নিশা কামাখ্যা মন্দিৰলৈ নাহিব
আজিৰে পৰা আৰম্ভ হৈছে মহা অম্বুবাচী। অম্বুবাচী মেলালৈ সোঁত বৈছে দেশী বিদেশী লাখ লাখ ভক্তৰ। মহাতীৰ্থত পৰিণত হৈছে নীলাচলৰ বুকু। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে মা কামাখ্যা মন্দিৰ।
কীৰ্তন-ভজনেৰে মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ। মায়াময় হৈ পৰিছে নীলাচলৰ বুকু। তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীলৈ কৰিছে এটা আহ্বান।
নিশা কামাখ্যালৈ কোনো লোককে নাযাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কৈছে যে, কামাখ্যালৈ যোৱা পথত বৃদ্ধি পাইছে ভূমিস্খলন।
কোনো ধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে সকলো লোক সতৰ্ক হৈ থাকক। অম্বুবাচী মেলা প্ৰতি বছৰেই আহে। এইবাৰ ঘৰতে থাকি মাকক আৰাধনা কৰক।
পিছটো অম্বুবাচীলৈ আহিব পাৰিব। ইয়াৰ বাবে আৰক্ষীকো দিয়া হৈছে নিৰ্দেশ। দৰাচলতে মা কামাখ্যা মন্দিৰলৈ যোৱা পাণ্ডু-কামাখ্যা পথছোৱা কিছুদিন পূৰ্বে ভয়ংকৰ বাৱে ভূমিস্খলন হৈছিল।যাৰ বাবে সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক: বৃদ্ধি হ’ব মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা