নেপালত ZEN-Zৰ হিংসাত্মক প্ৰতিবাদ
চৰকাৰী দুৰ্নীতি আৰু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে নেপালত হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে । ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে জেনেৰেচন জেড (ZEN-Z)এ । চৰকাৰৰ বিৰোধী শ্ল’গানেৰে উত্তপ্ত হৈ পৰিছ নেপাল । আনকি সংসদ ভৱনতো বহু প্ৰতিবাদকাৰী প্ৰৱেশ কৰে । নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰাত প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে ।
ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয় । প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে । পানীৰ গোলা ব্যৱহাৰ কৰাৰ লগতে কিছুমান ঠাইত গুলীচালনাও কৰা হয় । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০ জনৰো অধিক লোক আহত হয় । কাঠমাণ্ডুৰ নতুন বানেশ্বৰ আৰু ঝাপা জিলাৰ দমকত পৰিস্থিতি আটাইতকৈ ভয়াৱহ হৈ পৰিছে ।
প্ৰকাশিত এক বাতৰি অনুসৰি নিউ বানেশ্বৰত হিংসাত্মক প্ৰতিবাদৰ সময়ত গুলীত আঘাতপ্ৰাপ্ত এজন প্ৰতিবাদকাৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি থকা অৱস্থাতে মৃত্যু হয় । বহু আহত ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । ডামাকত প্ৰতিবাদকাৰীয়ে দমক চ’কৰ পৰা পৌৰসভাৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ প্ৰতিকৃতি দাহ কৰি কাৰ্যালয়ৰ গেট ভাঙিবলৈ চেষ্টা কৰে । পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে সেনাবাহিনী মোতায়েন কৰা হৈছে ।
আৰক্ষীৰ গুলীত আহত একাংশ-
নিউ বানেশ্বৰত হিংসাত্মক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনাতো একাংশ প্ৰতিবাদকাৰী আহত হৈছে । আহতসকলক চিকিৎসাৰ বাবে এভাৰেষ্ট হাস্পতাল, অসামৰিক চিকিৎসালয়ৰ লগতে কাষৰীয়া অন্যান্য চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
জানিব পৰা মতে সোমবাৰে পুৱা ৯ বজাৰ পৰা কাঠমাণ্ডুৰ মৈতিঘৰত প্ৰতিবাদকাৰীৰ সমাগম আৰম্ভ হয় । ‘নেপো কিড’ আৰু ‘নেপো বেবীজ’ৰ দৰে হেচটেগসমূহ যোৱা কিছুদিন ধৰি অনলাইনত ট্ৰেণ্ডিং হৈ আছে । চৰকাৰে পঞ্জীয়নবিহীন প্লেটফৰ্ম ব্লক কৰাৰ সিদ্ধান্তৰ পিছত এই ট্ৰেণ্ডে আৰু অধিক গতি লাভ কৰিছে । কাঠমাণ্ডু জিলা প্ৰশাসন কাৰ্যালয়ৰ তথ্য অনুসৰি ‘হামি নেপাল’এ এই সমাৱেশৰ আয়োজন কৰিছিল । ইয়াৰ বাবে পূৰ্বে অনুমতি লোৱা হৈছিল ।
চৰকাৰী ব্যৱস্থা আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ-
সংগঠনটোৰ অধ্যক্ষই কয় যে, চৰকাৰী ব্যৱস্থা আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । সমগ্ৰ দেশতে একেধৰণৰ প্ৰতিবাদ হৈছে । লগতে ছাত্ৰ-ছাত্ৰীসকলক ইউনিফৰ্ম পৰিধান কৰি আৰু কিতাপ লৈ প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনায় তেওঁ ।
কিয় নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়া ?
চৰকাৰৰ তথ্য অনুসৰি নেপালৰ ছ’চিয়েল মিডিয়া কোম্পানীসমূহক পঞ্জীয়ন কৰিবলৈ ২৮ আগষ্টৰ পৰা ৭ দিনৰ সময় দিয়া হৈছিল । যোৱা বুধবাৰে যেতিয়া এই সময়সীমা শেষ হৈছিল, তেতিয়া কোনো এটা ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মে- মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ), আলফাবেট (ইউটিউব), এক্স (পূৰ্বতে টুইটাৰ), ৰেডিট আৰু লিংকডইনে পঞ্জীয়ন কৰা নাছিল । ইয়াৰ পিছত চৰকাৰে বৃহস্পতিবাৰৰ পৰা এই কোম্পানীসমূহ দেশত নিষিদ্ধ কৰে ।
ছচিয়েল মিডিয়া প্লেটফৰ্মত ঘৃণা বিয়পোৱাৰ অভিযোগ-
চৰকাৰে কয় যে ভুৱা আই ডি থকা ব্যৱহাৰকাৰীসকলে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰি ঘৃণা বিয়পাইছে, উৰাবাতৰি বিয়পাইছিল আৰু চাইবাৰ অপৰাধ সংঘটিত কৰিছিল । ইয়াৰ ফলত সমাজত অশান্তি আৰু অসামাজিক কাৰ্যকলাপ বাঢ়ি আহিছিল ।
লগতে পঢ়ক : নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী; ফেচবুক-এক্স-ইউটিউবৰ নিষেধাজ্ঞাক লৈ হুলস্থুল