NEET PG পৰীক্ষা হ’ব ৩ আগষ্ট ত
১৫ জুনত অনুষ্ঠিত হ’বলগীয়া NEET PG পৰীক্ষা এতিয়া ২০২৫ চনৰ ৩ আগষ্টত অনুষ্ঠিত হ’ব।উচ্চতম ন্যায়ালয়ে পৰীক্ষা ব’ৰ্ডক NEET PG (Postgraduate) পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।
ইয়াৰ পূৰ্বে এই পৰীক্ষা চলিত বৰ্ষৰ ১৫ জুনত দুটা শ্বিফটত অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্তু উচচতম ন্যায়ালয়ে একেটা শ্বিফটতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে স্থগিত ৰখা হয়।
উচ্চতম ন্যায়ালয়ে ২০২৫ চনৰ ৩০ মে’ তাৰিখে দিয়া আদেশত দুটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাটো “স্বেচ্ছাচাৰী” আৰু “অন্যায়” বুলি কোৱা হৈছে , কাৰণ প্ৰশ্নকাকতৰ অসুবিধাৰ স্তৰ বিভিন্ন শ্বিফটত ভিন্ন হ’ব পাৰে।
আদালতে NBEMS ক এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ পৰ্যাপ্ত সংখ্যক সুৰক্ষিত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
৩ আগষ্টত ৯ পৰা ১২:৩০ বজালৈ হ’ব পৰীক্ষা
NBEMSএ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কয় যে এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অতিৰিক্ত পৰীক্ষা কেন্দ্ৰ,ইনভিজিলেটৰ, নিৰাপত্তাৰক্ষী আৰু কাৰিকৰী ব্যৱস্থাৰ প্ৰয়োজন হ’ব।
ইয়াৰ বাবে NBEMSৰ লগতে ইয়াৰ কাৰিকৰী অংশীদাৰ টাটা কনছালটেন্সি চাৰ্ভিচেছৰ সৈতে মিলি ৩ আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ প্ৰস্তাৱ দিয়া হৈছিল।
বৃহস্পতিবাৰে আদালতে NBEMSৰ এই প্ৰস্তাৱ গ্ৰহণ কৰি ২০২৫ চনৰ ৩ আগষ্টত পুৱা ৯ বজাৰ পৰা দুপৰিয়া ১২:৩০ বজালৈ এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনায়।
আদালতে কি ক’লে
NEET PG ২০২৫ ত এইবাৰ মুঠ ২,৪২,৬৭৮ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে।ইয়াৰ পূৰ্বে এই পৰীক্ষা দুটা শ্বিফটত ৯০০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা আছিল।
কিন্তু ইউনাইটেড ডাক্তৰছ ফ্ৰন্ট (ইউডিএফ)ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে দুটা শ্বিফ্ট ব্যৱস্থা নাকচ কৰে।
আদালতে কয় যে দুখন ভিন্ন প্ৰশ্নকাকতৰ অসুবিধাৰ স্তৰ একে হ’ব নোৱাৰে, যিয়ে প্ৰাৰ্থীসকলৰ মাজত বৈষম্যৰ সৃষ্টি কৰিব পাৰে।
উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে NBEMSএ প্ৰতিজন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰা ৩৫০০ টকা আৰু SC/ST/PWD পৰীক্ষাৰ্থীৰ পৰা ২৫০০ টকা পৰীক্ষাৰ মাচুল হিচাপে লোৱা হৈছিল, যাৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।
আদালতে কয় যে এই ধনেৰে অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব পাৰি যাতে একেটা শ্বিফটতে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা যায়।
লগতে পঢ়ক: আল্লু অৰ্জুন-আটলীৰ ছবিত চুক্তিবদ্ধ হ’ল দীপিকা পাডুকন; নায়িকাৰ চৰিত্ৰত কৰিব অভিনয়