বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই
মায়ানগৰীত মুম্বাইত তিনি দিন ধৰি অব্যাহত আছে ধাৰাষাৰ বৰষুণ । প্ৰৱল বৰষুণত মহানগৰীৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ‘ৰেড এলাৰ্ট’ জাৰি কৰি মহানগৰ আৰু কাষৰীয়া অঞ্চলত কোনো কোনো ঠাইত পুনৰ প্ৰবল বৰষুণ হ’ব পাৰে বুলি উল্লেখ কৰিছে । এই সতৰ্কবাণীৰ পিছতে পৌৰসভা (বি এম চি) প্ৰশাসনে বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে ।
একেৰাহে তৃতীয় দিনলৈ প্ৰচণ্ড বৰষুণে মায়ানগৰী মুম্বাই হিচাবে পৰিচিত মহানগৰীৰ বহু ঠাইত জুৰুলা কৰাৰ লগতে পথসমূহ পানীৰে ভৰি পৰিছে । আন্ধেৰী ছাবমেট্ৰ’ আৰু লোখণ্ডৱালা কমপ্লেক্সৰ দৰে নিম্নভূমি অঞ্চল বানপানীৰ ফলত যাতায়ত প্ৰভাৱিত হৈছে । মুম্বাইৰ লাইফলাইন বুলি গণ্য কৰা স্থানীয় ৰে’লবোৰ প্ৰায় ১০ মিনিট পলমকৈ চলিছে । অৱশ্যে কোনো সেৱা সম্পূৰ্ণৰূপে স্থগিত ৰখা হোৱা নাই । কেন্দ্ৰীয় ৰেলৱেৰ বন্দৰ লাইনত কিছু নিম্ন অঞ্চলত পানী জমা হোৱাৰ লগতে কুৰলা আৰু তিলক নগৰ ষ্টেচনৰ মাজত ট্ৰেক চেঞ্জিং পইণ্ট বিকল হোৱাৰ বাবে ক্ষতিগ্ৰস্ত হয় ।
একাংশ অঞ্চলত ইমানেই প্ৰবল বৰষুণ হয় যে গাড়ীৰ গতি মন্থৰ কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয় । শেহতীয়া বুলেটিনত আই এম ডিয়ে মুম্বাই, থানে আৰু ৰাইগড় জিলাৰ বাবে আগন্তুক দুদিনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৩.৩০ বজালৈকে বিগত ২৪ ঘণ্টাত ছান্টাক্ৰুজত ৯৯ মিলিমিটাৰ আৰু কোলাবাত ৩৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ।
আকাছা এয়াৰ আৰু ইণ্ডিগ’ৰ দৰে বিমান সংস্থাই যাত্ৰীসকলক অতিৰিক্ত সময়সহ বিমানবন্দৰলৈ ৰাওনা হ’বলৈ পৰামৰ্শ দিছে কাৰণ কিছুমান পথত যাতায়ত দেখা ব্যাহত হোৱা পৰিলক্ষিত হৈছে । পানী জমা হোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছে আন্ধেৰী ছাবমেট্ৰ’ । যান-বাহন আৰক্ষীয়ে জনোৱা মতে, এতিয়া ঠাকৰে দলং আৰু গোখলে দলঙৰ পৰা যান-বাহন আঁতৰাই দিয়া হৈছে ।
ভাকোলা দলং, হায়াত জংচন, খাৰ ছাবমেট্ৰ’ৰ দৰে অঞ্চলতো পানী জমা হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত যান-বাহনৰ চলাচল লেহেমীয়া হৈছে । ধাৰাবাহিক বৰষুণৰ পৰিপ্ৰেক্ষিতত পৌৰ নিগমে দুপৰীয়া ১২ বজাৰ পিছত শ্বিফট থকা বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰে ।
লগতে পঢ়ক : মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ… ভূমিস্খলনৰ ফলত ২ জনৰ মৃত্যু