ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু অসমবাসী; প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান

ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু অসমবাসী; প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান

আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি অসমবাসীক দিব কেইবাটাও উপহাৰ।ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ-পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি অসমবাসীক দিব কেইবাটাও উপহাৰ।ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ-পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

তাৰ পূৰ্বে মৰাণৰ আকাশ কঁপাই তুলিব শ্ৰেষ্ঠ যুদ্ধ বিমান ছুখয়, ৰাফেল, তেজছে। ১৬ খনকৈ বিভিন্ন যুদ্ধ বিমানে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। মৰাণৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষ ৰানৱে’ত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান।

প্ৰধানমন্ত্ৰীৰ আজিৰ এই ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ যোৱা ভাৰতীয় বায়ুসেনাৰ চি-১৩০ বিমান শনিবাৰে অসমৰ ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ এটা অংশত অৱস্থিত মৰাণ ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ই এল এফ)ত অৱতৰণ কৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে এক্সত লিখিছে যে,’১৪ ফেব্ৰুৱাৰীত মৰাণৰ জৰুৰীকালীন অৱতৰণ সুবিধা প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব।পৰীক্ষণ পৰ্যায়ৰ পৰা সফল অপাৰেচনলৈকে,সংযোগ আৰু কৌশলগত শক্তিৰ এক নতুন অধ্যায় গঢ় লৈ উঠিছে।’

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰিবলৈ আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃগাঁথনি সৃষ্টিৰ কৃতিত্ব দিয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,মৰাণ ই এল এফ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ বিমানে প্ৰয়োজন সাপেক্ষে চলাচল কৰিব পাৰিব আৰু এই কৌশলগত দৃষ্টিভংগীত নিজৰ অৰিহণা যোগাবলৈ পাই অসম সুখী।’

লগতে পঢ়ক: ‘পুৰণি অট্টালিকাবোৰ দাসত্বৰ প্ৰতীক আছিল’; সেৱা তীৰ্থৰ পৰা প্ৰধানমন্ত্ৰী প্ৰথম প্ৰতিক্ৰিয়া