কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ
হিংসা, উপদ্ৰব আৰু অগ্নিসংযোগৰ পিছত এতিয়া নেপালত শান্তি ঘূৰি আহিছে।ৰাজধানী কাঠমাণ্ডুত সেনাই জাৰি কৰা কাৰ্ফিউ আৰু সান্ধ্য আইন আজি পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।
অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে ৰাজপথত সেনাৰ উপস্থিতি আৰু কিছুদিন থাকিব বুলি আশা কৰা হৈছে।
নেপালত অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে।শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে তেওঁ।এতিয়া লাহে লাহে ৰাজধানীৰ ৰাজপথলৈ স্বাভাৱিকতা ঘূৰি আহিছে।
লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ…
Post Views: 56