি দিনে-নিশাই, ৰাতিৰ পিছত ৰাতি উজাগৰ হৈ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো।কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰম ৰাতিটোৰ ভিতৰতে শেষ হৈ গ’ল।তেওঁ অভিযোগ কৰে যে পৰীক্ষাৰ মাত্ৰ দুদিন পূৰ্বে পৰীক্ষাৰ পেপাৰখন হোৱাটছএপত প্ৰচাৰ কৰা হৈছিল।

লগতে পঢ়ক: ‘আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে’; নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা; ৰাজস্থানৰ মহেশ কুমাৰৰ শীৰ্ষস্থান দখল

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । এই পৰীক্ষাত ৰাজস্থানৰ মহেশ কুমাৰে শীৰ্ষস্থান দখল কৰিছে । ১২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । প্ৰাৰ্থীসকলে NEET ৰ অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব । শীৰ্ষ ১০ ত ৯ জন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আছে । একে সময়তে শীৰ্ষ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯৯.৯ পাৰ্চেন্টাইল লাভ কৰিছে ।

পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে NEET ৰ অফিচিয়েল ৱেবছাইট ‘neet.ntad.nic.in’ চাব লাগিব । ৱেবছাইটৰ হোমপেজত থকা NEET 2025 result link ত ক্লিক কৰক । ইয়াৰ পিছত আপোনাৰ লগ ইন ক্ৰেডেনন্সিয়েল জমা দিয়ক । ইয়াৰ পিছত ফলাফল পৰীক্ষা কৰি স্ক’ৰকাৰ্ড ডাউনলোড কৰক । পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পূৰ্বে এন টি এয়ে শনিবাৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি NEET UG Exam 2025 ৰ চূড়ান্ত উত্তৰ মুকলি কৰিছে ।

এন টি এয়ে কয় যে এতিয়া সকলো প্ৰাৰ্থীয়ে এন টি এৰ অফিচিয়েল ৱেবছাইটত চূড়ান্ত উত্তৰ পৰীক্ষা কৰিব পাৰিব । ৪ মে’ত এন টি এৰ দ্বাৰা NEET UG পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । এই পৰীক্ষাত ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল । ফলাফলৰ লগতে মেৰিট লিষ্ট, কাট অফ আৰু স্ক’ৰকাৰ্ডো মুকলি কৰা হ’ব ।

ৰাজস্থানৰ মহেশ কুমাৰে NEET-UGত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে মধ্যপ্ৰদেশৰ উত্তকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰিছে । শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এই তথ্য প্ৰদান কৰে । চিকিৎসাৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২.৩৬ লাখতকৈ অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । অৱশ্যে এই সংখ্যা যোৱা বছৰ উত্তীৰ্ণ হোৱা ১৩.১৫ লাখ প্ৰাৰ্থীতকৈ কম । যোৱা বছৰো প্ৰাৰ্থীৰ সংখ্যা ২৩.৩৩ লাখতকৈ অধিক আছিল ।

মহাৰাষ্ট্ৰৰ কৃষং যোশী আৰু দিল্লীৰ মৃণাল কিশোৰ ঝাই ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে । ছোৱালীৰ ভিতৰত দিল্লীৰ অবিকা আগৰৱালে এই তালিকাত শীৰ্ষস্থান দখল কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চম স্থান দখল কৰে । সৰ্বোচ্চ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ (১.৭০ লাখৰ ওপৰত), তাৰ পিছতে মহাৰাষ্ট্ৰ (১.২৫ লাখৰ ওপৰত) আৰু ৰাজস্থানৰ (১.১৯ লাখৰ ওপৰত) ।

চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে এন টি এয়ে প্ৰতি বছৰে NEET অনুষ্ঠিত  কৰে । এম বি বি এছ পাঠ্যক্ৰমৰ বাবে মুঠ ১,০৮,০০০ আসন উপলব্ধ, ইয়াৰে প্ৰায় ৫৬,০০০ আসন চৰকাৰী চিকিৎসালয়ত আৰু প্ৰায় ৫২,০০০ ব্যক্তিগত মহাবিদ্যালয়ত উপলব্ধ । দন্ত চিকিৎসা, আয়ুৰ্বেদ, ইউনানী আৰু সিদ্ধৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবেও NEET ফলাফল ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান