নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত
মংগল গ্ৰহত আৰু অধিক জীৱনৰ চিন আৱিষ্কাৰ হৈছে । নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে জেজিৰ’ ক্ৰেটাৰৰ ব্রাইট এঞ্জেল ফৰ্মেচন অঞ্চলত ৰাসায়নিক আৰু খনিজ উপস্থিতি ধৰা পেলাইছে । বিজ্ঞানীসকলে এইবোৰক বায় চিগনেচাৰ বুলি গণ্য কৰে । বায় চিগনেচাৰ হৈছে ভৌতিক, ৰাসায়নিক বা গাঁথনিগত চিন যিয়ে কোনো গ্ৰহত জীৱনৰ কাৰ্যকলাপৰ ইংগিত দিয়ে । এইবোৰ জীৱনৰ নিৰ্দিষ্ট প্ৰমাণ নহয় যদিও যদি এইবোৰ অণুজীৱৰ সৈতে জড়িত বুলি প্ৰমাণিত হয় তেন্তে ইতিহাসৰ এক ডাঙৰ আৱিষ্কাৰ হ’ব পাৰে ।
ব্ৰাইট এঞ্জেল ফৰ্মেচন হৈছে জেজিৰো ক্ৰেটাৰৰ এটা অঞ্চল যিটো মিহি দানাযুক্ত শিলেৰে ভৰি আছে । এই শিলবোৰ কোটি কোটি বছৰ আগতে বৈ যোৱা পানীৰ দ্বাৰা সৃষ্টি হৈছিল । ইয়াত ৰভাৰে আইৰণ অক্সাইড, ফছফৰাছ, চালফাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জৈৱিক কাৰ্বন আৱিষ্কাৰ কৰে, যিটো জীৱনৰ ভিত্তি । অনুসন্ধানত কেইবাটাও অনন্য বৈশিষ্ট্য পোহৰলৈ আহিছে । সৰু সৰু ঘূৰণীয়া দানা (পপি গুটি) আৰু দাগযুক্ত আৰ্হিত (লিওপাৰ্ড পেটাৰ্ণ) পোৱা খনিজ ভিভিএনাইট আৰু গ্ৰেইগাইট পৃথিৱীৰ পানী সমৃদ্ধ, কম উষ্ণতাৰ পৰিৱেশত গঠন হয় ।
অণুজীৱৰ অৱদান নে ভূতাত্ত্বিক প্ৰক্ৰিয়া-
আৱিষ্কাৰৰ দুটা সম্ভাৱনা আছে । প্ৰথমতে, এই খনিজ আৰু গঠনসমূহ কেৱল ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হ’ব পাৰে । দ্বিতীয়তে, কোটি কোটি বছৰৰ আগতে থকা অণুজীৱবোৰে হয়তো ইয়াৰ বাবে অৰিহণা যোগাইছে । চালফাৰ ভিত্তিক সংকেত সাধাৰণতে উচ্চ উষ্ণতাত গঠন হয়, কিন্তু ইয়াত উচ্চ উষ্ণতাৰ প্ৰমাণ পোৱা নগ’ল । এই দিশটোৱে অণুজীৱৰ ভূমিকাক সম্পূৰ্ণৰূপে নুই কৰা নাই ।
নমুনা ঘূৰাই অনা অভিযানৰ গুৰুত্ব-
পাৰ্চেভাৰেন্স ৰভাৰখনে ব্রাইট এঞ্জেলৰ চেফায়াৰ কেনিয়নৰ পৰা এটা মূল নমুনা সংগ্ৰহ কৰিছিল । এই নমুনা বৰ্তমান এটা সুৰক্ষিত নলীত সংৰক্ষণ কৰা হয় । বিজ্ঞানীসকলে ভৱিষ্যতে ইয়াক পৃথিৱীলৈ ঘূৰাই অনাৰ আশা কৰিছে উন্নত পৰীক্ষাগাৰত বিশ্লেষণৰ বাবে । ইয়াৰ ফলত কাৰ্বন আইছ’ট’প, খনিজ গঠন, মাইক্ৰ’ফ’চিলৰ দৰে লেখ-জোখ পৰীক্ষা কৰিব পৰা যাব ।
সম্ভৱপৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ-
গৱেষকসকলে কয় যে এই আৱিষ্কাৰ জীৱনৰ নিৰ্দিষ্ট প্ৰমাণ নহয়, বৰঞ্চ সম্ভাৱ্য বায় চিগনেচাৰ । এইটো এটা ডাঙৰ আৱিষ্কাৰ হ’ব পাৰে । পৃথিৱীত জীৱন কেনেকৈ আৰম্ভ হৈছিল আৰু বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত জীৱন আছে নে নাই সেই বিষয়ে বুজিবলৈ সহায় কৰিব ।
লগতে পঢ়ক : চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’; ২-৩ মিনিটৰ ভিতৰত ভঙা হাড় লাগিব জোৰা