লোকসভাত দাখিল হ’ব নতুন আয়কৰ বিধেয়ক
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত উত্থাপন কৰিব সংশোধিত আয়কৰ বিধেয়ক। ভাৰতীয় কৰ আন্তঃগাঁথনিৰ অভাৰ হ’ল প্ৰক্ৰিয়াৰ অংশ হিচাপে নতুন আয়কৰ বিধেয়ক, ২০২৫ সকলো সংশোধনীৰ সৈতে আজি লোকসভাত দাখিল কৰা হ’ব।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াক উপস্থাপন কৰিব।এই নতুন বিধেয়কখনত নিৰ্বাচিত সমিতিৰ পৰামৰ্শ দিয়া ২৮৫টা সংশোধনী অন্তৰ্ভুক্ত কৰা হ’ব।
বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত নিৰ্বাচিত কমিটীয়ে এই সংশোধনীসমূহত অনুমোদন জনাইছিল।আপোনালোকক জনাওঁ যে এই নতুন বিধেয়কখন ৬৩ বছৰীয়া আয়কৰ আইন,১৯৬১ চনৰ ঠাই ল’ব।
চৰকাৰে কৈছিল যে বিধেয়কখন প্ৰত্যাহাৰ কৰি তাত কিছু সংশোধনী কৰা হ’ব যাতে নতুন আইনখন সকলোৱে সহজে বুজিব পাৰে।
লোকসভাৰ বাছনি সমিতিয়ে পৰামৰ্শ দিয়া পৰিৱৰ্তনসমূহ নতুন বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে।এই নতুন আপডেট কৰা বিলখন হ’ব সম্পূৰ্ণ নতুন আৰু চূড়ান্ত সংস্কৰণ। ইয়াৰ লগে লগে এতিয়া পুৰণি আৰু নতুন বিলৰ মাজত মানুহৰ কোনো ধৰণৰ খেলিমেলি নাথাকিব।
বিত্তমন্ত্ৰীগৰাকীয়ে নতুন বিধেয়কখনত কিছু কাৰিকৰী সংশোধন কৰা হৈছে বুলি কৈছিল।খচৰা প্ৰস্তুত কৰাটো উন্নত কৰা হৈছে, শব্দ নিৰ্বাচন সহজ আৰু উন্নত ক্ৰছ-ৰেফাৰেন্সিঙৰ সৈতে।
এই পৰিৱৰ্তনৰ এটা ডাঙৰ কাৰণ হৈছে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সংসদ বাছনি সমিতিৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়া।
তেওঁ আৰু কয়, “এয়া স্বাভাৱিক প্ৰথা। বাছনি সমিতিয়ে যেতিয়া প্ৰতিবেদন দাখিল কৰে, তেতিয়া ইয়াত বহু উন্নতি কৰা হয় আৰু চৰকাৰে সেইবোৰ মানি লয়।
পূৰ্বৰ বিধেয়কখন প্ৰত্যাহাৰ কৰি পৰিৱৰ্তনসহ নতুন বিধেয়ক দাখিল কৰা হয় যাতে সংসদে বিধেয়কখন বিবেচনা কৰাত সহজ হয় আৰু লগতে গৃহীত কৰাটোও সহজ হয়।
তেওঁ কয় যে যোৱা ছমাহত যি কঠোৰ পৰিশ্ৰম কৰিছে সেয়া অপচয় নহ’ব, বৰঞ্চ সকলোৰে কঠোৰ পৰিশ্ৰম আৰু পৰামৰ্শ নতুন বিধেয়কখনত প্ৰতিফলিত হ’ব।
মন কৰিবলগীয়া যে ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত লোকসভাত আয়কৰ বিধেয়ক উত্থাপন কৰা হৈছিল আৰু ইয়াৰ পিছত বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ অধ্যক্ষতাত ৩১ জনীয়া এখন নিৰ্বাচিত সমিতি গঠন কৰি ইয়াৰ তদন্ত কৰা হয়।
২৮৫টা পৰামৰ্শ আগবঢ়াইছিল আৰু যোৱা মাহত ২০২৫ চনৰ ২১ জুলাইত প্ৰতিবেদন দাখিল কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এতিয়া সংশোধিত নতুন কৰ বিধেয়ক, ২০২৫ চন প্ৰৱৰ্তন কৰিবলৈ ওলাইছে, যিয়ে ১৯৬১ চনৰ আয়কৰ বিধেয়কৰ ঠাই ল’ব।ইয়াৰ শিতান আগৰ তুলনাত কম হ’ব আৰু আগৰ তুলনাত বহুত সহজ ভাষাত হ’ব।
লগতে পঢ়ক: ‘ডাবল ভোটিং’ৰ দাবী কৰি বিপদত ৰাহুল গান্ধী; জাননী প্ৰেৰণ কৰি নিৰ্বাচনী আয়োগে বিচাৰিলে প্ৰমাণ