বৃদ্ধি কৰা হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা… এতিয়া বুলেটপ্ৰুফ গাড়ীত কৰিব যাত্ৰা

অপাৰেচন সিন্দুৰ স্থগিত ৰখাৰ পিছত এতিয়া চৰকাৰে কূটনীতি আৰু অন্যান্য ফ্ৰণ্টত দেশৰ কণ্ঠস্বৰ হৈ অহা সেই মুখবোৰৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ভাৰতীয় কূটনীতিৰ চাণক্য বুলি অভিহিত এছ জয়শংকৰৰ দিল্লী বাসগৃহৰ আশে-পাশে থকা সুৰক্ষা ঘেৰা আৰু অধিক কটকটীয়া কৰা হৈছে ।

গৃহ মন্ত্ৰালয়ে এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত বুলেটপ্ৰুফ বাহন অন্তৰ্ভুক্ত কৰিছে । এতিয়া বুলেটপ্ৰুফ গাড়ীৰে যাত্ৰা কৰিব বৈদেশিক মন্ত্ৰীগৰাকীয়ে । অৱশ্যে এই সিদ্ধান্ত সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই গৃহ মন্ত্ৰালয়ে । গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বৈদেশিক মন্ত্ৰীগৰাকীৰ বাসগৃহৰ নিৰাপত্তাৰ আৱৰণ বৃদ্ধি কৰাৰ সমান্তৰালকৈ তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এখন বিশেষ বুলেটপ্ৰুফ বাহন অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে এছ জয়শংকৰৰ ইতিমধ্যে জেড কেটেগৰী ছিকিউৰিটি আছে । বৈদেশিক মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কমাণ্ডো । ৩৩ চি আৰ পি এফ কমাণ্ডোৱে নিৰাপত্তা প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক । এতিয়া গৃহ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা কভাৰ আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে ।

বৃদ্ধি পালে বৈদেশিক সচিবৰো নিৰাপত্তা-

বৈদেশিক মন্ত্ৰীৰ নিৰাপত্তাৰ আৱৰণ বৃদ্ধিৰ সমান্তৰালকৈ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে । খবৰ অনুসৰি, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ উপৰিও কমেও দুইডজন ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ নিৰাপত্তা সম্পৰ্কে চৰকাৰে পুনৰীক্ষণ কৰি আছে । নিৰাপত্তাৰ পর্যালোচনা চলি থকা নেতাসকলৰ ভিতৰত আছে কেইবাজনো কেন্দ্রীয় মন্ত্রী, দিল্লীৰ মুখ্যমন্ত্রী আৰু সাংসদ ৷

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডত বৃহৎ পৰিৱৰ্তন মোদী চৰকাৰৰ…

পাকিস্তানৰ সৈতে চলি থকা উত্তেজনাৰ মাজতে মোদী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড (NSAB)ত ব্যাপক পৰিৱৰ্তন সাধন কৰিছে । এই উল্লেখযোগ্য পদক্ষেপত ৰিচাৰ্ছ এণ্ড এনালাইছিছ উইঙ তথা ৰ’ৰ (RAW) প্ৰাক্তন মুৰব্বী আলোক যোশীক ব’ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । এই নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

NSABৰ পুনৰ ৰূপ-

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডত এতিয়া বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞকে ধৰি সাতজন সদস্য থাকিব । এই ব’ৰ্ডত সামৰিক পটভূমিৰ তিনিজন অৱসৰপ্ৰাপ্ত বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) অৱসৰপ্ৰাপ্ত বিষয়া আৰু এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় বিদেশ সেৱাৰ বিষয়া আছে । এই গাঁথনিয়ে প্ৰতিৰক্ষা, চোৰাংচোৱা আৰু কূটনীতিৰ ক্ষেত্ৰত সুষম দৃষ্টিভংগী নিশ্চিত কৰিব ।

কিয় গুৰুত্বপূৰ্ণ আলোক যোশীৰ নিযুক্তি ?

আলোক যোশীৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতা আছে । ২০১২ চনৰ পৰা ২০১৪ চনলৈ ৰ’ৰ মুৰব্বী আৰু ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে এন টি আৰ অ’ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে চুবুৰীয়া দেশ বিশেষকৈ নেপাল আৰু পাকিস্তানত চোৰাংচোৱা অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এন এছ এ বিক অধিক ফলপ্ৰসূ কৰি তুলিব বিচৰা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত তেওঁৰ এই নিযুক্তিক কৌশলগত পদক্ষেপ হিচাপে দেখা গৈছে ।

যোশীৰ নেতৃত্বত ব’ৰ্ডে চাইবাৰ নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী কৌশল আৰু আঞ্চলিক ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে । বিশেষকৈ এন টি আৰ অ’ৰ সময়ত চাইবাৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাত তেওঁৰ কাৰিকৰী বিশেষজ্ঞতাই ব’ৰ্ডক আধুনিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব ।

ব’ৰ্ডৰ সদস্যসকল-

আলোক যোশী (অধ্যক্ষ) : RAW ৰ প্ৰাক্তন মুৰব্বী আৰু ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থা (NTRO)ৰ অধ্যক্ষ । যোশী ১৯৭৬ চনৰ বেটচৰ হাৰিয়ানা কেডাৰৰ আই পি এছ বিষয়া আৰু নেপাল আৰু পাকিস্তানত চোৰাংচোৱা অভিযানৰ বিস্তৃত অভিজ্ঞতা আছে তেওঁৰ । তেওঁৰ এই নিযুক্তি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক ডাঙৰ পদক্ষেপ বুলি বিবেচিত হৈছে ।

লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) এ কে সিং : দক্ষিণ সেনাবাহিনীৰ প্ৰাক্তন অধিনায়ক, যাৰ সামৰিক কৌশল আৰু অভিযানৰ বিপুল অভিজ্ঞতা আছে ।

এয়াৰ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) পি এম সিনহা : প্ৰাক্তন পশ্চিম এয়াৰ কমাণ্ডাৰ, বায়ুসেনাৰ অভিযান আৰু কৌশলৰ বিশেষজ্ঞ ।

ৰিয়াৰ এডমিৰেল (অৱসৰপ্ৰাপ্ত) মন্টি খান্না : সামুদ্ৰিক নিৰাপত্তা আৰু কৌশলৰ গভীৰ অভিজ্ঞতা থকা অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া ।

ৰাজীৱ ৰঞ্জন বাৰ্মা : আভ্যন্তৰীণ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ।

মনমোহন সিং: নিৰাপত্তা আৰু চোৰাংচোৱা খণ্ডলৈ অৱদানৰ বাবে পৰিচিত ভাৰতীয় আৰক্ষী সেৱাৰ আন এজন অৱসৰপ্ৰাপ্ত বিষয়া ।

বি ভেংকটেশ বাৰ্মা : ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিশেষজ্ঞ ।

এন এছ এবিৰ গুৰুত্ব-

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাপনা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ । এই ব’ৰ্ডে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ (এন এছ চি)ক দীৰ্ঘম্যাদী বিশ্লেষণ আৰু পৰামৰ্শ প্ৰদান কৰে । ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত প্ৰথম NSAB গঠন হৈছিল । তেতিয়াৰ পৰাই ই ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । মাহত অন্ততঃ এবাৰ ব’ৰ্ডৰ বৈঠক হয় । প্ৰয়োজন অনুসৰি নীতিগত বিষয়সমূহৰ ওপৰত পৰামৰ্শ দিয়ে ।