শীঘ্ৰেই ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব আইজল
ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’বলৈ সাজু হৈছে মিজোৰাম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰত মিজোৰামক এক ঐতিহাসিক উপহাৰ দিব । ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে বৈৰবি-ছৈৰাং ৰেলপথ উদ্বোধন কৰিব, যিয়ে ৰাজ্যখনৰ ৰাজধানী আইজলক প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰেল মানচিত্ৰৰ সৈতে সংযোগ কৰিব । এই তথ্য মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই প্ৰকাশ কৰিছে ।
মিজোৰাম আৰক্ষী সেৱা সন্থাৰ এখন সন্মিলনত মুখ্যমন্ত্রীগৰাকীয়ে ১২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আইজলত উপস্থিত হ’ব আৰু তাতেই নিশা থাকিব বুলি কয় ৷ পিছদিনা তেওঁ নতুন ৰেলপথ উদ্বোধন কৰিব । লালডুহোমাই কয় যে এই ভ্ৰমণৰ বিষয়ে তেওঁ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনা কৰিছে । ছাইৰাং ৰেলৱে ষ্টেচনক বিশ্বমানৰ সুবিধা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব আৰু ইয়াৰ পৰাই ৰাজধানী এক্সপ্ৰেছ সেৱাও চলিব ।
৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল প্ৰকল্পটো কেন্দ্ৰৰ এক্ট ইষ্ট পলিচিৰ অংশ, যাৰ লক্ষ্য উত্তৰ-পূবৰ সংযোগ আৰু অৰ্থনৈতিক সংহতি শক্তিশালী কৰা । এই নতুন লাইনে আইজলক অসমৰ শিলচৰলৈ আৰু তাৰ পৰা সমগ্ৰ দেশলৈ সংযোগ কৰিব । অভিযন্তাসকলে ইয়াক কাৰিকৰী আশ্চৰ্য্য বুলি অভিহিত কৰিছে । এই ৰেলপথত মুঠ ৪৮ টা সুৰংগ (১২.৮ কিলোমিটাৰ), ৫৫ টা ডাঙৰ আৰু ৮৭ টা সৰু দলং নিৰ্মাণ কৰা হৈছে । বিশেষ কথাটো হ’ল ১৯৬ নম্বৰ দলংখনৰ উচ্চতা ১০৪ মিটাৰ, যি দিল্লীৰ কুতুব মিনাৰতকৈও বেছি । এই প্ৰকল্পই মিজোৰামক দেশৰ মূলসুঁতিৰ সৈতে সংযোগ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য আৰু পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে