প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে পাতিলে কথা…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এক গুৰুত্বপূৰ্ণ টেলিফোন বাৰ্তালাপ কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বই এই কথা-বতৰাত গুৰুত্ব দিছে।
এই কথা-বতৰা এনে এটা সময়ত হৈছিল যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দ্বাৰা ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে।
এই পটভূমিত ভাৰত আৰু ৰাছিয়াৰ এই আলোচনা কেৱল দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ ইয়াক অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দিশতো এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে।
লগতে পঢ়ক: ভাৰতক সমৰ্থন চীনৰ: ট্ৰাম্পক একাশৰীয়া কৰি একত্ৰিত ভাৰত, চীন আৰু ৰাছিয়া
Post Views: 175