অপাৰেচন সিন্দুৰ স্থগিত ৰখাৰ পিছত এতিয়া চৰকাৰে কূটনীতি আৰু অন্যান্য ফ্ৰণ্টত দেশৰ কণ্ঠস্বৰ হৈ অহা সেই মুখবোৰৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ভাৰতীয় কূটনীতিৰ চাণক্য বুলি অভিহিত এছ জয়শংকৰৰ দিল্লী বাসগৃহৰ আশে-পাশে থকা সুৰক্ষা ঘেৰা আৰু অধিক কটকটীয়া কৰা হৈছে ।
গৃহ মন্ত্ৰালয়ে এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত বুলেটপ্ৰুফ বাহন অন্তৰ্ভুক্ত কৰিছে । এতিয়া বুলেটপ্ৰুফ গাড়ীৰে যাত্ৰা কৰিব বৈদেশিক মন্ত্ৰীগৰাকীয়ে । অৱশ্যে এই সিদ্ধান্ত সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই গৃহ মন্ত্ৰালয়ে । গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বৈদেশিক মন্ত্ৰীগৰাকীৰ বাসগৃহৰ নিৰাপত্তাৰ আৱৰণ বৃদ্ধি কৰাৰ সমান্তৰালকৈ তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এখন বিশেষ বুলেটপ্ৰুফ বাহন অন্তৰ্ভুক্ত কৰা হৈছে ।
উল্লেখ্য যে এছ জয়শংকৰৰ ইতিমধ্যে জেড কেটেগৰী ছিকিউৰিটি আছে । বৈদেশিক মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কমাণ্ডো । ৩৩ চি আৰ পি এফ কমাণ্ডোৱে নিৰাপত্তা প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক । এতিয়া গৃহ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা কভাৰ আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে ।
বৃদ্ধি পালে বৈদেশিক সচিবৰো নিৰাপত্তা-
বৈদেশিক মন্ত্ৰীৰ নিৰাপত্তাৰ আৱৰণ বৃদ্ধিৰ সমান্তৰালকৈ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে । খবৰ অনুসৰি, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ উপৰিও কমেও দুইডজন ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ নিৰাপত্তা সম্পৰ্কে চৰকাৰে পুনৰীক্ষণ কৰি আছে । নিৰাপত্তাৰ পর্যালোচনা চলি থকা নেতাসকলৰ ভিতৰত আছে কেইবাজনো কেন্দ্রীয় মন্ত্রী, দিল্লীৰ মুখ্যমন্ত্রী আৰু সাংসদ ৷