আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস… জানক এই দিৱসৰ গুৰুত্ব আৰু বিশেষত্ব

আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস

ভাৰতত প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰত অভিযন্তা দিৱস পালন কৰা হয় । এই দিনটোত মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্মদিন পালন কৰা হয় আৰু এইগৰাকী মহান ভাৰতীয়ৰ স্মৃতিতে পালন কৰা হয় এই অভিযন্তা দিৱস । তেওঁ ভাৰতৰ এনে এজন অভিযন্তা আছিল যিয়ে কম সম্পদেৰেই দেশৰ বাবে সেই সময়ত এছিয়াৰ আটাইতকৈ ডাঙৰ বান্ধ নিৰ্মাণ কৰিছিল । তেওঁৰ সামৰ্থ্য আৰু জ্ঞানেৰে ডাঙৰ ডাঙৰ ব্ৰিটিছ অভিযন্তাসকলক তেওঁৰ সামৰ্থ্য আৰু প্ৰতিভাক গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল ।

১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰত মহীশূৰত জন্মগ্ৰহণ কৰিছিল এম বিশ্বেশ্বৰায়ে । বিশ্বেশ্বৰয়াৰ শৈশৱ দৰিদ্ৰতাৰ বাবে কষ্টত পাৰ হৈছিল যদিও তেওঁ পঢ়া-শুনা আৰু প্ৰতিভাক গুৰুত্ব দিছিল, কাৰণ তেওঁ নিজৰ পৰিয়ালৰ জীৱনশৈলী উন্নত কৰিব বিচাৰিছিল । নিজৰ গাঁৱৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰি বাংগালুৰুৰ ‘কেন্দ্ৰীয় মহাবিদ্যালয়’ত নামভৰ্তি কৰাৰ ইচ্ছা কৰিছিল যদিও আৰ্থিক অৱস্থা ভাল নাছিল, সেয়েহে ল’ৰা-ছোৱালীক টিউচন পঢ়ুৱাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত মাচুল জমা দিয়ে । টিউচনৰ লগতে মহাবিদ্যালত অধ্যয়নো কৰি থাকে তেওঁ ।

বিশ্বেশ্বৰইয়ে ১৮৮১ চনত বি এ ডিগ্ৰী লাভ কৰে । ইয়াৰ পিছত চৰকাৰে সহায় কৰে আৰু তেওঁ অভিযান্ত্ৰিক অধ্যয়নৰ বাবে পুনেলৈ আহে । ইয়াত তেওঁ ‘বিজ্ঞান মহাবিদ্যালয়’ত নামভৰ্তি কৰে । ১৮৮৩ চনৰ এল চি ই আৰু এফ চি ই (বৰ্তমানৰ বি ই ডিগ্ৰী) পৰীক্ষাত তেওঁ প্ৰথম স্থান লাভ কৰে । ইয়াৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক নাচিকত সহকাৰী অভিযন্তা হিচাপে নিযুক্তি দিয়ে ।

ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ অভিযান্ত্ৰিকতাৰ প্ৰকৃত যাত্ৰা । বিশ্বেশ্বৰায় যেতিয়া সহকাৰী অভিযন্তা আছিল তেতিয়া দেশখন ব্ৰিটিছ শাসনৰ অধীনত আছিল । এনে পৰিস্থিতিত উচ্চ পদত নিযুক্তি পোৱা বিশ্বেশ্বৰায়াই নিজৰ সামৰ্থ্য আৰু বুদ্ধিমত্তাৰে ডাঙৰ ডাঙৰ ব্ৰিটিছ অভিযন্তাসকলক তেওঁৰ সামৰ্থ্য আৰু প্ৰতিভাক গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল ।

চিমেণ্ট নোহোৱাকৈ নিৰ্মাণ কৰিলে বান্ধ-

এই পদত থকা সময়ছোৱাত তেওঁ প্ৰতিটো ঘৰলৈ পানীৰ উৎসৰ পৰা পানী যোগানৰ ব্যৱস্থা কৰিছিল আৰু লেতেৰা পানীৰ নিষ্কাশনৰ বাবে নলাবোৰ উন্নত কৰিছিল । ১৯৩২ চনত তেওঁ ‘কৃষ্ণ ৰাজাসাগৰ’ বান্ধ নিৰ্মাণ প্ৰকল্পৰ মুখ্য অভিযন্তা আছিল । এই সময়ছোৱাত চিমেণ্ট নাছিল, তথাপিও তেওঁ অভিযন্তাসকলৰ সৈতে চিমেণ্টতকৈও মজবুত ‘মৰ্টাৰ’ প্ৰস্তুত কৰিছিল । এই বান্ধ আজিও কৰ্ণাটকত আছে । ১৯৫৫ চনত ভাৰতৰত্ন বঁটা লাভ কৰে তেওঁ । ১৯৬২ চনৰ ১২ এপ্ৰিলত ১০১ বছৰ বয়সত তেওঁৰ মৃত্যু হয় এইগৰাকী মহান অভিযন্তাৰ ।

