ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ’ল নতুন নিয়ম। এতিয়াৰে পৰা হ’ব অসমত আধাৰ কাৰ্ড লাভ কৰাৰ বাবে মানিব লাগিব নতুন নিয়ম। বুধবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ মন্তব্য দিছে।
তেওঁ জনোৱা অনুসৰি এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতহে আপুনি লাভ কৰিব আধাৰ।ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগেহে ভেৰিফিকেশ্যন কৰিব পাৰিব আধাৰৰ।
ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ’ব দায়িত্ব। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা-নীৰিক্ষাৰ বাবে দায়ৱদ্ধ হ’ব ৰাজ্যৰ চক্ৰ বিষয়া।
UIDAI প’টেলত আবেদন কৰাৰ পিছত সেই আবেদনখন ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলত আহিব সেই আবেদন।
ইয়াৰ লগতে তেওঁ কয় যে ‘NRCত অসমৰ কোনো পৰিয়ালে আবেদন কৰিছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব। আৰু NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড”।
“NRCত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত।অৱশ্যে অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব”।
দৰাচলতে সন্দেহযুক্ত নাগৰিক অথবা বিদেশীয়ে যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।