মৰাণৰ আকাশত গৰজি উঠিল সুখয়, ৰাফেল আৰু হাৰ্কিউলিচ C 130J; ৰচনা হ’ল নতুন ইতিহাসৰ

শনিবাৰৰ দিনটোত মৰাণৰ আকাশত সৃষ্টি হ’ল এক ইতিহাসৰ । ৰাষ্ট্ৰীয় ঘাইপথ ELF ত গৰজি উঠিল সুখয়, ৰাফেল আৰু হাৰ্কিউলিচ C 130J।

অসমত সৃষ্টি হ’ল এক নতুন ইতিহাসৰ। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসমবাসী। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান।

হাৰ্কিউলিচ C 130J বিমানেৰে মৰাণৰ জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ উদ্ধোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ELF ত যুদ্ধ বা জৰুৰীকালীন অৱস্থাত যুঁজাৰু বিমান, পৰিবহণ বিমান আৰু হেলিকপ্টাৰ অৱতৰণৰ কৰিব পাৰিব।

এই হাইৱে ষ্ট্ৰিপত নিৰ্মিত, যিটো যুদ্ধ বা জৰুৰীকালীন অৱস্থাত যুদ্ধ বিমান অৱতৰণৰ বাবে ব্যৱহাৰ কৰা হয়,ইয়াৰ জৰিয়তে পৰিবহণ বিমান আৰু হেলিকপ্টাৰৰ বাবে বিকল্প অৱতৰণ স্থানৰ ব্যৱস্থা কৰা হ’ব।উত্তৰ-পূব ভাৰতৰ প্ৰতিৰক্ষা আৰু কৌশলগত প্ৰস্তুতিৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ।

মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাৰ পিছতে মৰাণৰ আকাশমাৰ্গত আৰম্ভ হয় বায়ুসেনা বাহিনীৰ এয়াৰ শ্ব’। এখনৰ পিছত আনখন যুঁজাৰু বিমানে আকাশমাৰ্গত কলা-কৌশল প্ৰদৰ্শন কৰি দেখুৱালে ভাৰতৰ শক্তি।

মৰাণৰ আকাশত উৰিল ছুখয়, ৰাফেল, তেজস, হাৰকিউলিছসহ ১৬খন যুঁজাৰু বিমান।এই এয়াৰ শ্ব’ ৰ দ্বাৰা ৰঙা চীনক কঠোৰ বাৰ্তা দিছে ভাৰতে।

জৰুৰীকালীন অৱতৰণ সুবিধা এনেকুৱা এটা ঘাইপথৰ ষ্ট্ৰিপ হয় য’ত সাধাৰণ সময়ত বাহন চলি থাকে,কিন্তু প্ৰয়োজন হ’লে ইয়াক ৰাণৱেলৈ ৰূপান্তৰিত কৰি বিমান অৱতৰণ আৰু অধিক উৰাজাহাজ উৰাব পাৰি।ডিব্ৰুগড়-মৰাণ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত নিৰ্মিত এই পথটোৰ দৈৰ্ঘ্য ৪.২ কিলোমিটাৰ।

লগতে পঢ়ক: ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু অসমবাসী; প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান

এতিয়া অসমৰ ৰাজপথত অৱতৰণ কৰিব যুদ্ধ বিমান; অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে ৰাণৱে’

এতিয়া অসমৰ ৰাজপথত অৱতৰণ কৰিব যুদ্ধ বিমান

বিগত কিছু সময়ৰ পৰা সীমান্তত অঞ্চলত অহৰহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ভাৰত । কেৱল পাকিস্তানেই নহয় চীনৰ পৰাও কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দেশখন । ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ মাজতে ভাৰতীয় সেনাবাহিনীয়ে নিজকে উন্নীতকৰণৰ কামত ব্যস্ত হৈ পৰিছে । বাংলাদেশৰ সৈতে অৱনতি ঘটা সম্পৰ্ক আৰু চীনৰ কুৎসিত ষঢ়যন্ত্ৰৰ পৰিপ্ৰেক্ষিতত ভাৰত এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত নিজৰ কৌশলগত স্থিতি শক্তিশালী কৰাৰ কামত ব্যস্ত হৈ পৰিছে ।

উত্তৰ-পূবৰ ৰাজ্যসমূহক কৌশলগতভাৱে আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে এতিয়া বৃহৎ প্রস্তুতি কৰিবলৈ ওলাইছে ৷ উত্তৰ-পূব অঞ্চলত চীন আৰু বাংলাদেশৰ সংমিশ্ৰণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে নিজৰ সীমান্ত শক্তিশালী কৰি তুলিছে । ইয়াৰ বাবে অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান আৰু অসামৰিক বিমানৰ জৰুৰী অৱতৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰস্তুত কৰা হৈছে ।

আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ প্ৰস্তুতি-

ভাৰতীয় সেনাৰ এই প্ৰস্তুতিক প্ৰত্যক্ষভাৱে দেশৰ সীমান্ত সুৰক্ষিত ৰখা আৰু যিকোনো আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ এক বিশেষ পৰিকল্পনা হিচাপে দেখা গৈছে । ডিব্ৰুগড়ৰ সমীপৰ মৰাণৰ পৰা নুমলীগড়লৈ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ছুখয়-৩০ আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ বাবে সাজু কৰি তোলা হৈছে ।

দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই প্রস্তুতি পৰিদৰ্শন কৰি এই সন্দর্ভত কয়, “ৰাষ্ট্রীয় ঘাইপথত যুদ্ধ বিমান জৰুৰীকালীন অৱতৰণৰ প্রস্তুতি কৰা হৈছে । আমি অক্টোবৰৰ ভিতৰত এই সুবিধা আৰম্ভ কৰিব বিচাৰিছো । ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলে অহৰহ নিৰীক্ষণ কৰি আছে আৰু এই সন্দৰ্ভত দ্ৰুত গতিত কাম চলি আছে ।”

উল্লেখ্য যে, উত্তৰ-পূব অঞ্চলত চীন নিৰন্তৰ সক্ৰিয় হৈ আছে । এনে পৰিস্থিতিত সীমান্তৰ সমীপৰ উত্তৰ-পূর্বাঞ্চলত এনে প্রস্তুতি কৌশলগত দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷ অৰুণাচলৰ সৈতে চীনৰ দীঘলীয়া সীমান্ত আৰু চীনৰ নিতৌ বৃদ্ধি পোৱা কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়া আন্তঃগাঁথনিৰ জৰিয়তে নিজৰ কৌশলগত বিন্দুসমূহ শক্তিশালী কৰাৰ কৌশলৰ কাম কৰি আছে ।

প্ৰস্তুতি এনেদৰে চলোৱা হৈছে যে প্ৰয়োজন হ’লে কেৱল যুদ্ধ বিমানেই নহয়, অসামৰিক বিমানো এই ঘাইপথত অৱতৰণ কৰিব পাৰিব । ইয়াৰ উপৰিও আৰু দুটা স্থান নামনি অসম আৰু নগাঁও-লামডিঙৰ মাজত একেধৰণৰ ঘাইপথ নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে ।

লগতে পঢ়ক : ‘সংবিধানৰ পৰা সমাজবাদী, ধৰ্মনিৰপেক্ষতাক আঁতৰোৱাৰ সোণালী সময়’… ক’লে হিমন্ত বিশ্ব শৰ্মাই