অভিযন্তা দিৱস পালনৰ উদ্দেশ্য-

সন্মান আৰু প্ৰশংসা- অভিযন্তাসকলৰ সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা ।

যুৱ প্ৰজন্মক প্ৰেৰণা- ড° বিশ্বেশ্বৰায়ৰ জীৱন আৰু কৰ্মৰে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰা, যাতে তেওঁলোকে অভিযান্ত্ৰিক ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত হয় ।

উদ্ভাৱনক প্ৰসাৰ কৰা- অভিযান্ত্ৰিক ক্ষেত্ৰত উদ্ভাৱন আৰু সৃষ্টিশীলতাক উৎসাহিত কৰা, যিটো ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

সজাগতা- অভিযান্ত্ৰিকতাৰ গুৰুত্ব আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে সাধাৰণ জনতাক জ্ঞান দিয়া ।

লগতে পঢ়ক : ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায় আৰু অভিযন্তা দিৱসৰ কাহিনী; জানক কোন আছিল এই মহীৰূহ

ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায় আৰু অভিযন্তা দিৱসৰ কাহিনী; জানক কোন আছিল এই মহীৰূহ

ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায় আৰু অভিযন্তা দিৱসৰ কাহিনী

ভাৰতত প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস পালন কৰা হয় । এই দিৱস মহান অভিযন্তা, দূৰদৰ্শী পৰিকল্পনাকাৰী আৰু সমাজ সংস্কাৰক ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ স্মৃতিত উৎসৰ্গিত কৰা হৈছে । এজন অনন্য অভিযন্তা, বিজ্ঞানী আৰু সফল প্ৰশাসক হিচাপে তেওঁ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে সন্মানিত । ১৯৫৫ চনত তেওঁ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে ।

বিশ্বেশ্বৰায়ৰ জন্ম হৈছিল ১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰত কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাত । অনুশাসন, সততা আৰু দেশৰ প্ৰতি গভীৰ আছিল ভক্তি তেওঁৰ । ভাৰতীয় অভিযান্ত্ৰিকতাক নতুন দিশ প্ৰদান কৰাৰ লগতে আধুনিক ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ ।

উল্লেখযোগ্য অৱদান-

আধুনিক ভাৰত নিৰ্মাণৰ কামৰ বাবে ছাৰ বিশ্বেশ্বৰায় সদায়ে স্মৰণীয় হৈ থাকিব ।

-কৃষ্ণৰাজ সাগৰ বান্ধ নিৰ্মাণ

-হায়দৰাবাদত বান নিয়ন্ত্ৰণ আঁচনি

-স্বয়ংক্ৰিয় স্লুইচ গেটৰ উদ্ভাৱন

ইয়াৰ উপৰিও ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰ ৰাজ্যৰ দিৱান (মুখ্যমন্ত্ৰী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।

সন্মান আৰু উপাধি-

-১৯৫৫ চনত ভাৰতৰত্ন বঁটা লাভ কৰে

-ব্ৰিটিছ চৰকাৰৰ পৰা কেচিআইই (নাইট কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ইণ্ডিয়ান এম্পায়াৰ) উপাধি লাভ কৰে

-তেওঁক ইণ্ডিয়ান ইঞ্জিনিয়াৰিঙৰ “পিতামহ” বুলিও কোৱা হয়, যিটো জনপ্ৰিয় আৰু সন্মানজনক উপাধি

শিক্ষা আৰু কেৰিয়াৰ-

চিক্কাবল্লাপুৰত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেওঁ বাংগালুৰুলৈ গুচি যায় । তেওঁ ১৮৮১ চনত বাংগালুৰুৰ পৰা বি.এ আৰু তাৰ পিছত পুনেৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে । পঢ়া-শুনাৰ পিছত তেওঁ বম্বে প্ৰেচিডেন্সিৰ পি ডব্লিউ ডিত যোগদান কৰে । এইগৰাকী মহান ব্যক্তিৰ সন্মানতে প্ৰতিবছৰে ভাৰতত ১৫ ছেপ্টেম্বৰৰ দিনটোত অভিযন্তা দিৱস হিচাবে পালন কৰা হয় ।

লগতে পঢ়ক : বিশ্বৰ প্ৰথম এ আই মন্ত্ৰী… দুৰ্নীতি মোকাবিলা কৰাৰ দায়িত্ব দিলে এই দেশৰ চৰকাৰে