ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৪৫ নম্বৰ মেচত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৫৪ ৰানত পৰাস্ত কৰে।
২৭ এপ্ৰিল(দেওবাৰ)ত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয় লাভৰ বাবে ২১৬ ৰানৰ লক্ষ্য লাভ কৰিছিল।
কিন্তু দলটোৰ আটাইকেইজন খেলুৱৈ ২০ অভাৰত ১৬১ ৰান কৰি আউট হয়।মুম্বাই ইণ্ডিয়ানছৰ হৈ বেগী বলাৰ যশপ্ৰীত বুমৰাহে ২২ ৰানত ৪টা উইকেট দখল কৰে।
২০২৫ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ এয়া আছিল একেৰাহে পঞ্চমটো জয়।পাঁচবাৰৰ আই পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ১০খন মেচৰ ৬ খনত জয় লাভ কৰি এতিয়া ১২ পইণ্টত আছে।
আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ১০খন মেচৰ ৫ খন জয়ৰ পৰা ১০ পইণ্টত আছে।চলিত ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ এয়া আছিল পঞ্চমটো পৰাজয়।
১৬ নং অভাৰত তিনিটা উইকেট দখল কৰি লক্ষ্ণৌ দলৰ বিশ্বাস ভাঙি দিয়ে বুমৰাহে।সেই অভাৰত বুমৰাহে ডেভিদ মিলাৰ (২৪), আব্দুল ছামাদ (২) আৰু আভেছ খান (০)ক আউট কৰে।