ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায় আৰু অভিযন্তা দিৱসৰ কাহিনী
ভাৰতত প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস পালন কৰা হয় । এই দিৱস মহান অভিযন্তা, দূৰদৰ্শী পৰিকল্পনাকাৰী আৰু সমাজ সংস্কাৰক ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ স্মৃতিত উৎসৰ্গিত কৰা হৈছে । এজন অনন্য অভিযন্তা, বিজ্ঞানী আৰু সফল প্ৰশাসক হিচাপে তেওঁ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে সন্মানিত । ১৯৫৫ চনত তেওঁ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে ।
বিশ্বেশ্বৰায়ৰ জন্ম হৈছিল ১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰত কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাত । অনুশাসন, সততা আৰু দেশৰ প্ৰতি গভীৰ আছিল ভক্তি তেওঁৰ । ভাৰতীয় অভিযান্ত্ৰিকতাক নতুন দিশ প্ৰদান কৰাৰ লগতে আধুনিক ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ ।
উল্লেখযোগ্য অৱদান-
আধুনিক ভাৰত নিৰ্মাণৰ কামৰ বাবে ছাৰ বিশ্বেশ্বৰায় সদায়ে স্মৰণীয় হৈ থাকিব ।
-কৃষ্ণৰাজ সাগৰ বান্ধ নিৰ্মাণ
-হায়দৰাবাদত বান নিয়ন্ত্ৰণ আঁচনি
-স্বয়ংক্ৰিয় স্লুইচ গেটৰ উদ্ভাৱন
ইয়াৰ উপৰিও ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰ ৰাজ্যৰ দিৱান (মুখ্যমন্ত্ৰী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।
সন্মান আৰু উপাধি-
-১৯৫৫ চনত ভাৰতৰত্ন বঁটা লাভ কৰে
-ব্ৰিটিছ চৰকাৰৰ পৰা কেচিআইই (নাইট কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ইণ্ডিয়ান এম্পায়াৰ) উপাধি লাভ কৰে
-তেওঁক ইণ্ডিয়ান ইঞ্জিনিয়াৰিঙৰ “পিতামহ” বুলিও কোৱা হয়, যিটো জনপ্ৰিয় আৰু সন্মানজনক উপাধি
শিক্ষা আৰু কেৰিয়াৰ-
চিক্কাবল্লাপুৰত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেওঁ বাংগালুৰুলৈ গুচি যায় । তেওঁ ১৮৮১ চনত বাংগালুৰুৰ পৰা বি.এ আৰু তাৰ পিছত পুনেৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে । পঢ়া-শুনাৰ পিছত তেওঁ বম্বে প্ৰেচিডেন্সিৰ পি ডব্লিউ ডিত যোগদান কৰে । এইগৰাকী মহান ব্যক্তিৰ সন্মানতে প্ৰতিবছৰে ভাৰতত ১৫ ছেপ্টেম্বৰৰ দিনটোত অভিযন্তা দিৱস হিচাবে পালন কৰা হয় ।
লগতে পঢ়ক : বিশ্বৰ প্ৰথম এ আই মন্ত্ৰী… দুৰ্নীতি মোকাবিলা কৰাৰ দায়িত্ব দিলে এই দেশৰ চৰকাৰে