NEET পৰীক্ষাত নিৰ্বাচিত হ’বলৈ পাব লাগিব কিমান নম্বৰ ?প্ৰতি বছৰে কিমান থাকে আসন?

NEET পৰীক্ষাত নিৰ্বাচিত হ’বলৈ পাব লাগিব কিমান নম্বৰ

আজি অৰ্থাৎ ৩ আগষ্টত সমগ্ৰ দেশৰ বিভিন্ন কেন্দ্ৰত NEET PG পৰীক্ষা অনুষ্ঠিত হ’ল। পৰীক্ষা শেষ হোৱাৰ পিছত পুনৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ চাবি মুকলি হোৱালৈ অপেক্ষা কৰিব।

এসপ্তাহৰ ভিতৰত অস্থায়ী উত্তৰ মুকলি কৰা হ’ব, তাৰ পিছত চূড়ান্ত উত্তৰ আৰু ফলাফল মুকলি কৰা হ’ব। ফলাফলৰ দিনটো প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে অলপ কঠিন।

এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলেও NEET PG (NEET PG Passing Marks) উত্তীৰ্ণ হ’বলৈ কিমান নম্বৰৰ প্ৰয়োজন সেইটো জানিব বিচাৰিব।যদিও ই শ্ৰেণী অনুসৰি ভিন্ন হয়, নিৰ্বাচন প্ৰক্ৰিয়াও কাটঅফৰ ওপৰত নিৰ্ভৰ কৰে।

NEET PG পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জনৰ নম্বৰ শিতান অনুসৰি বেলেগ বেলেগ হয়। সাধাৰণ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শাখাৰ (ই ডব্লিউ এছ) প্ৰাৰ্থীৰ বাবে, এয়া ৫০ শতাংশ।

SC/ST/OBC ৰ বাবে (যিটোত অক্ষম শ্ৰেণীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে) ই ৪০ শতাংশ। জেনেৰেল পাৰ্চন উইথ ডিচেবিলিটি (পিডব্লিউবিডি) শিতানৰ প্ৰাৰ্থীৰ বাবে ই ৪৫ শতাংশ।

যদি মুঠ নম্বৰ ৮০০ হয়, তেন্তে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৪০০ নম্বৰ লাভ কৰিব লাগিব, আনহাতে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩২০ নম্বৰ লাভ কৰিব লাগিব।

মনত ৰাখিব যে এইবোৰ নূন্যতম যোগ্যতা অৰ্জনৰ নম্বৰহে, আৰু ভাল কলেজ এখনত নামভৰ্তি কৰিবলৈ হ’লে, প্ৰাৰ্থীয়ে উচ্চ নম্বৰ লাভ কৰিব লাগিব।

উদাহৰণস্বৰূপে, নীট পিজি ২০২২ ত, সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ যোগ্যতা অৰ্জনৰ নম্বৰ আছিল ২৯১, আনহাতে ২০২১ চনত ই আছিল ৩৬৬।

লগতে পঢ়ক: পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব DU ; অধ্যাপক সকলৰ মাজত হাহাকাৰ

৩ আগষ্ট অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ৰ অনুমোদন

NEET PG পৰীক্ষা হ’ব ৩ আগষ্ট ত

১৫ জুনত অনুষ্ঠিত হ’বলগীয়া NEET PG পৰীক্ষা এতিয়া ২০২৫ চনৰ ৩ আগষ্টত অনুষ্ঠিত হ’ব।উচ্চতম ন্যায়ালয়ে পৰীক্ষা ব’ৰ্ডক NEET PG (Postgraduate) পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।

ইয়াৰ পূৰ্বে এই পৰীক্ষা চলিত বৰ্ষৰ ১৫ জুনত দুটা শ্বিফটত অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্তু উচচতম ন্যায়ালয়ে একেটা শ্বিফটতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে স্থগিত ৰখা হয়।

উচ্চতম ন্যায়ালয়ে ২০২৫ চনৰ ৩০ মে’ তাৰিখে দিয়া আদেশত দুটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাটো “স্বেচ্ছাচাৰী” আৰু “অন্যায়” বুলি কোৱা হৈছে , কাৰণ প্ৰশ্নকাকতৰ অসুবিধাৰ স্তৰ বিভিন্ন শ্বিফটত ভিন্ন হ’ব পাৰে।

আদালতে NBEMS ক এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ পৰ্যাপ্ত সংখ্যক সুৰক্ষিত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

৩ আগষ্টত ৯ পৰা ১২:৩০ বজালৈ হ’ব পৰীক্ষা

NBEMSএ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কয় যে এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অতিৰিক্ত পৰীক্ষা কেন্দ্ৰ,ইনভিজিলেটৰ, নিৰাপত্তাৰক্ষী আৰু কাৰিকৰী ব্যৱস্থাৰ প্ৰয়োজন হ’ব।

ইয়াৰ বাবে NBEMSৰ লগতে ইয়াৰ কাৰিকৰী অংশীদাৰ টাটা কনছালটেন্সি চাৰ্ভিচেছৰ সৈতে মিলি ৩ আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ প্ৰস্তাৱ দিয়া হৈছিল।

বৃহস্পতিবাৰে আদালতে NBEMSৰ এই প্ৰস্তাৱ গ্ৰহণ কৰি ২০২৫ চনৰ ৩ আগষ্টত পুৱা ৯ বজাৰ পৰা দুপৰিয়া ১২:৩০ বজালৈ এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনায়।

আদালতে কি ক’লে

NEET PG ২০২৫ ত এইবাৰ মুঠ ২,৪২,৬৭৮ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে।ইয়াৰ পূৰ্বে এই পৰীক্ষা দুটা শ্বিফটত ৯০০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা আছিল।

কিন্তু ইউনাইটেড ডাক্তৰছ ফ্ৰন্ট (ইউডিএফ)ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে দুটা শ্বিফ্ট ব্যৱস্থা নাকচ কৰে।

আদালতে কয় যে দুখন ভিন্ন প্ৰশ্নকাকতৰ অসুবিধাৰ স্তৰ একে হ’ব নোৱাৰে, যিয়ে প্ৰাৰ্থীসকলৰ মাজত বৈষম্যৰ সৃষ্টি কৰিব পাৰে।

উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে NBEMSএ প্ৰতিজন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰা ৩৫০০ টকা আৰু SC/ST/PWD পৰীক্ষাৰ্থীৰ পৰা ২৫০০ টকা পৰীক্ষাৰ মাচুল হিচাপে লোৱা হৈছিল, যাৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।

আদালতে কয় যে এই ধনেৰে অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব পাৰি যাতে একেটা শ্বিফটতে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা যায়।

লগতে পঢ়ক: আল্লু অৰ্জুন-আটলীৰ ছবিত চুক্তিবদ্ধ হ’ল দীপিকা পাডুকন; নায়িকাৰ চৰিত্ৰত কৰিব অভিনয়