শীৰ্ষ ৮ৰ পৰা বাহিৰ নন্দিনী গুপ্তা
২০২৫ বৰ্ষৰ মিছ ৱৰ্ল্ড খিতাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত ভাৰতৰ সুন্দৰী নন্দিনী গুপ্তা এতিয়া এই সন্মানীয় দৌৰৰ পৰা বাহিৰ হৈছে । নন্দিনীয়ে এছিয়া মহাদেশৰ শীৰ্ষ ২ গৰাকী প্ৰতিযোগীৰ তালিকাত স্থান লাভ কৰাত ব্যৰ্থ হয়, যাৰ বাবে তেওঁৰ মিছ ৱৰ্ল্ড হোৱাৰ সপোন পূৰণ নহ’ল । ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় নন্দিনী গুপ্তাই । নিজৰ আত্মবিশ্বাস, ব্যক্তিত্ব আৰু সামাজিক বিষয়ৰ বুজাবুজিৰে বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছিল তেওঁ । নন্দিনীৰ হাঁহি আৰু বুদ্ধিমত্তাই তেওঁক ভিৰৰ মাজৰ পৰা আঁতৰাই ৰাখিছিল । কিন্তু প্ৰতিযোগিতাৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত তেওঁ শীৰ্ষ ২ ৰ ভিতৰত স্থান লাভ কৰাত ব্যৰ্থ হয় ।
এই মুহূৰ্তটো নন্দিনী আৰু তেওঁৰ অনুৰাগী সকলোৰে বাবে আৱেগিক । যদিও নন্দিনীয়ে মুকুট লাভত ব্যৰ্থ হয়, তথাপিও তেওঁ নিশ্চিতভাৱে বিশ্বক ভাৰতৰ প্ৰতিভা আৰু সংস্কৃতিৰ আভাস দেখুৱাবলৈ সক্ষম হয় । ছচিয়েল মিডিয়াত নন্দিনীৰ সমৰ্থনত বহু পোষ্ট আহি আছে । অনুৰাগীয়ে কৈছে যে “তেওঁ হয়তো খিতাপ লাভ কৰা নাই, কিন্তু নন্দিনী আমাৰ হৃদয়ত আছে ।”
উল্লেখ্য যে নন্দিনী গুপ্তাৰ জন্ম হৈছিল ২০০৩ চনৰ ১৩ ছেপ্টেম্বৰত ৰাজস্থানৰ কোটা চহৰত । কোটাৰ ছেইণ্ট পল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে তেওঁ । বৰ্তমান তেওঁ মুম্বাইৰ লালা লাজপত ৰায় কলেজৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি আছে । ২০২৩ চনত ফেমিনা মিছ ৰাজস্থানৰ খিতাপ লাভ কৰে তেওঁ । সেই বছৰতে নন্দিনীয়ে ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপো লাভ কৰে ।
লগতে পঢ়ক : বলীউডত প্ৰৱেশ অনন্যা পাণ্ডেৰ ভাতৃ আহানৰ; মুকলি হ’ল টিজাৰ