সংসদৰ বৰ্ষাকালীন অধিৱেশন
ভাৰত আৰু পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতি, অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত যুদ্ধবিৰতিৰ সন্দৰ্ভত বিতং আলোচনাৰ দাবীত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাই আহিছে । বিৰোধীৰ দাবীৰ মাজতে এতিয়া প্ৰকাশ পাইছে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ । ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন ।
সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ সন্দৰ্ভত এক প্ৰস্তাৱ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰিছে । তথ্য অনুসৰি চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱত ২১ জুলাইৰ পৰা ১২ আগষ্টৰ ভিতৰত এই অধিৱেশন আহ্বান কৰাৰ কথা উল্লেখ কৰা হৈছে । অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হ’ব বুলি ধাৰণা কৰা হৈছে । ইতিমধ্যে বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনত অপাৰেচন সিন্দুৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ দাবী জনাইছে ।
চৰকাৰে কয় যে আগন্তুক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত যদি বিৰোধীয়ে নিয়মৰ অধীনত আলোচনাৰ দাবী কৰে, তেন্তে আমি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ বিষয়ে আলোচনা কৰিবলৈ সাজু । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাঅভিযোগ অনাৰ প্ৰস্তুতি চলাইছে ।
লগতে পঢ়ক : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এতিয়াৰে পৰা জনা যাব কুলগুৰু নামেৰে