এতিয়া অসমৰ ৰাজপথত অৱতৰণ কৰিব যুদ্ধ বিমান
বিগত কিছু সময়ৰ পৰা সীমান্তত অঞ্চলত অহৰহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ভাৰত । কেৱল পাকিস্তানেই নহয় চীনৰ পৰাও কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দেশখন । ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ মাজতে ভাৰতীয় সেনাবাহিনীয়ে নিজকে উন্নীতকৰণৰ কামত ব্যস্ত হৈ পৰিছে । বাংলাদেশৰ সৈতে অৱনতি ঘটা সম্পৰ্ক আৰু চীনৰ কুৎসিত ষঢ়যন্ত্ৰৰ পৰিপ্ৰেক্ষিতত ভাৰত এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত নিজৰ কৌশলগত স্থিতি শক্তিশালী কৰাৰ কামত ব্যস্ত হৈ পৰিছে ।
উত্তৰ-পূবৰ ৰাজ্যসমূহক কৌশলগতভাৱে আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে এতিয়া বৃহৎ প্রস্তুতি কৰিবলৈ ওলাইছে ৷ উত্তৰ-পূব অঞ্চলত চীন আৰু বাংলাদেশৰ সংমিশ্ৰণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে নিজৰ সীমান্ত শক্তিশালী কৰি তুলিছে । ইয়াৰ বাবে অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান আৰু অসামৰিক বিমানৰ জৰুৰী অৱতৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰস্তুত কৰা হৈছে ।
আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ প্ৰস্তুতি-
ভাৰতীয় সেনাৰ এই প্ৰস্তুতিক প্ৰত্যক্ষভাৱে দেশৰ সীমান্ত সুৰক্ষিত ৰখা আৰু যিকোনো আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ এক বিশেষ পৰিকল্পনা হিচাপে দেখা গৈছে । ডিব্ৰুগড়ৰ সমীপৰ মৰাণৰ পৰা নুমলীগড়লৈ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ছুখয়-৩০ আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ বাবে সাজু কৰি তোলা হৈছে ।
দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই প্রস্তুতি পৰিদৰ্শন কৰি এই সন্দর্ভত কয়, “ৰাষ্ট্রীয় ঘাইপথত যুদ্ধ বিমান জৰুৰীকালীন অৱতৰণৰ প্রস্তুতি কৰা হৈছে । আমি অক্টোবৰৰ ভিতৰত এই সুবিধা আৰম্ভ কৰিব বিচাৰিছো । ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলে অহৰহ নিৰীক্ষণ কৰি আছে আৰু এই সন্দৰ্ভত দ্ৰুত গতিত কাম চলি আছে ।”
What you are seeing in this picture is not just a highway; it is North East's first Emergency Landing Facility 🛬
— Himanta Biswa Sarma (@himantabiswa) June 29, 2025
📍 Moran, Assam pic.twitter.com/nNsYvtw4ax
উল্লেখ্য যে, উত্তৰ-পূব অঞ্চলত চীন নিৰন্তৰ সক্ৰিয় হৈ আছে । এনে পৰিস্থিতিত সীমান্তৰ সমীপৰ উত্তৰ-পূর্বাঞ্চলত এনে প্রস্তুতি কৌশলগত দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷ অৰুণাচলৰ সৈতে চীনৰ দীঘলীয়া সীমান্ত আৰু চীনৰ নিতৌ বৃদ্ধি পোৱা কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়া আন্তঃগাঁথনিৰ জৰিয়তে নিজৰ কৌশলগত বিন্দুসমূহ শক্তিশালী কৰাৰ কৌশলৰ কাম কৰি আছে ।
প্ৰস্তুতি এনেদৰে চলোৱা হৈছে যে প্ৰয়োজন হ’লে কেৱল যুদ্ধ বিমানেই নহয়, অসামৰিক বিমানো এই ঘাইপথত অৱতৰণ কৰিব পাৰিব । ইয়াৰ উপৰিও আৰু দুটা স্থান নামনি অসম আৰু নগাঁও-লামডিঙৰ মাজত একেধৰণৰ ঘাইপথ নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে ।
লগতে পঢ়ক : ‘সংবিধানৰ পৰা সমাজবাদী, ধৰ্মনিৰপেক্ষতাক আঁতৰোৱাৰ সোণালী সময়’… ক’লে হিমন্ত বিশ্ব শৰ্মাই