পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত এতিয়া সন্ত্ৰাসবাদ বিৰোধী সংস্থা, ৰাষ্ট্রীয় তদন্ত সংস্থাই হাতত লৈছে৷কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে তদন্তকাৰী সংস্থাই এই বিষয়ত আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে।তদন্তকাৰী সংস্থাটোৱে প্ৰাথমিক তদন্তত গুৰুত্বপূৰ্ণ প্ৰমাণ পাইছে।
এই ঘটনাটোৰ পিছত বুধবাৰৰ পৰা অপৰাধস্থলীত উপস্থিত হৈ NIAৰ দলটোৱে প্ৰমাণৰ বাবে তদন্ত তীব্ৰতৰ কৰি তুলিছে। বৰ্তমান সন্ত্ৰাসবাদী আক্ৰমণৰ এজন মূল সাক্ষীক বিচাৰি পাইছে, যিজন এজন স্থানীয় ফটোগ্ৰাফাৰ।
আক্ৰমণৰ সময়ত এই ফটোগ্ৰাফাৰ গৰাকীয়ে এজোপা গছত উঠি সমগ্ৰ সন্ত্ৰাসবাদী আক্ৰমণটোৰ ৰেকৰ্ডিং কৰি আছিল।তদন্তকাৰী সংস্থাটোৱে বিশ্বাস কৰে যে ফটোগ্ৰাফাৰজনৰ ভিডিঅ’সমূহ এই গোচৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব।
ৰেকৰ্ডিং অনুসৰি, ‘প্ৰথম অৱস্থাত দুজন সন্ত্ৰাসবাদীয়ে এখন দোকানৰ আঁৰত লুকাই আছিল…তাৰ পিছত এই সন্ত্ৰাসবাদীসকলে ওলাই আহি প্ৰথমে তাত থকা লোকসকলক কলিমা পঢ়িবলৈ দিছিল।
কিন্তু কলিমা পঢ়িব নোৱাৰাৰ বাবে ৪ জন হিন্দু লোকক গুলিয়াই হত্যা কৰিছিল। ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰে আৰু মানুহবোৰ ইফালে সিফালে দৌৰিছিল।
এন আই এৰ দলসমূহে সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৰ জ্যেষ্ঠ বিষয়াসকলৰ তত্বাৱধানত যিসকলে নিজৰ চকুৰে এই ভয়ংকৰ আক্ৰমণটো দেখিছিল তেওঁলোকক জেৰা চলাই আছে।