ভাৰতীয় ৰেলৱেই শীঘ্ৰেই আনিব এক বৃহৎ পৰিৱর্তন… যাত্ৰা সুৰক্ষিত কৰাৰ বাবে ঐতিহাসিক সিদ্ধান্ত

যাত্ৰা সুৰক্ষিত কৰাৰ বাবে ভাৰতীয় ৰেলৱেই শীঘ্ৰেই ল’ব এক ঐতিহাসিক সিদ্ধান্ত

ভাৰতীয় ৰেলৱেই তৎকাল টিকট বুকিং ব্যৱস্থাত নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। খুব সোনকালে সমগ্ৰ দেশৰ ৰিজাৰ্ভেচন কাউণ্টাৰসমূহত অ’টি’পি (OTP) ভিত্তিক তৎকাল বুকিং বাধ্যতামূলক হ’ব। ৰেলৱে ইতিমধ্যে পাইলট প্ৰকল্প আৰম্ভ কৰি চূড়ান্ত পৰ্যায়লৈ আগবাঢ়িছে ।

এই সুবিধাটো সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে অধিক সুবিধাজনক আৰু সুৰক্ষিত কৰি তুলিবলৈ ভাৰতীয় ৰেলৱেই অ’ টি পি ভিত্তিক তৎকাল ৰিজাৰ্ভেচনক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছিল। যিদৰে ব্যৱহাৰকাৰী প্ৰমাণীকৰণ বা বিভিন্ন লেনদেনৰ বাবে অ’ টি পি ভেৰিফিকেচন কৰা হয়, ৰে’লৱেয়ো তৎকাল ৰিজাৰ্ভেচন ফৰ্মত থকা ফোন নম্বৰলৈ অ’ টি পি প্ৰেৰণ কৰিব আৰু ভেৰিফিকেচনৰ পিছতহে টিকট নিশ্চিত কৰিব ।

চলিত বছৰৰ জুলাইত Online তৎকাল টিকট বুকিঙত আধাৰ-ভিত্তিক Authentication আৰম্ভ হয়।তাৰ পিছত ২০২৫ৰ অক্টোবৰ মাহত সাধাৰণ ৰিজাৰ্ভেচনতো OTP-ভিত্তিক অনলাইন প্ৰমাণীকৰণ প্ৰৱৰ্তন কৰা হয়। দুয়োটা পৰিৱর্তনেই যাত্ৰীসকলে ভালকৈ গ্রহণ কৰাৰ পিছতই, ৰেলৱে Offline Counter Booking-তো এই ব্যৱস্থা আনিবলৈ সিদ্ধান্ত লয় ।

১৭ নৱেম্বৰত ৰেলৱেই তৎকাল ৰিজাৰ্ভেচন কাউন্টাৰত OTP ভিত্তিক হিচাপত পাইলট প্ৰকল্প আৰম্ভ কৰে। এতিয়ালৈকে ৫২টা ৰেলৱে ষ্টেচনত এই ব্যৱস্থা সফলভাৱে কাম কৰি আছে ।

ৰেলৱেৰ সূত্ৰ অনুসৰি খুব সোনকালে দেশৰ বাকী সকলো ৰিজাৰ্ভেচন কাউণ্টাৰতো এই ব্যৱস্থা সম্পূৰ্ণৰূপে কার্যকৰী হ’ব ।

এই সুবিধা অনুসৰি তৎকাল সুবিধাৰ অপব্যৱহাৰ ৰোধ কৰা, দালাল-চক্রৰ পৰা সাধাৰণ লোকক মুক্তি দিয়া আৰু প্ৰকৃত যাত্ৰীসকলক অধিক স্বচ্ছ, সুৰক্ষিত আৰু নিৰ্বিঘ্নে টিকট বুকিঙৰ সুবিধা প্ৰদান কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য ।

এই নতুন নিয়মে তৎকাল বুকিঙক অধিক পৰিচ্ছন্ন, সুৰক্ষিত আৰু দালালমুক্ত কৰি তুলিব বুলি ৰেলৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ২০২৭ৰ লোকপিয়লত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী

শীঘ্ৰেই ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব মিজোৰাম; ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব বৈৰবি-ছৈৰাং ৰে’লপথ

শীঘ্ৰেই ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব আইজল

ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’বলৈ সাজু হৈছে মিজোৰাম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰত মিজোৰামক এক ঐতিহাসিক উপহাৰ দিব । ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে বৈৰবি-ছৈৰাং ৰেলপথ উদ্বোধন কৰিব, যিয়ে ৰাজ্যখনৰ ৰাজধানী আইজলক প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰেল মানচিত্ৰৰ সৈতে সংযোগ কৰিব । এই তথ্য মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই প্ৰকাশ কৰিছে ।

মিজোৰাম আৰক্ষী সেৱা সন্থাৰ এখন সন্মিলনত মুখ্যমন্ত্রীগৰাকীয়ে ১২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আইজলত উপস্থিত হ’ব আৰু তাতেই নিশা থাকিব বুলি কয় ৷ পিছদিনা তেওঁ নতুন ৰেলপথ উদ্বোধন কৰিব । লালডুহোমাই কয় যে এই ভ্ৰমণৰ বিষয়ে তেওঁ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনা কৰিছে । ছাইৰাং ৰেলৱে ষ্টেচনক বিশ্বমানৰ সুবিধা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব আৰু ইয়াৰ পৰাই ৰাজধানী এক্সপ্ৰেছ সেৱাও চলিব ।

৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল প্ৰকল্পটো কেন্দ্ৰৰ এক্ট ইষ্ট পলিচিৰ অংশ, যাৰ লক্ষ্য উত্তৰ-পূবৰ সংযোগ আৰু অৰ্থনৈতিক সংহতি শক্তিশালী কৰা । এই নতুন লাইনে আইজলক অসমৰ শিলচৰলৈ আৰু তাৰ পৰা সমগ্ৰ দেশলৈ সংযোগ কৰিব । অভিযন্তাসকলে ইয়াক কাৰিকৰী আশ্চৰ্য্য বুলি অভিহিত কৰিছে । এই ৰেলপথত মুঠ ৪৮ টা সুৰংগ (১২.৮ কিলোমিটাৰ), ৫৫ টা ডাঙৰ আৰু ৮৭ টা সৰু দলং নিৰ্মাণ কৰা হৈছে । বিশেষ কথাটো হ’ল ১৯৬ নম্বৰ দলংখনৰ উচ্চতা ১০৪ মিটাৰ, যি দিল্লীৰ কুতুব মিনাৰতকৈও বেছি । এই প্ৰকল্পই মিজোৰামক দেশৰ মূলসুঁতিৰ সৈতে সংযোগ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য আৰু পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে